এতিয়াৰে পৰা ‘কেৰালাম’ নামেৰে জনা যাব কেৰালাক, মোদী কেবিনেটৰ সিদ্ধান্ত

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উল্লেখ কৰে যে কেৰালাৰ নাম সলনি কৰা বিধেয়কখন এতিয়া ৰাজ্য বিধানসভালৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ’ব ।

মঙলবাৰে কেন্দ্ৰীয় কেবিনেটে কেৰালাৰ নাম সলনি কৰি “কেৰালাম” কৰাত অনুমোদন জনায় । কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, “ভাষাৰ আধাৰত ৰাজ্যখন সৃষ্টি হোৱাৰ পৰাই কেৰালাৰ নাম কেৰালাম ৰখাৰ দাবী উত্থাপন হৈ আহিছে । কেবিনেটে এই দাবীত অনুমোদন জনাইছে ।” চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া কেৰালা বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উল্লেখ কৰে যে কেৰালাৰ নাম সলনি কৰা বিধেয়কখন এতিয়া ৰাজ্য বিধানসভালৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ’ব । তেওঁ লগতে কয় যে নতুন প্ৰধানমন্ত্ৰী কাৰ্যালয় ভৱনত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত ১৪০ কোটি লোকৰ স্বাৰ্থত সকলো সিদ্ধান্ত লোৱাৰ প্ৰস্তাৱ গৃহীত কৰা হয় ।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নতুন ভৱন ‘সেৱা তীৰ্থ’ত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এইখনেই আছিল প্ৰথমখন বৈঠক । কেৰালা বিধানসভাই ২০২৪ চনৰ ২৪ জুনত সৰ্বসন্মতিক্ৰমে এক প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰক ৰাজ্যখনৰ নাম আনুষ্ঠানিকভাৱে ‘কেৰালাম’লৈ সলনি কৰিবলৈ আহ্বান জনায় । কেৰালা বিধানসভাই দ্বিতীয়বাৰৰ বাবে এই প্ৰস্তাৱ গৃহীত কৰে কাৰণ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰথম প্ৰস্তাৱটো পৰ্যালোচনা কৰাৰ সময়ত কিছু কাৰিকৰী পৰিৱৰ্তনৰ পৰামৰ্শ দিছিল ।

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে বিচাৰিছিল যে কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ অষ্টম অনুসূচীত তালিকাভুক্ত সকলো ভাষাতে দক্ষিণৰ ৰাজ্যখনৰ নাম কেৰালাৰ পৰা “কেৰালাম”লৈ সলনি কৰক । কেৰালা বিধানসভাই ২০২৩ চনৰ আগষ্ট মাহত একেধৰণৰ সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গৃহীত কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছিল যদিও গৃহ মন্ত্ৰালয়ে কিছু কাৰিকৰী পৰিৱৰ্তনৰ পৰামৰ্শ আগবঢ়াইছিল ।

লগতে পঢ়ক : ভাৰত ভ্ৰমণলৈ আহিব কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নী, প্ৰতিৰক্ষা-প্ৰযুক্তিকে ধৰি বহু বিষয়ত হ’ব আলোচনা

মিছন দক্ষিণ; কেৰালাত প্ৰধানমন্ত্ৰী মোদীয়ে বজালে নিৰ্বাচনী ৰণডংকা

আহি আছে কেৰালা বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ ৰণডংকা বজাবলৈ আজি কেৰালাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

ভাৰতবৰ্ষৰ সকলো স্থানতে বিজেপিয়ে নিজৰ আধিপত্য বিস্তাৰ কৰিছে যদিও দক্ষিণ ভাৰতত বিজেপিয়ে যেন সংগ্ৰাম কৰি আছে।

গুজৰাটৰ পৰা উত্তৰ-পূৰ্বাঞ্চল, কাশ্মীৰৰ পৰা কৰ্ণাটকলৈ বিজেপিৰ গেৰুৱা পতাকা উৰুৱাইছে কিন্তু  কেৰালা, তামিলনাডু আৰু তেলেংগানাত ই স্থান লাভ কৰা নাই।

