গংগা এক্সপ্ৰেছৱেত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ; ছয়জনৰ মৃত্যু

গংগা এক্সপ্ৰেছৱেত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ; ছয়জনৰ মৃত্যু

গংগা এক্সপ্ৰেছৱেত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ সম্ভলৰ গংগা এক্সপ্ৰেছৱে’ত এক ভয়ংকৰ পথা দুৰ্ঘটনা সংঘটিত হৈছে।দুৰ্ঘটনাটোৰ ফলত ৬ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। তথ্য অনুসৰি গংগা এক্সপ্ৰেছৱেত তীব্ৰবেগী আহি থকা অল্ট’ বাহন আৰু এখন পিকআপ ভানৰ মাজত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটো

গংগা এক্সপ্ৰেছৱেত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ

সম্ভলৰ গংগা এক্সপ্ৰেছৱে’ত এক ভয়ংকৰ পথা দুৰ্ঘটনা সংঘটিত হৈছে।দুৰ্ঘটনাটোৰ ফলত ৬ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়।

তথ্য অনুসৰি গংগা এক্সপ্ৰেছৱেত তীব্ৰবেগী আহি থকা অল্ট’  বাহন আৰু এখন পিকআপ ভানৰ মাজত মুখামুখি সংঘৰ্ষ হয়।  

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে পিকআপখনৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে ভাঙি যোৱাৰ লগতে অল্ট’  বাহনখন সম্পূৰ্ণৰূপে ধ্বংস হয়।

দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান চনাই। আহতসকলক চিকিৎসালয়লৈ নিয়াৰ বিপৰীতে মৃতদেহক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।কুঁৱলীৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে।

লগতে পঢ়ক: সুউচ্চ অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড; মৃত্যুৰ সংখ্যা ৪৪লৈ বৃদ্ধি