গুৱাহাটীত হ’ব ছেটেলাইট চিটী : কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

গুৱাহাটীৰ লোক সেৱা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত এই সিদ্ধান্তসমূহ লোৱা হয়

গুৱাহাটী মহানগৰীৰ পৰিকল্পিত সম্প্ৰসাৰণ আৰু ৰাজ্যৰ গ্ৰামোন্নয়নৰ লক্ষ্যৰে শনিবাৰে অসম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে । গুৱাহাটীৰ লোক সেৱা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত এই সিদ্ধান্তসমূহ লোৱা হয় ।

কেবিনেট বৈঠকৰ অন্তত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সিদ্ধান্তসমূহৰ সবিশেষ ৰাজহুৱা কৰে ।

গুৱাহাটীৰ বাবে নতুন উপগ্ৰহ চহৰ প্ৰকল্প-

মহানগৰীৰ বৰ্ধিত জনসংখ্যা আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ‘গুৱাহাটী ছেটেলাইট চিটিজ ডেভেলপমেণ্ট অথৰিটি’ (GSCDA) গঠনত অনুমোদন জনাইছে । ইয়াৰ উদ্দেশ্য হ’ল গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল তথা জি এম ডি এ-ৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত উপগ্ৰহ চহৰ সমূহৰ পৰিকল্পনা, বিত্তীয় যোগান আৰু উন্নয়ন ত্বৰান্বিত কৰা ।

কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়- “ভৱিষ্যতৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে গুৱাহাটীত এক পৰিকল্পিত নগৰীকৰণৰ সম্প্ৰসাৰণ আৰু বিকাশৰ প্ৰয়োজন । উন্নয়নৰ এই পৰৱৰ্তী পৰ্যায়টোক আগুৱাই নিবলৈ আমি এই সিদ্ধান্ত লোৱা হৈছে ।”

ইফালে আগন্তুক ৬ জুলাইৰ পৰা অসম বিধানসভাত ৰাজ্য চৰকাৰে পূৰ্ণাংগ বাজেট উত্থাপন কৰিব বুলিও জানিবলৈ দিয়ে তেওঁ । আনহাতে অহা ১, ২ আৰু ৩ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটী ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে । কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীৰ এই সম্ভাৱ্য ভ্ৰমণ আৰু ইয়াৰ প্ৰস্তুতিৰ সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰা হয় ।

লগতে পঢ়ক : ১ জুলাইৰ পৰা অসমত আৰম্ভ হ’ব ‘VB-G RAM G’ আঁচনি

গুৱাহাটীত ৰাজ্যৰ অমৰ শ্বহীদসকলক ৰাজ্যপালৰ গভীৰ শ্ৰদ্ধাঞ্জলি

গুৱাহাটীত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়

দেশৰ সাৰ্বভৌমত্ব আৰু সুৰক্ষাৰ স্বাৰ্থত নিজৰ সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা অসমৰ অমৰ শ্বহীদসকলক দেওবাৰে গুৱাহাটীত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত ‘শ্বহীদ শ্ৰদ্ধাঞ্জলি’ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যখনৰ বীৰ সন্তানসকলৰ স্মৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে ।

দেশৰ সেৱাত প্ৰাণ আহুতি দিয়া অসমৰ বীৰ সৈনিক আৰু শ্বহীদসকলক সন্মান জনোৱাৰ উদ্দেশ্যে এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল । উক্ত অনুষ্ঠানত সশস্ত্ৰ বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে প্ৰাক্তন সৈনিক, বীৰ নাৰী আৰু শ্বহীদ পৰিয়ালসমূহে অংশগ্ৰহণ কৰি যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ।

শ্বহীদ পৰিয়ালৰ ওচৰত দেশ চিৰকৃতজ্ঞ : ৰাজ্যপাল

সমবেত ৰাইজ তথা সামৰিক-অসামৰিক বিষয়াসকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণত ৰাজ্যপাল আচাৰ্যই শ্বহীদসকলৰ মহান ত্যাগৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে । তেওঁ কয় :

