অসম আৰক্ষীৰ বৃহৎ সফলতাঃ ৫৪ কোটিৰ সোণসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ইয়াৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সৰবৰাহকাৰী চক্ৰৰ সম্পৰ্ক থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে

অসম আৰক্ষীৰ অভূতপূৰ্ব সফলতা । গুৱাহাটী মহানগৰীৰ খাৰঘূলি অঞ্চলত মহানগৰ আৰক্ষীয়ে এক বৃহৎ অভিযান চলাই জব্দ কৰিছে প্ৰায় ৫৪ কোটি টকাতকৈও অধিক মূল্যৰ সন্দেহযুক্ত সোণ । উদ্ধাৰ হোৱা এই হালধীয়া ধাতুৰ ওজন প্ৰায় ৩৭.০৬৪ কিলোগ্ৰাম । ইয়াৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সৰবৰাহকাৰী চক্ৰৰ সম্পৰ্ক থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

লতাশিল আৰক্ষী আৰু SOG-ৰ যুটীয়া অভিযান

২৯ আৰু ৩০ জুনৰ নিশাটোৰ ভিতৰত গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ বিশেষ অভিযান গোট (SOG)-ৰ পৰা লাভ কৰা এক গোপন আৰু নিৰ্ভৰযোগ্য চোৰাংচোৱা তথ্যৰ ভিত্তিত লতাশিল আৰক্ষী থানাই খাৰঘূলি অঞ্চলত এই অতৰ্কিত অভিযান চলাইছিল । অভিযানকালত আৰক্ষীয়ে ৩৭.০৬৪ কেজি সন্দেহযুক্ত সোণৰ উপৰিও ১৩ গ্ৰাম ৰূপৰ টুকুৰা/দানাও জব্দ কৰিবলৈ সক্ষম হয় ।

মহাৰাষ্ট্ৰৰ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে অক্ষয় বানচোডে (৩২) নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে । ধৃত যুৱকজন মহাৰাষ্ট্ৰৰ চাংলী জিলাৰ বাসিন্দা যদিও বৰ্তমান তেওঁ গুৱাহাটীৰ গান্ধীবস্তিত আত্মগোপন কৰি আছিল । এই সন্দৰ্ভত লতাশিল আৰক্ষী থানাত ৪২/২০২৬ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে ।

অভিযুক্তই নিজৰ শাৰীৰিক প্ৰত্যাহ্বানৰ সুযোগ লৈ এখন কম্বলৰ তলত সোণখিনি লুকুৱাই সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল, যাতে কাৰো সন্দেহ নহয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

নগদ ধন আৰু ম’বাইল জব্দ

অভিযানকাৰী দলে অভিযুক্তৰ জিম্মাৰ পৰা সোণ-ৰূপৰ উপৰিও ৪ টা ম’বাইল ফোন, নগদ ৩,৭৫৫ টকা আৰু সোণৰ বিস্কুটসমূহ লুকুৱাই ৰাখিবলৈ ব্যৱহাৰ কৰা বেগসমূহো জব্দ কৰে । ধৃত অক্ষয় বানচোডে জব্দ কৰা এই বিশাল পৰিমাণৰ সামগ্ৰীখিনিৰ কোনো বৈধ আইনী নথি-পত্ৰ আৰক্ষীৰ সন্মুখত দাখিল কৰিব নোৱাৰিলে ।

আন্তঃৰাষ্ট্ৰীয় চোৰাং চক্ৰৰ সংযোগ

গুৱাহাটী আৰক্ষীৰ প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা মতে, এই বৃহৎ সোণ সৰবৰাহৰ সৈতে এটা আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক জড়িত হৈ আছে । এই চক্ৰটোৰ শিপা মধ্যপ্ৰাচ্য আৰু ম্যানমাৰলৈকে বিস্তৃত থকাৰ লগতে ভাৰতৰ ভিতৰত মুম্বাই, দিল্লী, কলকাতা আৰু বেংগালুৰুৰ দৰে মহানগৰীত ইয়াৰ সক্ৰিয় লিংক আছে । জানিব পৰা মতে, অভিযুক্তজনে ইয়াৰ পূৰ্বেও প্ৰায় ২০ কেজি সোণ সৰবৰাহ কৰিছিল । বৰ্তমান আৰক্ষীয়ে অভিযুক্তক জিম্মাত লৈ এই চক্ৰটোৰ মূল মাষ্টাৰমাইণ্ড আৰু বিত্তীয় লেনদেনৰ সন্দৰ্ভত গভীৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : গুৱাহাটী বিমানবন্দৰত অসমীয়া ভাষা বৰ্জনৰ অভিযোগ: ৩ প্ৰাক্তন আমোলাৰ পত্ৰ

গুৱাহাটীৰ ৩৬৬ টা স্থানক লৈ প্ৰশাসনৰ জৰুৰী সতৰ্কবাণী

চিনাক্ত কৰা ঠাইসমূহৰ ভিতৰত গুৱাহাটীৰ চুনচালী অঞ্চল আটাইতকৈ বেছি সংকটজনক অৱস্থাত আছে