অৱশ্যে কিছু স্থানীয় নিৰ্বাচনত নিশ্চিতভাৱে কিছু ভাল খবৰ আহিছিল। নতুন বছৰত নতুন আৰু কনিষ্ঠতম ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন কৰাৰ পিছত এতিয়া বিজেপি নিৰ্বাচনী মোডলৈ আহিছে।

আজি প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ তিৰুৱনন্তপুৰমৰ পৰা দক্ষিণ অভিযান আৰম্ভ কৰে।ইফালে কেৰালাত ইনোভেচন এণ্ড এণ্টাৰপ্ৰেনিউৰশ্বিপ হাবৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

কেৰালাত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে,কেৰালাৰ বাওঁপন্থী গোটবোৰে হয়তো মোক ভাল নাপাব। তথাপিও তথ্যখিনি উল্লেখ কৰিম।১৯৮৭ চনৰ আগতে বিজেপি গুজৰাটৰ এটা প্ৰান্তীয় দল আছিল।

আমাৰ যাত্ৰা গুজৰাটৰ এখন চহৰৰ পৰা আৰম্ভ হৈছিল, আৰু সেইদৰেই কেৰালাতো আমি এখন চহৰৰ পৰাই আৰম্ভ কৰিলোঁ।

মোৰ বিশ্বাস ইয়াৰ পৰাই বুজা যায় যে কেৰালাৰ জনসাধাৰণে বিজেপিক বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে আৰু সেইদৰে আমাৰ সৈতে সংযোগ হৈছে যেনেকৈ গুজৰাটৰ জনসাধাৰণ এসময়ত সংযুক্ত হৈছিল।

কেৰালাত প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে,’আজি কেৰালাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাই নতুন গতি লাভ কৰিছে।আজিৰ পৰা কেৰালাত ৰে’ল সংযোগ সুদৃঢ় হৈ পৰিছে।’

লগতে পঢ়ক: ক্ষমতাৰ বাবেই ভাতৃক বিশ্বাসঘাতক; উদ্ধৱ থাকৰেৰ শত্ৰুৰে হাত মিলালে ৰাজ থাকৰেয়ে

এন ডি এয়েহে দিব পাৰিব সুৰক্ষা… কেৰালাত নিৰ্বাচনী ৰণশিঙা বজালে গৃহমন্ত্ৰী অমিত শ্বাহে

কেৰালাত দেওবাৰে এক অনুষ্ঠানত আগন্তুক নিৰ্বাচনী ৰণডংকা বজালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । তেওঁ কয় যে, উন্নত কেৰালাৰ দৰেই নিৰাপদ কেৰালাও গুৰুত্বপূৰ্ণ । কেৱল এন ডি এয়েহে কেৰালাক সুৰক্ষিত আৰু উন্নত কৰি তুলিব পাৰিব ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে কেৰালাৰ শাসকীয় বাওঁ ডেম’ক্ৰেটিক ফ্ৰণ্ট (এল ডি এফ) আৰু বিৰোধী ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ ওপৰত তীব্ৰ আক্ৰমণ চলায় । তেওঁ অভিযোগ কৰে যে দুয়োটা মিত্ৰজোঁটে ৰাজ্যখনক উগ্ৰ সংগঠনৰ পৰা ৰক্ষা কৰাত ব্যৰ্থ হৈছে কাৰণ তেওঁলোকে এনে সংগঠনক নিজৰ ভোট বেংক বুলি গণ্য কৰে । অমিত শ্বাহে দাবী কৰে যে কেৱল এন ডি এয়েহে কেৰালাক সুৰক্ষিত আৰু উন্নত কৰি তুলিব পাৰিব ।

কেৰালা কৌমুডীৰ দ্বাৰা আয়োজন কৰা এক কনক্লেভত ভাষণ দি অমিত শ্বাহে কয় যে, “উপৰে উপৰে চালে কেৰালাৰ আইন-শৃংখলা পৰিস্থিতি শান্ত যেন লাগে, কিন্তু ভিতৰত এনে বহু বিপদৰ সৃষ্টি হৈছে, যিটো আগন্তুক সময়ত অতি বিপজ্জনক বুলি প্ৰমাণিত হ’ব পাৰে ।”

কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰা পি এফ আই আৰু জামাত-ই-ইছলামীৰ কথা উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয়, “এল ডি এফ বা ইউ ডি এফে কেৰালাক পি এফ আই আৰু জামাত-ই-ইছলামীৰ পৰা সুৰক্ষিত ৰাখিব পাৰিবনে ? কেতিয়াও নোৱাৰে । কাৰণ তেওঁলোকে ইয়াক নিজৰ ভোট বেংক বুলি গণ্য কৰে । কেৱল এন ডি এয়েহে কেৰালাক সুৰক্ষিত ৰাখিব পাৰিব ।” তেওঁ জোৰ দি কয় যে উন্নত কেৰালাৰ দৰেই নিৰাপদ কেৰালাও গুৰুত্বপূৰ্ণ ।

পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পি এফ আই)ৰ ওপৰত নিষেধাজ্ঞাৰ বিষয়ে মন্তব্য দি অমিত শ্বাহে কয় যে এল ডি এফ আৰু ইউ ডি এফ দুয়োটা দলে এই সিদ্ধান্তক মুকলিকৈ সমৰ্থন বা বিৰোধিতা কৰা নাছিল । তেওঁ কয় যে পি এফ আই নিষিদ্ধ কৰি আমি ইয়াৰ সমগ্ৰ কেডাৰক কাৰাগাৰৰ আঁৰত ৰাখিলোঁ আৰু ইয়াৰ ফলত সমগ্ৰ দেশখনেই সুৰক্ষিত হৈ পৰিছে ।’ অমিত শ্বাহে লগতে কয় যে “পৰ্দাৰ আঁৰত চলি থকা অদৃশ্য ভাবুকি” চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক : ‘মই নেহৰুৰ অন্ধভক্ত নহয়’; দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীক লৈ শশী থাৰুৰ বিস্ফোৰক মন্তব্য

কেৰালাত বাওঁপন্থীৰ অক্ষত দুৰ্গত মোক্ষম আঘাত, অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

তিৰুৱনন্তপুৰমত বাওঁ শিবিৰক ওফৰাই ঐতিহাসিক জয় সাব্যস্ত কৰিছে বিজেপিয়ে । এই জয়ৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰিছে ।

কেৰালাৰ স্থানীয় নিকায় নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জনতা পাৰ্টিয়ে তিৰুৱনন্তপুৰম পৌৰ নিগমত ঐতিহাসিক জয় সাব্যস্ত কৰিছে । চাৰি দশক ধৰি বাওঁ গণতান্ত্ৰিক মৰ্চাৰ দুৰ্গ তিৰুৱনন্তপুৰমত বিজেপিয়ে এই ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে । বিজেপিৰ এই প্ৰদৰ্শনে কেৰালা বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত এক ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছে । এই ঐতিহাসিক বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিক অভিনন্দন জ্ঞাপন কৰিছে ।

কেৰালাৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ-

প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি তিৰুৱনন্তপুৰমৰ জনসাধাৰণক নিৰ্বাচনী বিজয়ৰ বাবে ধন্যবাদ জনায় । তেওঁ কয়, “কেৰালাৰ স্থানীয় নিকায় নিৰ্বাচনত বিজেপি আৰু এন ডি এৰ প্ৰাৰ্থীক ভোট দিয়া ৰাজ্যখনৰ সকলো জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো । কেৰালা এতিয়া ইউ ডি এফ আৰু এল ডি এফৰ পৰা বিৰক্ত হৈছে । ৰাজ্যৰ জনসাধাৰণে এতিয়া এন ডি এক একমাত্ৰ বিকল্প হিচাপে দেখিছে যিয়ে সুশাসন প্ৰদান কৰিব পাৰে আৰু সকলোৰে বাবে সুযোগেৰে ভৰা এখন উন্নত কেৰালা গঢ়ি তুলিব পাৰে ।”