“বীৰ শ্বহীদসকলে দেশৰ বাবে নিজৰ সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰিলে।  তেওঁলোক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ ওচৰত সমগ্ৰ দেশবাসী সদায় কৃতজ্ঞতাৰ ধাৰেৰে ঋণী হৈ থাকিব । আজি যুদ্ধ স্মাৰকত তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ । আমি তেওঁলোকৰ সাহসিকতাক চেলুট জনাইছোঁ আৰু আন্তৰিক শলাগ লৈছোঁ ।”

উল্লেখযোগ্য যে, সৈনিক কল্যাণ সঞ্চালকালয়ে কৰ্তব্যৰত আৰু অৱসৰপ্ৰাপ্ত প্ৰতিৰক্ষা কৰ্মীৰ লগতে অসমৰ শ্বহীদসকলৰ অৱদান আৰু ত্যাগক সমাজত জীয়াই ৰাখিবলৈ নিয়মিতভাৱে এনেধৰণৰ স্মৰণীয় কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ।

লগতে পঢ়ক : অসমত উপস্থিত ইউৰোপীয় ইউনিয়নৰ প্ৰতিনিধি দল; মুখ্যমন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

প’ষ্ট মেলনৰ পিছত এইবাৰ গুৱাহাটীত গান্স এন ৰোজেছ’

১৭ নৱেম্বৰত গুৱাহাটীত সংগীত পৰিৱেশন কৰিব বিশ্বৰ অন্যতম আইকনিক ৰক বেণ্ড Guns N’ Roses-এ

অসমৰ সংগীত আৰু বিনোদন জগতৰ বাবে এক ঐতিহাসিক ক্ষণ । চলিত বছৰৰ ১৭ নৱেম্বৰত গুৱাহাটীত সংগীত পৰিৱেশন কৰিব বিশ্বৰ অন্যতম আইকনিক ৰক বেণ্ড ‘গান্স এন ৰোজেছ’ (Guns N’ Roses)-এ । আজি, সোমবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ।

সামাজিক মাধ্যম ‘এক্স’ (পূৰ্বৰ টুইটাৰ) আৰু ফেচবুকযোগে এই সুখবৰটো ভগাই লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে গভীৰ আনন্দ প্ৰকাশ কৰে । তেওঁ উল্লেখ কৰে যে বিশ্বৰ লাইভ মনোৰঞ্জনৰ মানচিত্ৰত অসমৰ বৰ্ধিত গুৰুত্বৰ ক্ষেত্ৰত এই প্ৰদৰ্শন আন এক উল্লেখনীয় মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই এক্সত লিখিছে- “১৭ নৱেম্বৰ, ২০২৬ তাৰিখে গুৱাহাটীলৈ জনপ্ৰিয় গান্স এন ৰোজেছক আদৰিবলৈ পাই মই অতি আনন্দিত হৈছোঁ । ইয়াৰ জৰিয়তে বিশ্বৰ অন্যতম আইকনিক ৰক বেণ্ডক অসমলৈ আনিব পৰা গৈছে ।”

প’ষ্ট মেলনৰ সফলতাৰ পিছত আন এক বৃহৎ পদক্ষেপ-

উল্লেখ্য যে, ইয়াৰ পূৰ্বে গুৱাহাটীত অনুষ্ঠিত হোৱা বিশ্বখ্যাত প’ষ্ট মেলন-ৰ কনচাৰ্টটোৱে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল । দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ দৰ্শকেৰে ভৰি পৰা সেই অনুষ্ঠানটোৱে অসমক ডাঙৰ আন্তঃৰাষ্ট্ৰীয় ইভেণ্টৰ এক অন্যতম কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল । প’ষ্ট মেলনৰ সেই অভূতপূৰ্ব সফলতাৰ কেইমাহমানৰ ভিতৰতে এতিয়া গান্স এন ৰোজেছৰ দৰে বেণ্ডৰ আগমনৰ কথাই অভূতপূৰ্ব উচাহৰ সৃষ্টি কৰিছে ।

