‘মই নাস্তিক, মোৰ সম্প্ৰদায় ভাৰতীয়’; জাভেদ আখতাৰৰ প্ৰত্যুত্তৰ

জাভেদ আখতাৰৰ এটা পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। এটা পোষ্টৰ বাবে তেওঁক বহুলোকে ট্ৰ’ল কৰি আছে। এতিয়া জাভেদ আখতাৰে তাৰ প্ৰত্যুত্তৰ দিছে।

জাভেদ আখতাৰ ভাৰতীয় চিনেমাৰ এজন প্ৰসিদ্ধ লেখক, কবি আৰু গীতিকাৰ। তেওঁ প্ৰায়েই সামাজিক, ৰাজনৈতিক আৰু ধৰ্মীয় বিষয়ত মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰে।গীতিকাৰ জাভেদ আখতাৰ স্পষ্টবাদী আৰু নিৰ্ভয়ে নিজৰ মতামত প্ৰকাশ কৰাৰ বাবে পৰিচিত। ট্ৰ’ল কৰা লোকসকলক উত্তৰ দিবলৈকো তেওঁ কেতিয়াও পিছহুহকি নাযায়। এতিয়া তেওঁ আকৌ এবাৰ নিজৰ উত্তৰেৰে সমালোচক সকলৰ মুখ বন্ধ কৰি দিছে।

জাভেদ আখতাৰে বিগত বহু বছৰ ধৰি মুকলিকৈ কৈ আহিছে যে তেওঁ এজন নাস্তিক। কিন্তু তথাপিও বহু সময়ত ধৰ্মক লৈ তেওঁক লক্ষ্য কৰি লোৱা হয়। শেহতীয়াকৈ এজন ব্যৱহাৰকাৰীয়ে ধৰ্মক লৈ তেওঁক কটাক্ষ কৰিছিল, যাৰ তেওঁ এক উচিত প্ৰত্যুত্তৰ দিয়ে।

শেহতীয়াকৈ জাভেদ আখতাৰে নিজৰ এটা পোষ্টত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এটা ৰাজনৈতিক মন্তব্য কৰিছিল। কিন্তু তেওঁৰ এই মন্তব্যৰ মাজতে এজন ব্যৱহাৰকাৰীয়ে জোৰকৈ ইছলাম ধৰ্মক টানি আনি তেওঁক আক্ৰমণ কৰাৰ চেষ্টা কৰে।

এজন এক্স ব্যৱহাৰকাৰীয়ে ড’নাল্ড ট্ৰাম্পৰ ওপৰত কৰা জাভেদ আখতাৰৰ টুইটটোত মন্তব্য কৰি ধৰ্মৰ নামত তেওঁক লক্ষ্য কৰি লয়। ব্যৱহাৰকাৰীজনে জাভেদ আখতাৰৰ পোষ্টটোত লিখিছিল— “ছাৰ, এটা শ্বেৰ আপোনাৰ সম্প্ৰদায়ৰ মিছাৰ বাবেও আছে… আমি জানো স্বৰ্গৰ প্ৰকৃত সত্য কি, কিন্তু মনক বুজাবলৈ এই ভাবটোৱেই ভাল।”

ব্যৱহাৰকাৰীজনৰ এই কটাক্ষৰ জাভেদ আখতাৰে অতি সুন্দৰ উত্তৰ দিয়ে। জাভেদ আখতাৰে ব্যৱহাৰকাৰীজনক এইটোও মনত পেলাই দিয়ে যে তেওঁ এজন নাস্তিক। তেওঁ নিজক কোনো ধৰ্মৰ সৈতে সাঙুৰি নলয়। জাভেদ আখতাৰে উত্তৰত লিখিছিল:

“যদি তোমাৰ সৰু আৰু কম বিকশিত মগজুটোৱে এই সত্যটো বুজি পালেহেঁতেন যে মই এজন নাস্তিক সম্ভৱতঃ তুমি এই শব্দটোৰ সৈতে পৰিচিত নহয়। ইয়াৰ অৰ্থ হ’ল সেইজন ব্যক্তি যিয়ে কোনো ধৰ্মকে বিশ্বাস নকৰে। মোক মোৰ সম্প্ৰদায়ৰ বিষয়ে নকবা। মোৰ সম্প্ৰদায় হ’ল সকলো ভাৰতীয়, য’ত তুমিও অন্তৰ্ভুক্ত।” জাভেদ আখতাৰৰ এই উত্তৰে তেওঁৰ অনুৰাগীসকলক আপ্লুত কৰি তুলিছে।

লগতে পঢ়ক: শেষ হ’ল ধনুশ আৰু মৃণাল ঠাকুৰৰ গোপন প্ৰেমৰ সম্পৰ্ক!

‘এইবাৰ আমেৰিকা আৰু ইজৰাইলে সীমা অতিক্ৰম কৰিলে’; খেমেইনীৰ মৃত্যুত জাভেদ আখতাৰৰ প্ৰথম প্ৰতিক্ৰিয়া

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনীৰ মৃত্যুৰ পিছতেই গীতিকাৰ জাভেদ আখতাৰৰ এটা ডাঙৰ বক্তব্য পোহৰলৈ আহিছে। তেওঁ কয় যে, এইবাৰ সকলো সীমা পাৰ কৰিছে।

আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধ অব্যাহত আছে।সমগ্ৰ মধ্যপ্ৰাচ্যতে যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।আমেৰিকা-ইজৰাইলৰ আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনীৰ মৃত্যু হয়।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক লক্ষ্য কৰি দিয়া জাভেদ আখতাৰৰ প্ৰতিক্ৰিয়া পোহৰলৈ আহিছে। তেওঁ কয় দুয়োজনেই এইবাৰ সীমা অতিক্ৰম কৰিছে।দুয়োখন দেশে গুণ্ডাৰ দৰে আনক হাৰাশাস্তি কৰিছে যে তেওঁলোকৰ হাতত নিৰ্ণায়ক ব্যৱস্থাৰ বাহিৰে আন কোনো বিকল্প বাকী নাই।

জাভেদ আখতাৰে ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণৰ ক্ষেত্ৰত চীনৰ মৌনতা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে।তেওঁ কয় যে,’যদি তেওঁলোকক এনে সাহস দেখুৱাই থাকিবলৈ আৰু ইৰাণক ইৰাকৰ দৰে ব্যৱহাৰ কৰিবলৈ দিয়া হয় তেন্তে বিশ্বত চীনে নিজৰ বিশ্বাসযোগ্যতা হেৰুৱাব।

জাভেদ আখতাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি লিখিছে, মই ভাবো এইবাৰ ট্ৰাম্প আৰু ইজৰাইলে সীমা অতিক্ৰম কৰিছে,কাৰণ যদি তেওঁলোকক এই সাহস অব্যাহত ৰাখিবলৈ দিয়া হয় আৰু ইৰানক ইৰাকৰ দৰে ব্যৱহাৰ কৰিবলৈ দিয়া হয়, তেন্তে চীনে বিশ্বৰ সকলো বিশ্বাসযোগ্যতা হেৰুৱাব।

নেতানিয়াহু আৰু ট্ৰাম্পে আন সকলো গুণ্ডাৰ দৰে, বেলেগকক ইমানেই অশান্তি দিছে যে তেওঁলোকৰ হাতত নিৰ্ণায়ক পদক্ষেপ লোৱাৰ বাহিৰে আন উপায় নাই।

লগতে পঢ়ক: কাৰাগাৰৰ পৰা ওলাই আহি ৰাজপাল যাদৱে আৰম্ভ কৰিছে নতুন ইনিংছ;  খুলিলে ইউটিউব চেনেল