আন এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ধন্যবাদ, তিৰুৱনন্তপুৰম! তিৰুৱনন্তপুৰম পৌৰ নিগমত বিজেপি-এনডিএক দিয়া আদেশ কেৰালাৰ ৰাজনীতিত এক ঐতিহাসিক টাৰ্নিং পইণ্ট । জনসাধাৰণৰ সম্পূৰ্ণ আস্থা আছে যে কেৱল আমাৰ দলেহে ৰাজ্যখনৰ উন্নয়নৰ আকাংক্ষা পূৰণ কৰিব পাৰিব । আমাৰ দলে এই সজীৱ চহৰখনৰ উন্নয়ন আৰু জনসাধাৰণৰ জীৱন-যাপনৰ সুচল উন্নত কৰাৰ বাবে অধ্যৱসায়ীভাৱে কাম কৰিব ।”

দলীয় কৰ্মীক অভিনন্দন-

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “তিৰুৱনন্তপুৰম পৌৰ নিগমৰ এক দৰ্শনীয় নিৰ্বাচনী ফলাফল নিশ্চিত কৰাৰ বাবে জনসাধাৰণৰ মাজত কাম কৰা সকলো কঠোৰ পৰিশ্ৰমী বিজেপি কৰ্মীলৈ মই কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছো । আজি কেৰালাত প্ৰজন্ম ধৰি তৃণমূল পৰ্যায়ত কাম কৰি অহা কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰামক স্মৰণ কৰাৰ দিন আৰু তেওঁলোকৰ বাবেই এই ফলাফল সম্ভৱ হৈছে ।” তেওঁ কয় যে আমাৰ কৰ্মীসকল আমাৰ শক্তি আৰু তেওঁলোকৰ বাবে আমি গৌৰৱান্বিত ।

কেৰালাত বাওঁ শিবিৰৰ বৃহৎ বিপৰ্যয়-

কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰমত স্থানীয় সংস্থাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু এন ডি এৰ প্ৰাৰ্থীৰ বিজয়ক চাৰি দশকৰো অধিক সময় ইয়াত ক্ষমতা দখল কৰা বাওঁপন্থী দলসমূহৰ বাবে এক বৃহৎ ৰাজনৈতিক আঘাত হিচাপে বিবেচিত হৈছে । কংগ্ৰেছ দলৰ বাবেও ই এক বিপৰ্যয়ৰ প্ৰতিনিধিত্ব কৰে, কিয়নো কংগ্ৰেছ নেতা শশী থাৰুৰে তিৰুৱনন্তপুৰম লোকসভা আসনৰ পৰা একেৰাহে চাৰিটা কাৰ্যকালৰ বাবে সাংসদ নিৰ্বাচিত হৈছে ।

লগতে পঢ়ক : ইভিএম নহয়, হৃদয় হেক কৰে প্ৰধানমন্ত্ৰী মোদীয়ে… লোকসভাত গৰজি উঠিল কংগনা ৰানাৱট

বিট্ৰেইনলৈ উভতাই নিব F35B যুদ্ধ বিমানখন ; বিশেষজ্ঞই দাঙিলে হাত

F35B যুদ্ধ বিমানখন বিট্ৰেইনলৈ উভতাই নিব

যোৱা ১৪ জুনত কেৰালাৰ তিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰীকালীনভাৱে অৱতৰণ কৰিছিল ব্ৰিটিছ ৰয়েল নেভিৰ F35B যুদ্ধ বিমানখনে।

তেতিয়াৰ পৰা এই যুঁজাৰু বিমানখন ইয়াতে আছে আৰু ১৯ দিনৰ পাছতো বিমানখনত কি বিসংগতি আছে সেইটো সমাধান কৰিব পৰা নাই।

এতিয়া সূত্ৰৰ পৰা জানিব পৰা গৈছে যে যুদ্ধ বিমানখন টুকুৰা টুকুৰ কৰি চি-১৭ গ্ল’বমাষ্টাৰ সামৰিক মালবাহী বিমানৰ জৰিয়তে পুনৰ ব্ৰিটেইনলৈ লৈ যোৱা হ’ব।

ধৰিব পৰা নগ’ল বিসংগতি

কেৰালাত বিমানখন ঠিক কৰাৰ কেইবাবাৰো চেষ্টা চলোৱাৰ পিছতো, পঞ্চম প্ৰজন্মৰ এই যুঁজাৰু বিমানখন অভিযান্ত্ৰিক দোষৰ বাবে এতিয়াও বিমানবন্দৰতে আছে।