সংস্কৃতি আৰু অৰ্থনীতিত পৰিব ইতিবাচক প্ৰভাৱ

এনে ধৰণৰ মেগা-ইভেণ্টৰ ব্যাপক প্ৰভাৱৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, গোলকীয় লাইভ মনোৰঞ্জনৰ কেন্দ্ৰ হিচাপে অসমৰ উত্থানে এতিয়া তীব্ৰ গতি লাভ কৰিছে । এই অনুষ্ঠান উপভোগ কৰিবলৈ ভাৰতৰ লগতে বিদেশৰ পৰাও বহু অনুৰাগী অসমলৈ অহাৰ সম্ভাৱনা আছে । ইয়াৰ ফলত তেওঁলোকে অসমৰ চহকী সংস্কৃতি, আতিথ্য আৰু সজীৱতাক ওচৰৰ পৰা জনাৰ সুযোগ পাব ।

একে সময়তে, এই বৃহৎ আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীয়ে ৰাজ্যখনৰ অৰ্থনীতি আৰু পৰ্যটন খণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক : অসমত উপস্থিত ইউৰোপীয় ইউনিয়নৰ প্ৰতিনিধি দল; মুখ্যমন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

পাৰ্পল চিটি হোৱাৰ দিশে গুৱাহাটী; আৰম্ভ হৈছে দেৱাল ৰঙীন কৰাৰ কাম

মেয়ৰ মৃগেন শৰণীয়াই ঘোষণা কৰাৰ দৰে পার্পল চিটি হোৱাৰ দিশে আগবাঢ়িছে গুৱাহাটী মহানগৰী।

পার্পল চিটি হোৱাৰ দিশে আগবাঢ়িছে গুৱাহাটী মহানগৰী। মেয়ৰ মৃগেন শৰণীয়াই ঘোষণা কৰিছিল যে শীঘ্ৰেই গুৱাহাটী মহানগৰীক কপৌফুলৰ ৰঙৰ কৰি তুলিব।

এইবাৰ মৃগেন শৰণীয়াৰ সিদ্ধান্তৰ প্ৰতি সমৰ্থন জনাইছে হাতীগাঁও বাসী৷হাতীগাওস্থিত বকুলবন হাউছিং কলনীৰ সকলো দেৱালত সানি দিয়া হ’ল পাৰ্পল ৰং।  

লগতে পঢ়ক: অসমত উপস্থিত ইউৰোপীয় ইউনিয়নৰ প্ৰতিনিধি দল; মুখ্যমন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

অসম ভ্ৰমণলৈ ইউৰোপীয় ইউনিয়নৰ উচ্চস্তৰীয় প্ৰতিনিধি দল “টিম ইউৰোপ”

অহা ৮ আৰু ৯ জুনত ৰাজ্যখনত উপস্থিত হ’ব ইউৰোপীয় ইউনিয়নৰ এটা উচ্চস্তৰীয় টিম ইউৰোপ প্ৰতিনিধি দল

অসমৰ অৰ্থনৈতিক আৰু উদ্যোগিক খণ্ডৰ বাবে এক আশাৰ বতৰা কাঢ়িয়াই অহা ৮ আৰু ৯ জুনত ৰাজ্যখনত উপস্থিত হ’ব ইউৰোপীয় ইউনিয়নৰ (EU) এটা উচ্চস্তৰীয় “টিম ইউৰোপ” প্ৰতিনিধি দল । ভাৰতৰ উত্তৰ-পূব অঞ্চল আৰু ইউৰোপৰ মাজত অৰ্থনৈতিক সম্পৰ্ক অধিক সুদৃঢ় কৰা তথা ব্যৱসায়িক সহযোগিতাৰ নতুন সম্ভাৱনীয়তাসমূহ অন্বেষণ কৰাই এই ভ্ৰমণৰ মূল উদ্দেশ্য ।

ভাৰত আৰু ভূটানলৈ ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনৰ নেতৃত্বত অহা এই দলটোত EU সদস্য ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰদূত, জ্যেষ্ঠ প্ৰতিনিধি আৰু অগ্ৰণী ইউৰোপীয় ব্যৱসায়িক নেতৃবৃন্দ অন্তৰ্ভুক্ত আছে । ভ্ৰমণকালত প্ৰতিনিধি দলটোৱে অসম চৰকাৰ আৰু থলুৱা ব্যৱসায়িক অংশীদাৰসকলৰ সৈতে বাণিজ্য আৰু বিনিয়োগৰ সুযোগসমূহৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব ।

কোনবোৰ খণ্ডই লাভ কৰিব অগ্ৰাধিকাৰ ?