ৰাজ্যত ধাৰাবাহিকভাৱে অব্যাহত থকা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীসহ সমগ্ৰ কামৰূপ মহানগৰ জিলাত ভূমিস্খলনৰ এক তীব্ৰ আশংকাই দেখা দিছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (ASDMA) শেহতীয়াকৈ চলোৱা এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰভিত্তিক মূল্যায়নত জিলাখনৰ ৩৬৬ টা স্থানক ‘ভূমিস্খলন প্ৰৱণ’ বৰ্গৰ অন্তৰ্ভুক্ত কৰিছে । বাৰিষাৰ এই সংকটপূৰ্ণ সময়ছোৱাত জনসাধাৰণৰ সুৰক্ষাক লৈ এতিয়া প্ৰশাসনৰ লগতে সৰ্বসাধাৰণৰ মাজতো উদ্বেগ বৃদ্ধি পাইছে ।

চুনচালী আৰু নুনমাটিত আটাইতকৈ বেছি বিপদ

ASDMA-ৰ তথ্য অনুসৰি, চিনাক্ত কৰা ঠাইসমূহৰ ভিতৰত গুৱাহাটীৰ চুনচালী অঞ্চল আটাইতকৈ বেছি সংকটজনক অৱস্থাত আছে, য’ত সৰ্বাধিক ৭৭ টা স্থান ভূমিস্খলন প্ৰৱণ বুলি চিহ্নিত কৰা হৈছে । ইয়াৰ পিছতে ক্ৰমে—

নুনমাটি: ৪০ টা স্থান

খাৰঘুলী: ৩৭ টা স্থান

খানাপাৰা: ৩৩ টা স্থান

নাৰেংগী: ৩১ টা স্থান

হেঙেৰাবাৰী: ৩০ টা স্থান

কাহিলীপাৰা: ২৫ টা স্থান

ইয়াৰ উপৰি শান্তিপুৰ, নৰকাসুৰ পাহাৰ, মালিগাঁও, কালাপাহাৰ আৰু কামাখ্যা-নীলাচল পাহাৰৰ কেইবাটাও পকেটক ভৌগোলিকভাৱে অত্যন্ত সংবেদনশীল বুলি ঘোষণা কৰা হৈছে।

কিয় বাঢ়িছে এই বিপদ?

ভৌগোলিক আৰু ঐতিহাসিক ঘটনাৱলীৰ বিশ্লেষণ কৰি মূল্যায়নটোৱে জানিবলৈ দিছে যে বেছিভাগ দুৰ্যোগ প্ৰৱণ অঞ্চলেই পাহাৰীয়া ভূখণ্ড, মাটি খন্দা আৰু কটা অঞ্চল তথা অনিয়ন্ত্ৰিত নগৰীকৰণৰ কৱলত পৰা এলেকা । অপৰিকল্পিত নিৰ্মাণ কাৰ্য, বনাঞ্চল ধ্বংস আৰু পাহাৰীয়া পৰিস্থিতিতন্ত্ৰৰ ওপৰত ক্ৰমান্বয়ে বাঢ়ি অহা মানৱীয় হেঁচাই এই ভূমিস্খলনৰ মূল কাৰণ হিচাপে বিবেচিত হৈছে ।

নাগৰিকক সতৰ্ক কৰি প্ৰশাসনৰ নিৰ্দেশনা

তীব্ৰ বৃষ্টিপাতৰ সময়ত পাহাৰীয়া এলেকাত বসবাস কৰা লোকসকলক বিশেষভাৱে সতৰ্ক থাকিবলৈ প্ৰশাসনে নিৰ্দেশ দিছে । তলত উল্লেখ কৰা প্ৰাৰম্ভিক লক্ষণসমূহ দেখা পালেই তাৎক্ষণিকভাৱে ওচৰৰ প্ৰশাসনক খবৰ দিবলৈ আহ্বান জনোৱা হৈছে : ১/ মাটিত হঠাতে ফাট মেলা বা ফাঁক সৃষ্টি হোৱা। ২/ গছ-গছনি বা বিজুলীৰ খুঁটা এফালে হেলনীয়া হৈ পৰা । ৩/ পাহাৰৰ মাটিৰ পৰা অস্বাভাৱিকভাৱে পানীৰ সীৰলু ওলোৱা ।

দুৰ্যোগৰ সম্ভাৱ্য ক্ষয়-ক্ষতি আৰু ধন-জনৰ হানি ৰোধ কৰাৰ বাবে কৰ্তৃপক্ষই জনসাধাৰণৰ সক্ৰিয় সহযোগিতা আৰু সজাগতা অত্যন্ত জৰুৰী বুলি দোহাৰিছে ।

লগতে পঢ়ক : গুৱাহাটীবাসী সাৱধান! দুৰ্যোগ প্ৰশমন বিভাগৰ জৰুৰী সতৰ্কবাণী!

গুৱাহাটী বিমানবন্দৰত মোতায়ন হ’ল অত্যাধুনিক গগনচুম্বী সংকটকালীন অগ্নিনিৰ্বাপক বাহন

জৰুৰীকালীন সঁহাৰিৰ আন্তঃগাঁথনি শক্তিশালী কৰি আৰু বিমান সুৰক্ষাৰ প্ৰতি নিজৰ দায়বদ্ধতাক শক্তিশালী কৰি গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মোতায়ন হ’ল অত্যাধুনিক গগনচুম্বী সংকটকালীন অগ্নিনিৰ্বাপক বাহন।

উত্তৰ-পূব ভাৰতৰ বিমান পৰিবহণৰ এক সুৰক্ষিত, নিৰাপদ আৰু বিশ্বাসযোগ্য দুৱাৰমুখ হিচাপে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক অধিক শক্তিশালী কৰি তুলিবলৈ ইয়াৰ জৰুৰীকালীন সঁহাৰি আন্তঃগাঁথনি আৰু বিমান সুৰক্ষাৰ ব্যৱস্থাক অধিক উন্নত কৰা হৈছে।

