সুউচ্চ অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড
বুধবাৰে বিয়লি হংকঙৰ টাইপোৰ এটা বৃহৎ আৱাসিক কমপ্লেক্সত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ বিশ্বক জোঁকাৰি গৈছে । ২০০০ ফ্লেটৰ আৱাসিক কমপ্লেক্স ৱাং ফুক ক’ৰ্টত সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডই কেইবাটাও সুউচ্চ অট্টালিকা আগুৰি ধৰে । ঘটনাৰ পিছতে মাইলৰ পিছত মাইল জুৰি ধোঁৱাৰ ক’লা ডাৱৰ দেখা যায় । এই ঘটনাই ব্যাপক আতংকৰ সৃষ্টি কৰিছে । এই পৰ্যন্ত ঘটনাত ৪৪ জন লোকৰ মৃত্যু হৈছে আৰু ৩০০ জন লোক নিৰুদ্দেশ হৈছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে উদ্ধাৰ অভিযান অব্যাহত আছে ।
প্ৰকাশিত বাতৰি অনুসৰি দুপৰীয়া, স্থানীয় সময় অনুসৰি প্ৰায় ২:৫১ বজাত এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ লগে লগে ৩১ মহলীয়া টাৱাৰটোৰ কেইবাটাও মহলালৈ জুই দ্ৰুতগতিত বিয়পি পৰে । পৰিস্থিতিৰ ভয়াৱহতাক লক্ষ্য কৰি অগ্নিনিৰ্বাপক সেৱা বিভাগে ইয়াক “লেভেল ৫ এলাৰ্ম ফায়াৰ” বুলি ঘোষণা কৰে, যিটো হংকঙৰ আটাইতকৈ গুৰুতৰ শ্ৰেণীৰ অগ্নিকাণ্ডৰ ঘটনা হিচাবে ধৰা হয় ।
হংকং চৰকাৰ আৰু অগ্নিনিৰ্বাপক সেৱা বিভাগে জনাইছে যে কিছু লোক এতিয়াও সুউচ্চ অট্টালিকাৰ ভিতৰত আবদ্ধ হৈ থাকিব পাৰে যদিও এতিয়াও চৰকাৰীভাৱে সংখ্যা প্ৰকাশ কৰা সম্ভৱ নহয় । ধোঁৱা, উচ্চতা আৰু ঠেক চিৰি উদ্ধাৰকাৰীসকলৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিছে ।
ঘটনাস্থলীত ৭০০ৰো অধিক অগ্নিনিৰ্বাপক বাহিনী-
ঘটনাস্থলীত ৭০০ৰো অধিক অগ্নিনিৰ্বাপক বাহিনীয়ে অবিৰতভাৱে জুই নিৰ্বাপন আৰু আৱদ্ধ হৈ পৰা লোকক উদ্ধাৰৰ বাবে কাম কৰি আছে । বহু স্থানত হাইড্ৰলিক জখলা ব্যৱহাৰ কৰি ওখ মহলাৰ পৰা পানী চটিওৱা হৈছে । লাইভ ফুটেজত দেখা গৈছে যে তীব্ৰ জুইৰ শিখা আৰু ঘন ধোঁৱাৰ মাজতো উদ্ধাৰ কৰ্মীয়ে নিজৰ জীৱনকো তুচ্ছ কৰি প্ৰৱেশ কৰিছে ।
লগতে পঢ়ক : হোৱাইট হাউচত হাহাকাৰ… গুলীচালনাৰ ঘটনাত আহত তিনিজন