‘এইটো ভাল খবৰ’; বাংলাদেশত জামাত ইছলামীৰ পৰাজয়ত সুখী জাভেদ আখতাৰ…

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান এতিয়া দেশৰ নতুন প্ৰধানমন্ত্ৰী হ’বলৈ গৈ আছে। ইয়াকে লৈ এতিয়া বলীউডৰ বিখ্যাত গীতিকাৰ জাভেদ আখতাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে।

২০২৬ চনৰ বাংলাদেশৰ সংসদীয় নিৰ্বাচনৰ ফলাফলে শিৰোনাম দখল কৰিছে।এইবাৰ জামাত-ই-ইছলামীয়ে এতিয়ালৈকে প্ৰায় ৬৮খন আসন লাভ কৰে,কিন্তু বিএনপিয়ে বৃহৎ  জয় নিশ্চিত কৰি জামাত পাৰ্টিক পৰাস্ত কৰে।

বাংলাদেশত এতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান দেশৰ নতুন প্ৰধানমন্ত্ৰী হ’বলৈ গৈ আছে।এতিয়া এই সন্দৰ্ভত বলীউডৰ প্ৰখ্যাত গীতিকাৰ জাভেদ আখতাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

জামাতৰ পৰাজয়ক লৈ সুখ প্ৰকাশ কৰি জাভেদ আখতাৰে টুইট কৰি কয়,‘বাংলাদেশৰ জামাত-ই-ইছলামী, যিটো তাৰ সোঁপন্থী মতাদৰ্শৰ মূল উৎস আৰু দেশখনত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে দায়ী বুলি গণ্য কৰা হয়,নিৰ্বাচনত বেয়াকৈ পৰাস্ত হৈছে।ইয়াৰ অৰ্থ হৈছে অধিকাংশ বাংলাদেশী জনতা জামাতৰ সংখ্যালঘুৰ বিৰুদ্ধে সাম্প্ৰদায়িক পক্ষপাতিত্ব স্বীকাৰ নকৰে। সেইটো ভাল খবৰ’।

৬০ বছৰীয়া তাৰিক ৰহমানে ১৭ বছৰ নিৰ্বাসনৰ অন্তত ২০২৫ চনৰ ডিচেম্বৰ মাহত লণ্ডনৰ পৰা বাংলাদেশলৈ উভতি আহিছিল।মাতৃ খালেদা জিয়াৰ মৃত্যুৰ পিছত তেওঁ বিএনপিৰ অধ্যক্ষ হয়।

লগতে পঢ়ক: জে’লতে থাকিব লাগিব নেকি ৰাজপাল যাদৱ ?  ১৬ ফেব্ৰুৱাৰীলৈ স্থগিত শুনানি

জাভেদ আখতাৰৰ ভুৱা এআই ভিডিঅ’ ভাইৰেল; আইনী ব্যৱস্থাৰ ভাবুকি

প্ৰবীণ লেখক তথা গীতিকাৰ জাভেদ আখতাৰৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। য’ত তেওঁ আল্লাহৰ পথেৰে গৈছে বুলি কৈছে।

প্ৰখ্যাত গীতিকাৰ তথা সাহিত্যিক জাভেদ আখতাৰক লৈ এটা ভিডিঅ’ই চৰ্চা লাভ কৰিছে।য’ত তেওঁ আল্লাহৰ আশ্ৰয় লৈছে বুলি দাবী কৰা হৈছে।

অৱশ্যে এই ভিডিঅ’টো আছিল ভুৱা। এই কথা খোদ জাভেদ আখতাৰে প্ৰকাশ কৰিছে।গীতিকাৰগৰাকীয়ে এই কথাক তীব্ৰ গৰিহণা দিছে।লগতে আইনী ব্যৱস্থা গ্ৰহণৰ সকীয়নিও দিছে।

ভাইৰেল ক্লিপটোত জাভেদ আখতাৰৰ কম্পিউটাৰ জেনেৰেটেড ফটো দেখিবলৈ পোৱা গৈছে।তেওঁৰ মূৰত টুপী আছে আৰু তেওঁ কয় যে মই আল্লাহৰ পথেৰে গীতিকাৰগৰাকীয়ে এই কথা স্পষ্টভাৱে অস্বীকাৰ কৰিছে।এই সমগ্ৰ বিষয়টোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গীতিকাৰজনে এক্সত এটা পোষ্ট লিখিছে।