ইয়াৰ অংশস্বৰূপে বিমান বন্দৰটোৰ ‘এয়াৰক্ৰাফ্ট ৰেচকিউ এণ্ড ফায়াৰ ফাইটিং’ (ARFF) অৰ্থাৎ গুৱাহাটী বিমানবন্দৰত মোতায়ন হ’ল অত্যাধুনিক গগনচুম্বী সংকটকালীন অগ্নিনিৰ্বাপক বাহন। এই বাহিনীত শেহতীয়াকৈ এক উন্নত প্রযুক্তিসম্পন্ন ‘হাইড্ৰলিক হাই ৰীচ এক্সটেণ্ডিবল টাৰেট’ ক্রাশ্ব ফায়াৰ টেণ্ডাৰ আৰু পানীৰ উদ্ধাৰকাৰী নাৱেৰে জৰুৰীকালীন ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে।

এই অত্যাধুনিক HRET ক্ৰাশ্ব ফায়াৰ টেণ্ডাৰখনৰ সংযোজনে বিমান বন্দৰটোৰ জৰুৰীকালীন প্ৰস্তুতিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। অগ্নিনিৰ্বাপক বাহন আৰু সঁজুলি প্ৰস্তুত কৰা বিশ্ববিখ্যাত ৰ’জেনবাৱাৰ কোম্পানীয়ে নিৰ্মাণ কৰা এই বিশেষ জৰুৰীকালীন সঁহাৰি বাহনখনত এখন প্ৰসাৰিত কৰিব পৰা টাৰেট (Extendable Turret) আছে, যাৰ সহায়ত জৰুৰীকালীন পৰিস্থিতিত বিমানৰ ওপৰৰ অংশসমূহ সহজে ঢুকি পাব পৰা যাব। এই উন্নত প্ৰণালীটোৱে অগ্নিনিৰ্বাপক কৰ্মীসকলক অতি কম সময়ৰ ভিতৰত স্পৰ্শকাতৰ বা জৰুৰী স্থানসমূহত উপনীত হোৱাত সহায় কৰিব। ইয়াৰ ফলত জটিল বিমান উদ্ধাৰ আৰু অগ্নিনিৰ্বাপক অভিযানৰ সময়ত সঁহাৰি জনাবলৈ লগা সময় কমি যাব আৰু কাৰ্যক্ষমতা বৃদ্ধি পাব। এই বৰ্ধিত ক্ষমতাই যাত্ৰীসকলৰ সুৰক্ষা বৃদ্ধি কৰাৰ লগতে ক্ৰু মেম্বৰ বা বিমান কৰ্মীসকলৰ সুৰক্ষা নিশ্চিত কৰিব আৰু জৰুৰীকালীন অৱস্থাত বিমান বন্দৰৰ আন্তঃগাঁথনিকো ৰক্ষা কৰিব বুলি আশা কৰা হৈছে।

এই উন্নয়নৰ পৰিপূৰক হিচাপে, গুৱাহাটী বিমান বন্দৰে ইয়াৰ জৰুৰীকালীন সঁহাৰি ব্যৱস্থাত উদ্ধাৰকাৰী নাওসমূহো অন্তৰ্ভুক্ত কৰিছে, যাৰ ফলত বিমান বন্দৰৰ কাৰ্যক্ষম এলেকাৰ ভিতৰত আৰু তাৰ আশে-পাশে থকা জলাশয়সমূহত উদ্ধাৰ অভিযান চলোৱাটো সম্ভৱ হৈ পৰিব।

এই নতুন সংযোজনৰ সৈতে, বিমান বন্দৰটোৱে এতিয়া এক অধিক ব্যাপক আৰু বহুমুখী জৰুৰীকালীন সঁহাৰি ব্যৱস্থা গঢ়ি তুলিছে, যি বিমান বন্দৰৰ ভিতৰৰ অংশ (Airside), বাহিৰৰ অংশ (Landside) আৰু পানী—সকলোতে সংঘটিত হ’ব পৰা ঘটনাৰ মোকাবিলা কৰিবলৈ সক্ষম। বিমান বন্দৰৰ বিষয়াসকলে জানিবলৈ দিয়া মতে, এই উন্নত প্ৰস্তুতিয়ে গুৱাহাটী বিমান বন্দৰক এই অঞ্চলটোৰ এনে এক সীমিত সংখ্যক বিমান বন্দৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে, য’ত একাধিক কাৰ্যক্ষম ক্ষেত্ৰত একত্ৰিত জৰুৰীকালীন সঁহাৰি জনোৱাৰ ক্ষমতা আছে।

HRET ক্ৰাশ্ব ফায়াৰ টেণ্ডাৰ আৰু পানীৰ উদ্ধাৰকাৰী নাওসমূহৰ এই অন্তৰ্ভুক্তিক গুৱাহাটী বিমান বন্দৰৰ জৰুৰীকালীন সঁহাৰি ক্ষমতা শক্তিশালী কৰাৰ ক্ষেত্ৰত এক প্ৰধান পদক্ষেপ হিচাপে গণ্য কৰা হৈছে, যিয়ে উত্তৰ-পূব ভাৰতৰ বিমান পৰিবহণৰ বাবে ইয়াক এক সুৰক্ষিত, নিৰাপদ আৰু নিৰ্ভৰযোগ্য বিমান বন্দৰ হিচাপে প্ৰতিষ্ঠা কৰিব।