এই ভ্ৰমণৰ সময়ত অসম আৰু ইউৰোপৰ উমৈহতীয়া আগ্ৰহ থকা কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হ’ব । ইয়াৰ ভিতৰত উল্লেখযোগ্য খণ্ডসমূহ হৈছে :

-নৱীকৰণযোগ্য শক্তি আৰু বহনক্ষম নগৰীয়া আন্তঃগাঁথনি।

-স্বাস্থ্যসেৱা আৰু ফাৰ্মাচিউটিকেলচ।

-ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক্স উৎপাদন।

-চাহ আৰু কৃষি-খাদ্য সংসাধন (Agri-food processing)।

-সুগন্ধি, আতৰ আৰু আয়ুষ খণ্ড।

মুখ্যমন্ত্ৰীৰ সৈতে সাক্ষাৎ আৰু “ব্লু ভেলীজ” কৰ্মশালা :

কাৰ্যসূচী অনুসৰি, ‘টিম ইউৰোপ’ৰ ৰাষ্ট্ৰদূতসকলে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিব । আনহাতে, ‘ফেডাৰেচন অৱ ইউৰোপিয়ান বিজনেছ ইন ইণ্ডিয়া’ৰ নেতৃত্বত অহা ব্যৱসায়িক দলটোৱে ৰাজ্যৰ উচ্চপদস্থ বিষয়া আৰু উদ্যোগ খণ্ডৰ প্ৰতিনিধিসকলৰ সৈতে মতবিনিময় কৰিব ।

এই ভ্ৰমণৰ আটাইতকৈ আকৰ্ষণীয় কাৰ্যসূচী হ’ব ৯ জুনত অসম চৰকাৰৰ উদ্যোগত আয়োজিত “ব্লু ভেলীজ: বিল্ডিং ইক’চিষ্টেমছ এণ্ড ভেলু চেইনছ বিটউইন ইণ্ডিয়া এণ্ড ইউৰোপ” শীৰ্ষক এক বিশেষ কৰ্মশালা । য’ত দুয়োখন দেশৰ ব্যৱসায়ীসকলে বহনক্ষম উদ্যোগ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অংশীদাৰিত্ব গঢ়ি তোলাৰ লক্ষ্যৰে অংশগ্ৰহণ কৰিব ।

মুকলি হ’ব অসমৰ প্ৰথমটো ‘ব্লু ভেলী ক্লাষ্টাৰ’

এই ঐতিহাসিক ভ্ৰমণৰ মাজতে ৰাজ্যখনত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব অসমৰ প্ৰথমটো ‘ব্লু ভেলী ক্লাষ্টাৰ’ । এইটো প্ৰধানকৈ সুগন্ধি, আতৰ, আয়ুষ আৰু খাদ্য সংসাধন খণ্ডক কেন্দ্ৰ কৰি গঢ়ি তোলা এক বিশেষ ঔদ্যোগিক হাব । এই অভিনৱ পদক্ষেপে অসমৰ উদীয়মান ঔদ্যোগিক পৰিৱেশতন্ত্ৰক বহনক্ষম উৎপাদনৰ জৰিয়তে ইউৰোপীয় বজাৰৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰিব বুলি আশা কৰা হৈছে ।

টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প ভ্ৰমণৰ সম্ভাৱনা :

উচ্চ-প্ৰযুক্তিগত উৎপাদন খণ্ডত অসমৰ বৰ্ধিত গুৰুত্বক প্ৰতিপন্ন কৰি ইউৰোপীয় প্ৰতিনিধি দলটোৱে জাগীৰোডত থকা টাটা ইলেক্ট্ৰনিক্সৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পটো ভ্ৰমণ কৰাৰো পূৰ্ণ সম্ভাৱনা আছে ।

ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনে এক বিবৃতিত প্ৰকাশ কৰা মতে, “অসম তথা সমগ্ৰ উত্তৰ-পূব অঞ্চলৰে প্ৰচুৰ অৰ্থনৈতিক সম্ভাৱনা আছে । অঞ্চলটোৰ প্ৰাকৃতিক সম্পদ, দক্ষ কৰ্মশক্তি আৰু দ্ৰুত অৰ্থনৈতিক বিকাশে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে ।” তেওঁ লগতে কয় যে ‘ব্লু ভেলীজ’ৰ দৰে পদক্ষেপে ভাৰত আৰু ইউৰোপৰ মাজত এক দীৰ্ঘম্যাদী ব্যৱসায়িক অংশীদাৰিত্বৰ ভেটি স্থাপন কৰিব আৰু বিনিয়োগৰ নতুন দিগন্তৰ সূচনা কৰিব ।

লগতে পঢ়ক : ‘বিকশিত অসম’ গঢ়াৰ সংকল্প : এশৰো অধিক IAS বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক

ৰাজ্যপালৰ আতিথ্যত লোক ভৱনত ‘স্নেহ মিলন’: ক’ভিডৰ পিছত পুনৰ জীৱন্ত হ’ল পুৰণি পৰম্পৰা

বাৰ্তালাপৰ সময়ত ৰাজ্যপাল আচাৰ্যই মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলৰ সৈতে ৰাজ্যখনৰ বিভিন্ন জনসাধাৰণৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰে

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ আতিথ্যত শনিবাৰে গুৱাহাটীৰ লোক ভৱনত (পূৰ্বৰ ৰাজ ভৱন) এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত ‘স্নেহ মিলন’ নামৰ এক বিশেষ মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হৈ যায় । এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক মন্ত্ৰী পৰিষদৰ নৱ-নিযুক্ত আৰু পুৰণি সদস্যসকলে অংশগ্ৰহণ কৰে ।

ৰাজভৱনৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, বাৰ্তালাপৰ সময়ত ৰাজ্যপাল আচাৰ্যই মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলৰ সৈতে ৰাজ্যখনৰ বিভিন্ন জনসাধাৰণৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰে । ইয়াৰ লগতে অসমৰ শান্তি, প্ৰগতি, সমৃদ্ধি আৰু সামগ্ৰিক তথা অন্তৰ্ভুক্তিমূলক উন্নয়নৰ প্ৰতি থকা সামূহিক সংকল্পক তেওঁ পুনৰ প্ৰতিষ্ঠা কৰে । আনহাতে, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলে এনে এক সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে ৰাজ্যপালগৰাকীক ধন্যবাদ জ্ঞাপন কৰে আৰু অসমৰ উন্নয়ন তথা জনসাধাৰণৰ কল্যাণৰ বাবে অহৰহ কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দোহাৰে । সমগ্ৰ কাৰ্যসূচীৰ শেষত সকলোৱে মিলি এটা স্মৰণীয় দলীয় ফটোও তোলে ।

উদ্ধাৰ হ’ল পুৰণি পৰম্পৰা :

উল্লেখ্য যে, পূৰ্বতে শপত গ্ৰহণৰ পিছত নতুন মন্ত্ৰী পৰিষদক লোক ভৱনত আদৰণি জনোৱাৰ এক সুন্দৰ নিয়ম আছিল । কিন্তু ক’ভিড মহামাৰীৰ সময়ত এই পৰম্পৰা বন্ধ হৈ পৰিছিল । এইবাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ বিশেষ উদ্যোগত এই প্ৰথাটো পুনৰ জীৱন্ত কৰি তোলা হয় ।

শুকুৰবাৰে ১২ মন্ত্ৰীৰ শপত গ্ৰহণ, কেবিনেট সম্প্ৰসাৰণ-

প্ৰণিধানযোগ্য যে, শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমটো কেবিনেট সম্প্ৰসাৰণ ঘটোৱা হয় । ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ১২ গৰাকী বিধায়কক মন্ত্ৰী হিচাপে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় । ৰাজভৱনত অনুষ্ঠিত এই পবিত্ৰ শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল ।

মন্ত্ৰীসভাত স্থান পোৱা নতুন আৰু পুৰণি মুখসমূহ:

বিজেপিৰ নতুন মুখ : অশ্বিনী ৰায় চৰকাৰ, নীলিমা দেৱী আৰু সুশান্ত বৰগোহাঁই ।

মিত্ৰদল আৰু জ্যেষ্ঠ নেতা : অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা পূৰ্বৰ চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তক পুনৰ অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ উপৰিও অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও কেবিনেট মন্ত্ৰী হিচাপে নতুনকৈ স্থান লাভ কৰিছে ।

শপত লোৱা অন্যান্য মন্ত্ৰীসকল : অশোক সিংঘাল, বিমল বড়া, জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায়, কৃষ্ণেন্দু পাল, পীয়ুষ হাজৰীকা আৰু ড° ৰণোজ পেগু ।

নতুন মন্ত্ৰী পৰিষদৰ এই সতীৰ্থসকলৰ সন্মিলিত প্ৰচেষ্টাত অনাগত দিনত অসমৰ উন্নয়নৰ যাত্ৰা আৰু অধিক খৰতকীয়া হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক : ‘বিকশিত অসম’ গঢ়াৰ সংকল্প : এশৰো অধিক IAS বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক

ছয় মাইলত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হ’ল ৰেষ্টুৰেণ্ট

এই অগ্নিকাণ্ডত অঞ্চলটোৰ ব্যস্ত এলেকাত অৱস্থিত কেফে ৭ নামৰ এখন আগশাৰীৰ ৰেষ্টুৰেণ্ট সম্পূৰ্ণৰূপে ভস্মীভূত হয়

মহানগৰীৰ ছয় মাইল অঞ্চলত ৫ জুনৰ পুৱতি নিশা এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় । এই অগ্নিকাণ্ডত অঞ্চলটোৰ ব্যস্ত এলেকাত অৱস্থিত ‘কেফে ৭’ নামৰ এখন ৰেষ্টুৰেণ্ট সম্পূৰ্ণৰূপে ভস্মীভূত হয় । জুইৰ প্ৰকোপ ইমানেই ভয়ংকৰ আছিল যে অতি কম সময়ৰ ভিতৰতে সমগ্ৰ ৰেষ্টুৰেণ্টখন ছাৰখাৰ হৈ পৰে আৰু লাখ লাখ টকাৰ সম্পত্তিৰ ব্যাপক ক্ষতিসাধন হয় ।

প্ৰত্যক্ষদৰ্শী আৰু প্ৰাথমিক খবৰ অনুসৰি, পুৱা প্ৰায় ৩:৩০ বজাত ৰেষ্টুৰেণ্টখনৰ ভিতৰত প্ৰথম জুই দেখা গৈছিল । মুহূৰ্তৰ ভিতৰতে জুইৰ শিখাই সমগ্ৰ চৌহদটো গ্ৰাস কৰি পেলায় । স্থানীয় ৰাইজে ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে । ঘটনাৰ খবৰ লাভ কৰি অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী ঘটনাস্থলীত উপস্থিত হয় আৰু যুদ্ধকালীন তৎপৰতাৰে জুই নিৰ্বাপনৰ কামত নিয়োজিত হয় । প্ৰায় আধা ঘণ্টাৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰ অন্তত পুৱা প্ৰায় ৪ বজাত জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় ।

সৌভাগ্যক্ৰমে, পুৱতি নিশা সংঘটিত হোৱা বাবে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই । কিন্তু অগ্নিকাণ্ডৰ ফলত ৰেষ্টুৰেণ্টখনৰ আচবাব, পাকঘৰৰ সঁজুলি আৰু অন্যান্য সামগ্ৰীসহ ৫০ লাখ টকাতকৈও অধিক মূল্যৰ সম্পত্তি ভস্মীভূত হোৱা বুলি ধাৰণা কৰা হৈছে ।

প্ৰাথমিক তদন্তৰ অন্তত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা মতে, বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে । অৱশ্যে, অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই । কৰ্তৃপক্ষই ঘটনাৰ সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰু ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ পৰিমাণ মূল্যায়ন কৰিবলৈ চেষ্টা চলাইছে ।

