কালঘূৰ্ণী ফেংগালৰ প্ৰভাৱ! এই ৮খনকৈ জিলাত সতৰ্কবাণী জাৰি

কেৰালাত নিম্নভূমি, ভূমিস্খলনৰ প্ৰৱণতা আৰু এনেধৰণৰ অন্যান্য অঞ্চলত বাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত হ’বলৈ পৰামৰ্শ দিছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দেওবাৰে কেৰালাৰ চাৰিখন জিলাৰ বাবে ২ ডিচেম্বৰ সোমবাৰৰ বাবে ৰঙা সতৰ্কবাণী জাৰি কৰি ৰাজ্যখনত বিচ্ছিন্ন হৈ থকা ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী প্ৰকাশ কৰিছে। উত্তৰ দিশৰ

কেৰালাত নিম্নভূমি, ভূমিস্খলনৰ প্ৰৱণতা আৰু এনেধৰণৰ অন্যান্য অঞ্চলত বাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত হ’বলৈ পৰামৰ্শ দিছে।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দেওবাৰে কেৰালাৰ চাৰিখন জিলাৰ বাবে ২ ডিচেম্বৰ সোমবাৰৰ বাবে ৰঙা সতৰ্কবাণী জাৰি কৰি ৰাজ্যখনত বিচ্ছিন্ন হৈ থকা ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী প্ৰকাশ কৰিছে। উত্তৰ দিশৰ মালাপ্পুৰম, কোজিকোড, ৱায়ানাড আৰু কান্নুৰ জিলাত প্ৰবল বৰষুণৰ পূৰ্বাভাস দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
আই এম ডিয়ে বহু ঠাইত কিনকিনীয়া বৰষুণৰ পূৰ্বাভাস দিছে আৰু দেওবাৰে ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা কৰা হৈছে। 
তদুপৰি কোট্টাইম, এৰ্নাকুলাম, ইডুক্কি, আৰু থ্ৰিছুৰ জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ বিপৰীতে পাথানামথিটা, আলাপ্পুজা, পলাক্কাড, মালাপ্পুৰম, কোঝিকোড, ৱায়ানাড, কান্নুৰ, আৰু কাছাৰগোডত ইয়েল্ল’ এলাৰ্ট  জাৰি কৰা হৈছে। অহা ২৪ ঘণ্টাত ২০ চে.মি.তকৈ অধিক বৰষুণ আহিব পাৰে।