লগতে পঢ়ক: সৰবৰাহকাৰীৰ কৱলৰ পৰা মুক্ত হৈ ছিখনা জহলাওত নতুন জীৱন পালে ৭টা সোণালী বান্দৰে

বিশ্বৰ শীৰ্ষ ৫% গৱেষকৰ তালিকাত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পাঁচগৰাকী বিজ্ঞানী

এই অভূতপূৰ্ব সাফল্যই কেৱল অসম ডাউন টাউন বিশ্ববিদ্যালয়-এ নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষা আৰু বিজ্ঞান জগতলৈ গৌৰৱ কঢ়িয়াই আনিছে

অসমৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান অসম ডাউন টাউন ইউনিভাৰ্ছিটি-এ শৈক্ষিক আৰু গৱেষণাৰ ক্ষেত্ৰত এক বৃহৎ সফলতা অৰ্জন কৰিছে । বিশ্ববিদ্যালয়খনৰ পাঁচগৰাকী বিশিষ্ট শিক্ষাবিদ তথা বিজ্ঞানীক ২০২৫ চনৰ মৰ্যাদাপূৰ্ণ ‘চাইৰেংক গ্ল’বেল ৰেজিষ্ট্ৰী’ (SciRank Global Registry)-ত বিশ্বৰ শীৰ্ষ ৫% গৱেষকৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ।

Bibliometric analysis আৰু গোলকীয় গৱেষণাৰ প্ৰভাৱৰ ওপৰত ভিত্তি কৰি এই বিজ্ঞানীকসকলক স্বতন্ত্ৰভাৱে পৰীক্ষা কৰাৰ পিছত এই গোলকীয় স্বীকৃতি প্ৰদান কৰা হৈছে ।

বিশ্বৰ সৰ্বশ্ৰেষ্ঠ গৱেষকসকলৰ ভিতৰত স্থান লাভ কৰা অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ বিজ্ঞানী পাঁচগৰাকী হৈছে :

অধ্যাপক নাৰায়ণ চন্দ্ৰ তালুকদাৰ – উপাচাৰ্য, অসম ডাউন টাউন বিশ্বিদ্যালয়

-অধ্যাপক চৈকত সেন- ডীন, ফাৰ্মাচিউটিকেল চাইন্স

-অধ্যাপক পাৰ্থ প্ৰতিম দত্ত- সহযোগী অধ্যাপক, ফাৰ্মাচিউটিকেল চাইন্স

-অধ্যাপক সুৰেশ ডেকা- অধ্যাপক, বিজ্ঞান

-ড° ৰবীন গগৈ অধ্যাপক, কৃষি বিজ্ঞান

অসমৰ শিক্ষা আৰু গৱেষণা ক্ষেত্ৰলৈ গৌৰৱ

এই অভূতপূৰ্ব সাফল্যই কেৱল অসম ডাউন টাউন বিশ্ববিদ্যালয়েই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষা আৰু বিজ্ঞান জগতলৈ গৌৰৱ কঢ়িয়াই আনিছে । ই বিশ্ববিদ্যালয়খনৰ ক্ৰমবৰ্ধমান বিশ্বজনীন গৱেষণাৰ পৰিসৰ আৰু শিক্ষাদান, উদ্ভাৱন তথা নতুন জ্ঞান সৃষ্টিৰ প্ৰতি থকা অদম্য দায়বদ্ধতাক প্ৰতিপন্ন কৰে । গোলকীয় পৰ্যায়ত বৈজ্ঞানিক গৱেষণাৰ প্ৰসাৰ আৰু প্ৰভাৱশালী বিদ্যায়তনিক কৰ্মৰ সৃষ্টিৰ ক্ষেত্ৰত এইসকল শিক্ষাবিদে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানক এই স্বীকৃতিয়ে প্ৰতিফলিত কৰিছে ।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অভিনন্দন

অসম ডাউন টাউন ইউনিভাৰ্ছিটি কৰ্তৃপক্ষই এই অসাধাৰণ আৰু ঐতিহাসিক সাফল্যৰ বাবে পাঁচোগৰাকী কৃতী বিজ্ঞানীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে । বিশ্ববিদ্যালয়খনৰ তৰফৰ পৰা জনোৱা হৈছে যে, আগন্তুক দিনবোৰতো সমাজৰ সামগ্ৰিক প্ৰগতি আৰু বিশ্বৰ বৈজ্ঞানিক উন্নয়নত অৰিহণা যোগাব পৰাকৈ এক সজীৱ, উন্নত তথা বিশ্বমানৰ গৱেষণাভিত্তিক পৰিৱেশ গঢ়ি তোলাৰ বাবে AdtU সদায় সমৰ্পিত হৈ থাকিব ।

লগতে পঢ়ক : কিউ এছ ৰেংকিং ২০২৭ : বিশ্বত জিলিকিল ভাৰতৰ শিক্ষানুষ্ঠান

অচিৰেই অসমৰ পৰিচয় বহন কৰিব ৪ কিলোমিটাৰ দীঘল ‘সাংস্কৃতিক কৰিডৰ’-এ

আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিসকলক আদৰিবলৈ সাজু হৈছে অসম । LGBI বিমানবন্দৰৰ পৰা ধাৰাপুৰলৈ সাংস্কৃতিক কৰিডৰ : কি কি থাকিব বিশেষ আকৰ্ষণ ?