লগতে পঢ়ক : জালুকবাৰীত ভয়ংকৰ অগ্নিকাণ্ড, চিৰদিনলৈ শেষ হৈ গ’ল এটা পৰিয়াল

মেচিনে টকা হিচাপ কৰিও ভাগৰি পৰিছে বিষয়া; ঘোচখোৰ লাচিত দাসৰ ঘৰত জাপে জাপে টকা

টকা খঁকুৱা ACS লাচিত দাসৰ সম্পৰ্কীয়ৰ ঘৰত টকাৰ উজান। দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত জব্দ ১ কোটি ১৭ লাখ ৩০ হাজাৰ টকা। ৰহা, হোজাই, বেলতলাৰ দুটাকৈ স্থানত মাটি ক্ৰয়ৰ নথি-পত্ৰ উদ্ধাৰ।

যোৱা ২২ মে’ত দুৰ্নীতি নিবাৰক শাখাই ঘোচখোৰ এচিএছ বিষয়া লাচিত কুমাৰ দাসৰ এটা বাসগৃহত পুনৰ তালাচী চলাই ১.১৮ কোটি টকাৰ নগদ ধনৰ লগতে ভূমি সম্পৰ্কীয় বহু নথি-পত্ৰ উদ্ধাৰ কৰে।লাচিত কুমাৰ দাসক উৎকোচৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ এদিন পিছতে গুৱাহাটীৰ বেলতলাৰ ৰাণীবাগানৰ কুইন’ছ গাৰ্ডেনত অৱস্থিত এটা ঘৰত তালাচী চলোৱা হয়।

বিষয়াসকলে জনোৱা মতে, অভিযানত এই পৰ্যন্ত লাচিত কুমাৰ দাসৰ পৰা ২.৮৭ কোটি টকা জব্দ কৰা হৈছে। তাৰে খুলশালিয়েকৰ ফ্লেটৰ পৰা ১ কোটি ১৭ লাখ ৩০ হাজাৰ টকা আৰু লাচিত দাসৰ পৰা ৪৮ লাখ ৩৮ হাজাৰ ১৫০ টকা জব্দ কৰা হৈছে। আনহাতে ৯ টাকৈ একাউন্টত দাসৰ আছে ৮১ লাখ টকা। ইয়াৰোপৰি ৭২ লাখতকৈও অধিক মূল্যৰ সোণ জব্দ কৰা হৈছে।এইগৰাকী দুৰ্নীতিৰ সদাগৰে সোঁৱে-বাঁৱে ঘটা টকা গণিবলৈ নিজৰ ঘৰতে টকা গণা মেচিনো ৰাখিছিল বুলি জানিব পৰা গৈছে ।  

উল্লেখযোগ্য যে, ভূমি তথ্য সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালকৰ দায়িত্বত থকা লাচিত দাসে ভিন্নধৰ্মী লোকৰ মাজত মাটিৰ কিনা-বিকাৰ ক্ষেত্ৰত NOC দিয়াৰ বাবে দিওঁতে এজন লোকৰ পৰা দাবী কৰিছিল ১ লাখ টকা।দৰ-দামৰ পাছত ৫০ হাজাৰলৈ কমিল ঘোচৰ পৰিমাণ। তাৰে ৪৫ হাজাৰ টকা লওঁতেই দুৰ্নীতি নিবাৰক শাখাই হাতে লোতৰে কৰায়ত্ত কৰিলে লাচিত কুমাৰ দাসক।

২১ মে’ত গ্ৰেপ্তাৰ হোৱাৰ পিছত দুৰ্নীতি নিবাৰক শাখা  বিষয়াসকলে চলোৱা অভিযানত প্ৰায় ৪৮৩ গ্ৰাম সোণৰ অলংকাৰ উপৰি ভূমি-সম্পত্তিৰ নথিপত্ৰ, জীৱন বীমা, বেংকৰ পাচবুকৰ লগতে অন্যান্য নথিপত্ৰ জব্দ কৰে। লাচিত কুমাৰ দাসৰ চৰকাৰী বাসভৱনৰ B-104 নম্বৰ কোঠাত দুৰ্নীতি নিবাৰক শাখাই চলায় অভিযান। অভিযানত জব্দ পঞ্জীয়নভুক্ত পিষ্টল আৰু কেইবাখনো বেংকৰ পাছবুক জব্দ কৰিছে।

লগতে পঢ়ক: ৪৫ হাজাৰ টকাৰ ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ACS বিষয়া লাচিত কুমাৰ দাস