বিমানখনক পুনৰ উৰণৰ বাবে সাজু কৰাৰ সকলো প্ৰচেষ্টা এতিয়ালৈকে বিফল হোৱা বুলি প্ৰমাণিত হৈছে।এনে পৰিস্থিতিত বিমানখন টুকুৰা টুকুৰকৈ লৈ যোৱাৰ বাহিৰে আন কোনো উপায় বাকী থকা নাই।

জানিব পৰা মতে ব্ৰিটেইনৰ পৰা এতিয়া লৈকে কোনো অভিযান্ত্ৰিক দল ভৰতত উপস্থিত হোৱা নাই। যুদ্ধ বিমানখন মেৰামতিৰ বাবে ৩০ জনীয়া অভিযন্তাৰ এটা দলে তিৰুৱনন্তপুৰমত উপস্থিত হোৱাৰ সম্ভাৱনা আছিল, কিন্তু তেওঁলোক এতিয়ালৈকে আহি পোৱা নাই।

লকহিড মাৰ্টিনৰ দ্বাৰা নিৰ্মিত পঞ্চম প্ৰজন্মৰ বিমান F35B ৰ এটা চুটি টেক-অফ আৰু উলম্ব অৱতৰণ (STOVL) সংস্কৰণ, ইচ এম এছ প্ৰিন্স অৱ ৱেলছ, যিখন বৰ্তমান বৰ্তমান ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিয়োজিত ৰয়েল নেভিৰ আগশাৰীৰ বিমানবাহী জাহাজ, যি উভতি অহাৰ সময়ত কাৰিকৰী দোষৰ বাবে বিমানখন কেৰালা বিমানবন্দৰত অৱতৰণ কৰা হয়।

যোৱা সপ্তাহত ব্ৰিটিছ উচ্চ আয়োগে জাৰি কৰা এক বিবৃতি অনুসৰি,’ যোৱা ১৫ জুনত পাইলটে তিৰুৱনন্তপুৰমত নিৰাপদে বিমানখন অৱতৰণ কৰে।

কিন্তু অৱতৰণৰ পিছত বিমানখনত কিছু সমস্যাৰ সৃষ্টি হয়, যাক বিষয়াসকলে ‘ইঞ্জিনিয়াৰিং সমস্যা’ বুলি অভিহিত কৰে।উচ্চ আয়োগে কয়, ‘ব্ৰিটেইনৰ এখন F35B বিমানখন বতৰৰ প্ৰতিকূল পৰিস্থিতিৰ বাবে এইচ এম এছ প্ৰিন্স অৱ ৱেলছলৈ ঘূৰি আহিব নোৱাৰিলে।

নিৰাপত্তাক অগ্ৰাধিকাৰ দি বিমানখন ভাৰতৰ তিৰুৱনন্তপুৰম বিমানবন্দৰলৈ ডাইভাৰ্ট কৰি নিৰাপদে অৱতৰণ কৰে।পিছত বিমানখনে বিমানবন্দৰত অভিযান্ত্ৰিক সমস্যাৰ সৃষ্টি কৰে যাৰ ফলত বিমানখনক বাহক জাহাজলৈ ঘূৰাই আনিব পৰা নাই।

ব্ৰিটিছ বিষয়াসকলে এতিয়া বিমানখন ঘূৰাই অনাৰ বিকল্প পৰিকল্পনাৰ ওপৰত কাম কৰি আছে।সামৰিক পৰিবহণৰ দৃষ্টিকোণৰ পৰা বিমানখনক ঘূৰাই নিয়াৰ বাবে বিমানখন আংশিকভাৱে ভাঙি পেলোৱাটোৱেই উত্তম বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে।

লগতে পঢ়ক: ভাৰতে নিৰ্মাণ কৰিব আটাইতকৈ শক্তিশালী বাংকাৰ-বাষ্টাৰ্ছ; মাটিৰ ১০০ মিটাৰ পৰ্যন্ত সোমাই কৰিব আক্ৰমণ