অনাগত দিনত আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিসকলক আদৰিবলৈ সাজু হৈছে অসম । ইয়াৰ মাজতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ধাৰাপুৰক সংযোগ কৰা চাৰি কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাক এক ‘সাংস্কৃতিক কৰিডৰ’ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে । এই উদ্যোগৰ জৰিয়তে বিশ্বৰ দৰবাৰত অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাক প্ৰদৰ্শন কৰা হ’ব ।

‘জীৱন্ত দাপোণ’ হৈ উঠিব এই পথ

ৰাজ্যৰ কেবিনেট মন্ত্ৰী বিমল বৰাই ছচিয়েল মিডিয়াৰ জৰিয়তে এই পদক্ষেপৰ কথা প্ৰকাশ কৰে । মন্ত্ৰীগৰাকীৰ মতে, বিমানবন্দৰৰ পৰা ধাৰাপুৰলৈ যোৱা এই পথটোক অসমৰ সভ্যতাৰ এক “জীৱন্ত দাপোণ” লৈ ৰূপান্তৰিত কৰা হ’ব । এই কৰিডৰটোত পৰম্পৰাগত সংগীত, লোকনৃত্য, আৰু বিভিন্ন সাংস্কৃতিক ৰীতি-নীতিৰ জৰিয়তে অসমৰ ইতিহাস আৰু গৌৰৱময় ঐতিহ্যক প্ৰতিনিধিসকলৰ সন্মুখত তুলি ধৰা হ’ব ।

মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

মন্ত্ৰী বিমল বৰাৰ এই পদক্ষেপক আদৰণি জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিসকলৰ এক বিশাল সমাবেশৰ সন্মুখত অসমৰ সজীৱ সংস্কৃতিক প্ৰদৰ্শন কৰাৰ বাবে এয়া এক ব্যতিক্ৰমী আৰু অনন্য প্ৰচেষ্টা হ’ব ।

অসমৰ পৰ্যটন আৰু সাংস্কৃতিক প্ৰসাৰ

ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ মূল লক্ষ্য হৈছে :

-অসমক গোলকীয় মঞ্চত এক অন্যতম সাংস্কৃতিক আৰু পৰ্যটনস্থলী হিচাপে প্ৰতিষ্ঠা কৰা ।

-আন্তঃৰাষ্ট্ৰীয় দৰ্শনাৰ্থীসকলক অসমৰ কলা, সংস্কৃতি আৰু খিলঞ্জীয়া জনগোষ্ঠীয় পৰিচয়ৰ সৈতে পৰিচয় কৰাই দিয়া ।

-ৰাজ্যৰ পৰম্পৰাগত লোকশিল্পক এক নতুন মাত্ৰা প্ৰদান কৰা ।

এই সাংস্কৃতিক কৰিডৰটোৱে কেৱল পৰ্যটনকেই উৎসাহিত নকৰিব, বৰঞ্চ বিশ্ববাসীৰ মাজত অসমৰ এক সুকীয়া পৰিচয়ো দাঙি ধৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : চাহিদা পূৰাবলৈ সাজু অসম: বিদ্যুতৰ অভাৱ দূৰ কৰিবলৈ বৃহৎ প্ৰস্তুতি

স্কুল বেগৰ ওজনক লৈ মহানগৰীৰ বিদ্যালয়লৈ শিক্ষা বিভাগৰ নিৰ্দেশনা

জিলাখনৰ অন্তৰ্গত সকলো চৰকাৰী, প্ৰাদেশীকৃত আৰু বেচৰকাৰী (ব্যক্তিগত) বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্কুলীয়া বেগৰ সৰ্বাধিক ওজন বাধ্যতামূলকভাৱে স্থিৰ কৰি দিয়া হৈছে

ছাত্ৰ-ছাত্ৰীৰ পিঠিৰ পৰা স্কুলীয়া বেগৰ গধুৰ বোজা আৰু অতিৰিক্ত শৈক্ষিক মানসিক চাপ হ্ৰাস কৰাৰ বাবে এইবাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে । ৰাজ্য চৰকাৰৰ নীতি-নিৰ্দেশনা অনুসৰি, জিলাখনৰ স্কুলসমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া দিপীকা চৌধুৰীয়ে অলপতে এক চৰকাৰী নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশনা অনুসৰি, জিলাখনৰ অন্তৰ্গত সকলো চৰকাৰী, প্ৰাদেশীকৃত আৰু বেচৰকাৰী (ব্যক্তিগত) বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্কুলীয়া বেগৰ সৰ্বাধিক ওজন বাধ্যতামূলকভাৱে স্থিৰ কৰি দিয়া হৈছে ।

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ জাননী, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু ভাৰত চৰকাৰৰ গাইডলাইনৰ আধাৰত ছাত্ৰ-ছাত্ৰীসকলক স্বাস্থ্যজনিত সমস্যাৰ পৰা ৰক্ষা কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে ।

শ্ৰেণীভিত্তিক বেগৰ সৰ্বাধিক অনুমোদিত ওজন :

বিদ্যালয়সমূহে নিশ্চিত কৰিব লাগিব যাতে শিক্ষাৰ্থীৰ বেগৰ ওজন তলত দিয়া সীমাতকৈ অধিক নহয় :