৪৫ হাজাৰ টকাৰ ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ACS বিষয়া লাচিত কুমাৰ দাস

ধৃত বিষয়াজনক ভূমি অভিলেখ বিভাগৰ অতিৰিক্ত সঞ্চালক লাচিত কুমাৰ দাস বুলি চিনাক্ত কৰা হৈছে

অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ে আজি মহানগৰীৰ ৰূপনগৰত এক সফল অভিযান চলাই এজন জ্যেষ্ঠ অসম অসামৰিক সেৱা (ACS) ৰ বিষয়াক হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত বিষয়াজনক ভূমি অভিলেখ বিভাগৰ অতিৰিক্ত সঞ্চালক লাচিত কুমাৰ দাস বুলি চিনাক্ত কৰা হৈছে । মাটি বিক্ৰীৰ অনুমতি সংক্ৰান্তীয় অনাপত্তি প্ৰমাণপত্ৰ (NOC) প্ৰদান কৰাৰ নামত ঘোচ লোৱাৰ অভিযোগত তেওঁক আটক কৰা হয় ।

সঞ্চালকালয়ৰ তৰফৰ পৰা জাৰি কৰা এক চৰকাৰী প্ৰেছ বিজ্ঞপ্তি অনুসৰি, অতিৰিক্ত সঞ্চালক লাচিত কুমাৰ দাসে এজন অভিযোগকাৰীৰ পৰা ভূমি বিক্ৰীৰ এন অ’ চি উলিয়াই দিয়াৰ বাবদ ১ লাখ টকা উৎকোচ দাবী কৰিছিল । কিন্তু অভিযোগকাৰীজনে এই ঘোচৰ ধন দিবলৈ মান্তি নহৈ আইনী পদক্ষেপ গ্ৰহণৰ বাবে দুৰ্নীতি নিবাৰক আৰু তৰ্কদাৰী সঞ্চালকালয়ৰ কাষ চাপে ।

এই অভিযোগৰ ওপৰত ভিত্তি কৰি আজি ২১ মে’ত গুৱাহাটীৰ ৰূপনগৰস্থিত ভূমি অভিলেখ সঞ্চালকালয়ৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে এক অতৰ্কিত অভিযান চলায় । বিষয়াসকলে জনোৱা মতে, এচিএছ বিষয়া লাচিত কুমাৰ দাসে নিজৰ কাৰ্যালয়ৰ কক্ষৰ ভিতৰতে অভিযোগকাৰীজনৰ পৰা দাবী কৰা ঘোচৰ প্ৰথম কিস্তি হিচাপে ৪৫,০০০ টকা গ্ৰহণ কৰাৰ ঠিক পিছতেই দলটোৱে তেওঁক হাতে-লোটে ধৰা পেলায় ।

সঞ্চালকালয়ে সদৰী কৰা অনুসৰি, জব্দ কৰা ঘোচৰ টকাখিনি বিষয়াগৰাকীৰ জিম্মাৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু সমগ্ৰ প্ৰক্ৰিয়াটো স্বতন্ত্ৰ সাক্ষীৰ উপস্থিতিত নিয়ম অনুসৰি ছীল কৰা হৈছে ।

এই সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাৰ আৰক্ষী থানাত প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)-ৰ ধাৰা ৭(এ)ৰ অধীনত ACB P.S. Case No. 19/2026 নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে । তদন্তকাৰী বিষয়াসকলে জানিবলৈ দিয়া মতে, অভিযানৰ সময়ত অভিযুক্ত এচিএছ বিষয়াজনৰ বিৰুদ্ধে পৰ্যাপ্ত আৰু স্পষ্ট প্ৰমাণ পোৱাৰ পিছতে তেওঁক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হয় । বৰ্তমান ঘটনা সন্দৰ্ভত পৰৱৰ্তী আইনী প্ৰক্ৰিয়া আৰু সোধা-পোছা অব্যাহত আছে ।

লগতে পঢ়ক : শপত লৈ বিধানসভাৰ মজিয়াত ‘মমতা দিদি জিন্দাবাদ’ ধ্বনি শ্বেৰমান আলীৰ