মেট্ৰিকত ফেইল কৰিলে পুত্ৰই… কেক কাটি, মিঠাই বিতৰণ কৰি পিতৃ-মাতৃয়ে কৰিলে উদযাপন

বৰ্তমানৰ পৃথিৱীত, য’ত সন্তানক তেওঁলোকৰ ফলাফল, বিফল হোৱা বা উত্তীৰ্ণ হোৱাৰ ওপৰত ভিত্তি কৰি বিচাৰ কৰা হয় । টপাৰ তথা উন্নত ফলাফল প্ৰদৰ্শন কৰাসকলে সকলো ফালৰ পৰা প্ৰশংসা লাভ কৰাৰ বিপৰীতে ফেইল বা বিফল হোৱা সকলে কেৱল ঠাট্টা-মস্কৰাহে লাভ কৰে । এনে সময়ত কোনে তেওঁলোকক বুজাব যে স্কুলৰ ৰিজাল্ট কেৱল জীৱনৰ এটা অংশ, সমগ্ৰ জীৱন নহয় । ইয়াৰ পিছতো আৰু পথ আছে ।

সমাজত প্ৰায়ে দেখা যায় যে এগৰাকী ছাত্ৰ বা ছাত্ৰী বিফল হ’লে কেৱল সমাজখনেই নহয়, আনকি পিতৃ-মাতৃয়েও তেওঁক ঠাট্টা-মস্কৰা কৰে । কিন্তু যিখন পৃথিৱীত বিফল হ’লে শিক্ষাৰ্থীক ঠাট্টা-মস্কৰা, গালি-শপনি, হেঁচা দিয়াটো সাধাৰণ কথা হৈ পৰিছে, তেনে সময়তে  কৰ্ণাটকৰ এটি পৰিয়ালে কল্পনাৰ বাহিৰলৈ গৈ পুত্ৰৰ বিফলতাৰ দিনটোক উৎসৱৰ দৰে উদযাপন কৰে । এতিয়া এই উদযাপনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

৬টা বিষয়তে ফেইল-

কৰ্ণাটকৰ বাগলকোটৰ বাসৱেশ্বৰ ইংলিছ মিডিয়াম বিদ্যালয়ত অধ্যয়ন কৰি আছিল অভিষেক চোলাচাগুড্ডাই । এই বছৰ তেওঁৰ দশম শ্ৰেণী তথা মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হয় । কিন্তু SSLC বৰ্ড পৰীক্ষাত ৬টা বিষয়তে ফেইল কৰি মুঠ ৩২% নম্বৰ (২০০/৬২৫) লাভ কৰে তেওঁ । কিন্তু পুত্ৰৰ এনে ফলাফল দেখাৰ পিছত পিতৃ-মাতৃয়ে পুত্ৰক গালি-শপনি বা ঠাট্টা-সস্কৰা কৰা নাছিল । তেওঁলোকে পুত্ৰৰ বাবে এটা বিশেষ কেক লৈ এক ছাৰপ্ৰাইজ পাৰ্টিৰ আয়োজন কৰে, য’ত লিখা আছিল : ৩২% ।

ভাইৰেল ভিডিঅ’টোত অভিষেকক সমগ্ৰ পৰিয়ালৰ সৈতে- কেক কাটি, মিঠাই বিতৰণ কৰা, আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল হাঁহি থকা দেখা গৈছে ।

তেওঁৰ পিতৃ ইয়াল্লাপ্পা চোলাচাগুড্ডা এজন পেছাদাৰী ফটোগ্ৰাফাৰ । তেওঁ কয় যে অভিষেকে যদিও ৩২% নম্বৰ লাভ কৰিছে, তথাপিও তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল । এই উদযাপনৰ জৰিয়তে আমি তেওঁক উপলব্ধি কৰালোঁ যে তেওঁ অকলশৰীয়া নহয় ।

ইয়ালাপ্পাই কয়, এই উদযাপন ব্যৰ্থতা লুকুৱাবলৈ নহয় বৰঞ্চ প্ৰচেষ্টাক স্বীকাৰ কৰিবলৈহে কৰা হৈছিল । তেওঁৰ মতে, এই সৰু উদযাপনে পুত্ৰৰ আত্মবিশ্বাস ঘূৰাই আনিলে আৰু এতিয়া তেওঁ পৰৱৰ্তী প্ৰচেষ্টাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে । অভিষেকেও কয় যে মোৰ পৰিয়ালে মোক হাৰি যাবলৈ নিদিলে । এতিয়া অহাবাৰ পাছ কৰিম ।