প্ৰথম আৰু দ্বিতীয় শ্ৰেণী : সৰ্বাধিক ১.৫ কেজি ।

তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণী : ২ ৰ পৰা ৩ কেজি ।

ষষ্ঠ আৰু সপ্তম শ্ৰেণী : সৰ্বাধিক ৪ কেজি ।

অষ্টম আৰু নৱম শ্ৰেণী : সৰ্বাধিক ৪.৫ কেজি ।

দশম শ্ৰেণী : সৰ্বাধিক ৫ কেজি ।

ৰাজ্যৰ আন কেইবাখনো জিলাই ইতিমধ্যে এই নিয়ম সফলতাৰে কাৰ্যকৰী কৰি শিক্ষাৰ্থীসকলক এক ডাঙৰ সকাহ দিছে ।

বিদ্যালয়সমূহৰ বাবে আৱশ্যকীয় পদক্ষেপ :

নিৰ্দেশনাটোত বিদ্যালয় কৰ্তৃপক্ষক কেতবোৰ সক্ৰিয় ভূমিকা ল’বলৈ কোৱা হৈছে :

আগতীয়া তথ্য : প্ৰতিদিনে শ্ৰেণীত কি কি কিতাপৰ প্ৰয়োজন হ’ব, সেই বিষয়ে ছাত্ৰ-ছাত্ৰীক আগতীয়াকৈ জনাব লাগিব ।

সময়সূচীৰ পালন : শিক্ষাৰ্থীসকলে যাতে ৰুটিন বা সময়সূচী অনুসৰি কেৱল প্ৰয়োজনীয় পাঠ্যপুথি আৰু বহীহে লগত আনে, সেয়া নিশ্চিত কৰিব লাগিব ।

অননুমোদিত সামগ্ৰী নিষিদ্ধ : বজাৰৰ অননুমোদিত গাইড বুক বা যিকোনো অতিৰিক্ত সহায়ক সামগ্ৰী বিদ্যালয়লৈ অনাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব লাগিব ।

সজাগতা আৰু কাউন্সেলিং : গধুৰ বেগৰ কু-প্ৰভাৱৰ বিষয়ে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক পৰামৰ্শ দিব লাগিব আৰু বহল পিঠিৰ ফিতা থকা পাতল বেগ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিব লাগিব ।

নিয়ম উলংঘা কৰিলে হ’ব শাস্তি :

এই নিয়ম কেৱল কাগজতে সীমাবদ্ধ নাথাকিব বুলি স্পষ্ট কৰি দিছে স্কুলসমূহৰ পৰিদৰ্শকে । ছাত্ৰ-ছাত্ৰীয়ে যাতে অপ্ৰয়োজনীয় ডায়েৰী বা অতিৰিক্ত কিতাপ কঢ়িয়াই আনিব নোৱাৰে, তাৰ বাবে স্কুল কৰ্তৃপক্ষই সময়ে সময়ে আকস্মিক পৰিদৰ্শন কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু ইয়াৰ সঠিক ৰেকৰ্ড বা নথি-পত্ৰও ৰাখিব লাগিব ।

তদুপৰি, জিলা পৰ্যায়ৰ এক বিশেষ পৰিদৰ্শনকাৰী দলেও যিকোনো সময়তে বিদ্যালয়সমূহত হঠাতে অভিযান চলাব । যদি কোনো শিক্ষানুষ্ঠানে এই নিয়ম উলংঘা কৰা ধৰা পৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে বিভাগীয়ভাৱে কঠোৰ আইনী আৰু প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব । এই গোটেই বিষয়টোক “আটাইতকৈ জৰুৰী” হিচাপে গণ্য কৰি শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত বহুলভাৱে প্ৰচাৰ কৰিবলৈ বিদ্যালয়সমূহৰ মুৰব্বীসকলক কঠোৰ নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক : গুৱাহাটীৰ আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বিশ্বৰ সুন্দৰতম বিমানবন্দৰৰ তালিকাত গুৱাহাটী বিমানবন্দৰ

গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ স্বীকৃতি । বিশ্বৰ আটাইতকৈ ধুনীয়া বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰিছে গুৱাহাটী বিমানবন্দৰে । এই খবৰে আনন্দিত কৰি তুলিছে ৰাজ্যবাসীক ।

ৰাজ্যবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ । গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ অনন্য স্বীকৃতি । বিশ্বৰ আটাইতকৈ ধুনীয়া তথা সুন্দৰ বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰিছে গুৱাহাটী বিমানবন্দৰে । কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে ৰাজ্যবাসীক এই খবৰ অৱগত কৰে ।

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনটো Prix Versailles World’s Most Beautiful Airports List 2026-ত অন্তৰ্ভুক্ত হৈছে ।

সামাজিক মাধ্যমত এক্স-ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই স্বীকৃতিয়ে অসমৰ স্থাপত্যশৈলীৰ পৰিচয় আৰু ডিজাইনৰ পৰম্পৰাৰ প্ৰতি ক্ৰমবৰ্ধমান আন্তঃৰাষ্ট্ৰীয় প্ৰশংসাক প্ৰতিফলিত কৰিছে ।

এক্স-ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অসমৰ স্থাপত্যশৈলীৰ পৰিচয়ক সমগ্ৰ বিশ্বই আদৰি লৈছে ।” তেওঁ লগতে কয় যে থলুৱা কলা, স্থানীয় শিল্পকলা আৰু প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত উপাদানসমূহৰ সংমিশ্ৰণেৰে তৈয়াৰ কৰা ডিজাইনৰ বাবে টাৰ্মিনেলটোৱে বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে ।