তেওঁ লিখিছে যে, মোৰ ভুৱা কম্পিউটাৰ জেনেৰেটেড ফটো থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।ভিডিঅ’টোৰ মুৰত এটা টুপী আছে।’

‘য’ত দাবী কৰিছে যে,অৱশেষত মই আল্লাহৰ পথলৈ ওলাই আহিছো।এইটো সম্পূৰ্ণ আজে বাজে কথা।এই বিষয়ে চাইবাৰ পুলিচক খবৰ দিয়াৰ কথা ভাবিছোঁ।’

‘যাতে মোৰ ভুৱা ভিডিঅ’ প্ৰস্তুত কৰা সকল আৰু ইয়াক শ্বেয়াৰ কৰা ব্যক্তিজনক আদালতলৈ নিব পাৰো।কাৰণ তেওঁলোকে মোৰ সুনাম আৰু বিশ্বাসযোগ্যতাক ক্ষতিগ্ৰস্ত কৰিছে’।

লগতে পঢ়ক:‘তেওঁ এটা অনুভৱ আছিল’; ধৰ্মেন্দ্ৰক স্মৰণ কৰি উচুপি উঠিল অমিতাভ বচ্চন

‘মই পৰ্দা প্ৰথা বিৰোধী,কিন্তু নীতিশ কুমাৰৰ আচৰণ ভুল, ক্ষমা খুজিব লাগে…’; জাভেদ আখতাৰৰ বিস্ফোৰক মন্তব্য

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ হিজাব বিতৰ্কক লৈ চৰ্চা অব্যাহত আছে। এইবাৰ এই বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গীতিকাৰ জাভেদ আখতাৰে।

বৰ্তমান সময়ত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ হিজাব বিতৰ্ক তুংগত উঠিছে। এটা অনুষ্ঠানত নীতিশ কুমাৰে এগৰাকী মহিলা চিকিৎসকৰ মুখৰ পৰা বোৰ্খা আঁতৰাবলৈ চেষ্টা কৰিছিল।

বহু চেলিব্ৰিটিয়ে এই সন্দৰ্ভত নিজৰ ক্ষোভ প্ৰকাশ কৰিছে,এতিয়া বিশিষ্ট কবি তথা গীতিকাৰ জাভেদ আখতাৰেও এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বিশিষ্ট গীতিকাৰ গৰাকীয়ে এই প্ৰতিক্ৰিয়া সেই সময়ত প্ৰকাশ কৰিছে যেতিয়া বিহাৰৰ মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি বোৰ্খা সন্দৰ্ভত তেওঁৰ বক্তব্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

জাভেদ আখতাৰে এক্সত পোষ্ট কৰি নিজৰ মতামত প্ৰকাশ কৰে।নীতিশ কুমাৰৰ এই কাৰ্যক গৰিহণা দি তেওঁ লিখিছে- যিসকলে মোক অলপো চিনি পায়…আৰু তেওঁলোকে জানে মই পৰ্দা প্ৰথাৰ পৰম্পৰাগত ধাৰণাটোৰ কিমান বিৰোধী।

কিন্তু ইয়াৰ অৰ্থ এইটো একেবাৰেই নহয় যে মই মুখ্যমন্ত্ৰী গৰাকীয়ে এগৰাকী মুছলমান মহিলা চিকিৎসকৰ সৈতে কৰা আচৰণটো মই মানি ল’ব পাৰো।

এই কথাটো মই অতি কঠোৰভাৱে গৰিহণা দিছো।মহিলাগৰাকীৰ ওচৰত মুখ্যমন্ত্ৰী গৰাকীয়ে বিনাচৰ্তে ক্ষমা খুজিব লাগে।