এই পৰিয়ালটোক ছ’চিয়েল মিডিয়াত অলেখে প্ৰশংসা কৰিছে । কোনোৱে ইয়াক ‘প্ৰকৃত অভিভাৱকত্বৰ লক্ষ্য’ বুলি কোৱাৰ বিপৰীতে কোনোৱে লিখিছে যে এয়া অভিভাৱকত্ব ।

অসুস্থ স্বামীক চিকিৎসালয়লৈ নি আছিল পত্নীয়ে;  ট্ৰাকৰ সৈতে এম্বুলেন্সৰ মুখামুখি সংঘৰ্ষত দুয়োৰে মৃত্যু

কেৰালাৰ কুল্লামত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাটোৰ ফলত এহাল বৃদ্ধ দম্পতিৰ মৃত্যু হয়। জানিব পৰা মতে নিশা মহিলা গৰাকীয়ে তেওঁৰ অসুস্থ স্বামীক চিকিৎসালয়লৈ এখন এম্বুলেন্সত লৈ গৈ আছিল।

সেই সময়তে কোট্টাৰাকাৰাৰ এমচি ৰোডৰ সদানন্দপুৰমত এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় এম্বুলেন্সখনৰ। দুৰ্ঘটনাটোৰ ফলত এম্বুলেন্সখনত থকা ৬৫ বছৰীয়া থাম্পি আৰু তেওঁৰ পত্নী শ্যামলাৰ মৃত্যু হয়।

দুৰ্ঘটনাগ্ৰস্ত এম্বুলেন্সখনত চালকসহ থাম্পি নামৰ ব্যক্তিগৰাকীৰ পত্নীও আছিল। জানিব পৰা মতে এম্বুলেন্স আৰু ট্ৰাকৰ চালক সহ ৭ জনকৈ লোক আহত হৈছে। দুৰ্ঘটনাটোৰ সময়ত, এম্বুলেন্সখন আদুৰৰ পৰা তিৰুৱন্তপুৰমলৈ যাত্ৰা কৰি আছিল।

কালঘূৰ্ণী ফেংগালৰ প্ৰভাৱ! এই ৮খনকৈ জিলাত সতৰ্কবাণী জাৰি

কেৰালাত নিম্নভূমি, ভূমিস্খলনৰ প্ৰৱণতা আৰু এনেধৰণৰ অন্যান্য অঞ্চলত বাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত হ’বলৈ পৰামৰ্শ দিছে।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দেওবাৰে কেৰালাৰ চাৰিখন জিলাৰ বাবে ২ ডিচেম্বৰ সোমবাৰৰ বাবে ৰঙা সতৰ্কবাণী জাৰি কৰি ৰাজ্যখনত বিচ্ছিন্ন হৈ থকা ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী প্ৰকাশ কৰিছে। উত্তৰ দিশৰ মালাপ্পুৰম, কোজিকোড, ৱায়ানাড আৰু কান্নুৰ জিলাত প্ৰবল বৰষুণৰ পূৰ্বাভাস দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
আই এম ডিয়ে বহু ঠাইত কিনকিনীয়া বৰষুণৰ পূৰ্বাভাস দিছে আৰু দেওবাৰে ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা কৰা হৈছে। 
তদুপৰি কোট্টাইম, এৰ্নাকুলাম, ইডুক্কি, আৰু থ্ৰিছুৰ জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ বিপৰীতে পাথানামথিটা, আলাপ্পুজা, পলাক্কাড, মালাপ্পুৰম, কোঝিকোড, ৱায়ানাড, কান্নুৰ, আৰু কাছাৰগোডত ইয়েল্ল’ এলাৰ্ট  জাৰি কৰা হৈছে। অহা ২৪ ঘণ্টাত ২০ চে.মি.তকৈ অধিক বৰষুণ আহিব পাৰে।