এই স্বীকৃতিক ৰাজ্যখনৰ বাবে এক গৌৰৱৰ ক্ষণ বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ হিচাপে বিবেচিত এই বিমানবন্দৰটোৱে বিশ্বৰ একাংশ শ্ৰেষ্ঠ বিমানবন্দৰৰ ডিজাইনক প্ৰশংসা কৰা এক সুকীয়া তালিকাত স্থান লাভ কৰিছে ।

ফেচবুকৰ এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-“ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ এই আলোকচিত্ৰসমূহ নতুন অসমৰ অভূতপূৰ্ব গৌৰৱৰ প্ৰতীক ।

জনপ্ৰিয় প্ৰিক্স ভাৰ্ছেইলছ বিশ্বৰ আটাইতকৈ ধুনীয়া বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল–২-এ বিশ্ব মঞ্চত অসমক নতুন পৰিচয় দিছে ।

অসমৰ সমৃদ্ধ ঐতিহ্য, থলুৱা শিল্পকলা, প্ৰকৃতিৰ সৌন্দৰ্য আৰু স্থানীয় কাৰুকাৰ্যৰ অনন্য সমন্বয়েৰে নিৰ্মিত এই টাৰ্মিনেল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ হিচাপে আজি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বাধিক সুন্দৰ বিমানবন্দৰসমূহৰ সন্মানীয় তালিকাত নিজৰ স্থান সুনিশ্চিত কৰিব পৰাটো এক পৰম গৌৰৱৰ বিষয়৷ বিশ্বমুখী অগ্ৰগামী যাত্ৰাৰ এক গৌৰৱোজ্জ্বল স্বীকৃতিৰ ক্ষণত অসমবাসীলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ ৷”

উল্লেখ্য যে, গুৱহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনটো অসমৰ সাংস্কৃতিক ঐতিহ্য আৰু প্ৰাকৃতিক দৃশ্যৰ দ্বাৰা অনুপ্ৰাণিত স্থাপত্যৰে ডিজাইন কৰা হৈছিল । ইয়াৰ বৈশিষ্ট্যসমূহৰ ভিতৰত আধুনিক যাত্ৰী সুবিধা প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ পৰিচয় প্ৰতিফলিত কৰাৰ উদ্দেশ্যে পৰম্পৰাগত মটিফ আৰু স্থানীয়ভাৱে অনুপ্ৰাণিত ডিজাইনৰ উপাদানসমূহ অন্তৰ্ভুক্ত কৰা হৈছে ।

Prix Versailles হৈছে এক আন্তঃৰাষ্ট্ৰীয় বঁটা কাৰ্যসূচী, যিয়ে বিমানবন্দৰ, হোটেল, সংগ্ৰহালয় আৰু ৰাজহুৱা আন্তঃগাঁথনিকে ধৰি বিভিন্ন শ্ৰেণীৰ স্থাপত্য আৰু ডিজাইনৰ উৎকৃষ্টতাক স্বীকৃতি প্ৰদান কৰে ।

লগতে পঢ়ক : গুৱাহাটীবাসী সাৱধান! দুৰ্যোগ প্ৰশমন বিভাগৰ জৰুৰী সতৰ্কবাণী!

গুৱাহাটীৰ আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটীৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰি মুখ্যমন্ত্রীগৰাকীয়ে মহানগৰখনৰ চলি থকা আন্তঃগাঁথনি প্ৰকল্প, ৰাজহুৱা সুবিধা আৰু বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীৰ বুজ লয়

মহানগৰীৰ সৰ্বাংগীণ বিকাশ আৰু সৌন্দৰ্যবৰ্ধনৰ লক্ষ্যৰে আজি এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই । আজি গুৱাহাটীৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰি মুখ্যমন্ত্রীগৰাকীয়ে চহৰখনৰ চলি থকা আন্তঃগাঁথনি প্ৰকল্প, ৰাজহুৱা সুবিধা আৰু বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীৰ বুজ লয় ।

পৰিদৰ্শনকালত মুখ্যমন্ত্রীগৰাকীয়ে নিৰ্মাণকাৰ্য চলি থকা বিভিন্ন স্থানসমূহ পৰীক্ষা কৰে । নগৰীয়া আন্তঃগাঁথনি শক্তিশালী কৰা, ৰাজহুৱা সেৱা উন্নত কৰা আৰু নাগৰিকসকলক আধুনিক সুবিধাসমূহ প্ৰদান কৰাৰ লক্ষ্যৰে যিবোৰ প্ৰকল্প হাতত লোৱা হৈছে, সেইসমূহৰ প্ৰগতিৰ বুজ লয় মুখ্যমন্ত্রীয়ে । ইয়াৰ উপৰিও, প্ৰকল্পসমূহৰ কাম-কাজ যাতে নিৰ্ধাৰিত সময়ৰ ভিতৰত গুণগত মানদণ্ড অটুট ৰাখি সম্পূৰ্ণ হয়, তাৰ বাবে তেওঁ সংশ্লিষ্ট বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় আৰু প্ৰয়োজনীয় দিশ-নিৰ্দেশনা প্ৰদান কৰে ।

ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘X’-ত এই সন্দৰ্ভত তথ্য শ্বেয়াৰ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে গুৱাহাটী চহৰখনৰ আধুনিক ৰূপান্তৰণ আৰু বাসিন্দাসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাটো চৰকাৰৰ মূল লক্ষ্য । এই প্ৰচেষ্টাৰ অংশ হিচাপে আজি তেওঁ মহানগৰীৰ গুৰুত্বপূৰ্ণ স্থানসমূহ ভ্ৰমণ কৰি আন্তঃগাঁথনি উন্নয়নৰ বুজ লৈছে ।