নৱেম্বৰ মাহত বোৰ্খা সন্দৰ্ভত দিয়া এক বক্তব্য ভাইৰেল হোৱাৰ পিছত জাভেদ আখতাৰে এই স্পষ্টীকৰণ দিছে।

লগতে পঢ়ক: মাতৃ হ’বলৈ ওলাইছে নেকি সোভিতা ধূলিপালা? শহুৰ নাগাৰ্জুনে দিলে প্ৰতিক্ৰিয়া

জাভেদ আখটাৰৰ ওচৰত ক্ষমা বিচাৰিলে কংগনা ৰানাৱটে ; আদালতে দিলে ৪ টাকৈ চৰ্ত

জাভেদ আখটাৰে কেইবা বছৰ ধৰি আদালতত চলি থকা এটা গোচৰত এক গুৰুত্বপূৰ্ণ বিজয় অৰ্জন কৰিছে। কংগনা ৰাণাৱটে জাভেদ আখতাৰৰ সৈতে ৫ বছৰীয়া আইনী যুঁজৰ অন্ত পেলাইছে।

৫ বছৰৰ আইনী যুঁজৰ পিছত, কংগনা ৰাণাৱত আৰু জাভেদে পাৰস্পৰিকভাৱে মোকৰ্দমাটো সমাপ্ত কৰিবলৈ সন্মত হৈছে।

অভিনেত্ৰীগৰাকীয়ে ক্ষমা বিচৰাৰ পিছত, জাভেদ আখটাৰ আৰু কংগনা ৰাণাৱটৰ মাজত এক মীমাংসা হৈছে। কংগনা ৰাণাৱটে চুক্তিখনৰ লিখিত চৰ্তাৱলীত কৈছিল যে, ‘জাভেদ আখটাৰৰ প্ৰতি তেওঁৰ যথেষ্ট সন্মান আছে।’

মোৰ মন্তব্যক লৈ জাভেদ আখটাৰৰ অসুবিধাৰ বাবে মই ক্ষমা বিচাৰোঁ। মই ভৱিষ্যতে তেনে কোনো মন্তব্য নিদিও। মই মোৰ সকলো বিবৃতি প্ৰত্যাহাৰ কৰিছো”।

এটা বিতৰ্কিত মন্তব্যৰ বাবে জাভেদ আখটাৰে ২০২০ চনত কংগনা ৰাণাৱটৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল। এই গোচৰটোৰ শুনানি যোৱা ৫ বছৰ ধৰি চলি আছিল।

যোৱা প্ৰায় ৪০টা শুনানিৰ সময়ত, কংগনা ৰাণাৱত আদালতত উপস্থিত নাছিল। কিন্তু জাভেদ আখটাৰ শুনানিৰ সময়ত নিয়মীয়াকৈ উপস্থিত আছিল।

এই মঙলবাৰে অনুষ্ঠিত হোৱা শুনানিৰ সময়ত, কংগনা পুনৰ আদালতত হাজিৰ হোৱা নাছিল, যাৰ পিছত জাভেদ আখটাৰৰ অধিবক্তাই কংগনাৰ বিৰুদ্ধে জামিন অযোগ্য ৱাৰেণ্ট জাৰি কৰাৰ বাবে আবেদন কৰিছিল।এই আপীলৰ পিছত, আদালতে কংগনাক আদালতত হাজিৰ হোৱাৰ শেষ সুযোগ দিছিল।

অৱশেষত কংগনা ৰাণাৱত বান্দ্ৰা আদালতত হাজিৰ হয়। এই সময়ছোৱাত, জাভেদ আখটাৰো আদালতত উপস্থিত আছিল।

কংগনাই মীমাংসাৰ সকলো চৰ্তাৱলী গ্ৰহণ কৰিছিল, যাৰ পিছত দুয়োপক্ষৰ সন্মতিত গোচৰটো নিষ্পত্তি কৰা হৈছিল। বিষয়টো মুঠ চাৰিটা বিষয়ৰ ওপৰত ভিত্তি কৰি সমাধান কৰা হৈছিল।