উল্লেখ্য যে, ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ চহৰ গুৱাহাটীক এক বিশ্বমানৰ মহানগৰী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে এক ব্যাপক প্ৰয়াস হাতত লৈছে । এই পৰ্যালোচনাও চৰকাৰৰ সেই সুদূৰপ্ৰসাৰী আঁচনিৰে এক অংশ, য’ত নগৰীয়া সংযোগ ব্যৱস্থা উন্নত কৰা আৰু উন্নয়নমূলক পদক্ষেপসমূহ খৰতকীয়া কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে । আজি মুখ্যমন্ত্রীয়ে বুজ লোৱা নিৰ্দিষ্ট প্ৰকল্পসমূহৰ সন্দৰ্ভত চৰকাৰে পৰৱৰ্তী সময়ত সবিশেষ তথ্য সদৰী কৰিব বুলি জানিব পৰা গৈছে ।

ইফালে জাপানৰ প্ৰধানমন্ত্ৰী ছানাৱে টাকা ইচিৰ সম্ভাৱ্য উচ্চস্তৰীয় কূটনৈতিক ভ্ৰমণৰ প্ৰস্তুতিৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড০ শৰ্মাই দেওবাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰো প্ৰস্তুতিৰ বুজ লয় । এই পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী, গুৱাহাটী উন্নয়ন মন্ত্ৰী আৰু অন্যান্য জ্যেষ্ঠ চৰকাৰী বিষয়াসকল উপস্থিত থাকে । প্ৰতিনিধি দলটোৱে বিমানবন্দৰটোৰ নতুন সংহত টাৰ্মিনেলটো পুংখানুপুংখভাৱে পৰ্যালোচনা কৰে, যাক এই সমগ্ৰ অঞ্চলটোৰ বাবে এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক সম্পদ হিচাপে গণ্য কৰা হৈছে ।

এলজিবিআই বিমানবন্দৰৰ এই অত্যাধুনিক নতুন টাৰ্মিনেলটোৱে গুৱাহাটীক এটা প্ৰধান বিমান পৰিবহণ কেন্দ্ৰ হিচাপে গঢ়ি তুলি উত্তৰ-পূবৰ যোগাযোগ ব্যৱস্থা লক্ষণীয়ভাৱে বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে । এই নতুন টাৰ্মিনেলটো বছৰি ১.৩ কোটিতকৈও অধিক যাত্ৰীৰ গমনাগমন চম্ভালিব পৰাকৈ সাজু কৰা হ’ব, যাৰ ফলত অঞ্চলটোৰ বিমান যাতায়তৰ চাপ বহু পৰিমাণে হ্ৰাস পাব ।

লগতে পঢ়ক : গুৱাহাটীত হ’ব ছেটেলাইট চিটী : কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

গুৱাহাটীত হ’ব ছেটেলাইট চিটী : কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

গুৱাহাটীৰ লোক সেৱা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত এই সিদ্ধান্তসমূহ লোৱা হয়

গুৱাহাটী মহানগৰীৰ পৰিকল্পিত সম্প্ৰসাৰণ আৰু ৰাজ্যৰ গ্ৰামোন্নয়নৰ লক্ষ্যৰে শনিবাৰে অসম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে । গুৱাহাটীৰ লোক সেৱা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত এই সিদ্ধান্তসমূহ লোৱা হয় ।

কেবিনেট বৈঠকৰ অন্তত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সিদ্ধান্তসমূহৰ সবিশেষ ৰাজহুৱা কৰে ।

গুৱাহাটীৰ বাবে নতুন উপগ্ৰহ চহৰ প্ৰকল্প-

মহানগৰীৰ বৰ্ধিত জনসংখ্যা আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ‘গুৱাহাটী ছেটেলাইট চিটিজ ডেভেলপমেণ্ট অথৰিটি’ (GSCDA) গঠনত অনুমোদন জনাইছে । ইয়াৰ উদ্দেশ্য হ’ল গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল তথা জি এম ডি এ-ৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত উপগ্ৰহ চহৰ সমূহৰ পৰিকল্পনা, বিত্তীয় যোগান আৰু উন্নয়ন ত্বৰান্বিত কৰা ।

কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়- “ভৱিষ্যতৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে গুৱাহাটীত এক পৰিকল্পিত নগৰীকৰণৰ সম্প্ৰসাৰণ আৰু বিকাশৰ প্ৰয়োজন । উন্নয়নৰ এই পৰৱৰ্তী পৰ্যায়টোক আগুৱাই নিবলৈ আমি এই সিদ্ধান্ত লোৱা হৈছে ।”

ইফালে আগন্তুক ৬ জুলাইৰ পৰা অসম বিধানসভাত ৰাজ্য চৰকাৰে পূৰ্ণাংগ বাজেট উত্থাপন কৰিব বুলিও জানিবলৈ দিয়ে তেওঁ । আনহাতে অহা ১, ২ আৰু ৩ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটী ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে । কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীৰ এই সম্ভাৱ্য ভ্ৰমণ আৰু ইয়াৰ প্ৰস্তুতিৰ সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰা হয় ।

লগতে পঢ়ক : ১ জুলাইৰ পৰা অসমত আৰম্ভ হ’ব ‘VB-G RAM G’ আঁচনি