আমেৰিকাই উদ্ধাৰ কৰিলে ইৰাণত সন্ধানহীন হোৱা যুদ্ধ বিমানৰ পাইলটক

শুকুৰবাৰে ইৰাণে মধ্য ইৰাণৰ ওপৰেৰে লক্ষ্য কৰি লোৱা আমেৰিকাৰ এখন এফ-১৫ই যুদ্ধ বিমান ভূপতিত কৰে

আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধই মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি কৰিছে । ইৰাণে প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে, যিয়ে দুয়োখন দেশৰ বাবে এক উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । শুকুৰবাৰে ইৰাণে মধ্য ইৰাণৰ ওপৰেৰে লক্ষ্য কৰি লোৱা আমেৰিকাৰ এখন এফ-১৫ই যুদ্ধ বিমান ভূপতিত কৰে । বিমানখনত থকা পাইলট দুজনৰ এজনক আমেৰিকান বাহিনীয়ে উদ্ধাৰ কৰাৰ বিপৰীতে আনজন নিৰুদ্দেশ হৈ আছিল । ইয়াৰ মাজতে নিৰুদ্দেশ হোৱা পাইলটজনক উদ্ধাৰ কৰা বুলি দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ।

ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত লিখিছে- “আমি তেওঁক বিচাৰি উলিয়ালো! মোৰ প্ৰিয় আমেৰিকান নাগৰিকসকল, যোৱা কেইঘণ্টামানৰ পৰা আমেৰিকাৰ সেনাই আমাৰ এজন অবিশ্বাস্য ক্ৰু মেম্বাৰ, এজন অতি সন্মানীয় কৰ্ণেলৰ বাবে আমেৰিকাৰ ইতিহাসৰ অন্যতম সাহসী অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাইছিল আৰু মই আপোনালোকক ক’বলৈ পাই ৰোমাঞ্চিত হৈছো যে তেওঁ এতিয়া নিৰাপদ আৰু সুস্থ !”

তেওঁ আৰু কয়, ‘এই সাহসী যোদ্ধাজন ইৰাণৰ দুৰ্গম পাহাৰত আঁৰত আছিল, প্ৰতি ঘণ্টাত ওচৰ চাপি অহা আমাৰ শত্ৰুৱে খেদি ফুৰিছিল, কিন্তু তেওঁ কেতিয়াও সম্পূৰ্ণৰূপে অকলশৰীয়া নাছিল কাৰণ তেওঁৰ কমাণ্ডাৰ ইন চিফ, যুদ্ধ সচিব, যুটীয়া মুখ্য সেনাধ্যক্ষৰ অধ্যক্ষ আৰু সহযোগী যোদ্ধাসকলে তেওঁৰ অৱস্থাক ২৪ ঘণ্টাই নিৰীক্ষণ কৰি আছিল আৰু তেওঁক উদ্ধাৰৰ পৰিকল্পনা কৰিছিল ।’

তেওঁ কয় যে সামৰিক ইতিহাসত প্ৰথমবাৰৰ বাবে শত্ৰুৰ ভূখণ্ডত দুজন আমেৰিকান পাইলটক পৃথকে পৃথকে উদ্ধাৰ কৰা হৈছে । তেওঁ কয়, “আমি কেতিয়াও আমেৰিকাৰ সৈনিকক এৰি নাযাওঁ! কোনো আমেৰিকান সৈনিক নিহত বা আহত নোহোৱাকৈ আমি এই দুয়োটা অভিযান সফলতাৰে পৰিচালনা কৰিবলৈ সক্ষম হোৱাটোৱে আকৌ এবাৰ প্ৰমাণ কৰে যে আমি ইৰাণৰ আকাশৰ ওপৰত আকাশৰ আধিপত্য আৰু শ্ৰেষ্ঠত্ব অৰ্জন কৰিছো । এইটো এনেকুৱা এটা মুহূৰ্ত যিটোৰ বাবে সকলো আমেৰিকান, সেয়া ৰিপাব্লিকান, ডেম’ক্ৰেট, বা আন কোনোবাই হওক, গৌৰৱান্বিত আৰু একত্ৰিত হোৱা উচিত ।”

লগতে পঢ়ক : নামানিলে হ’ব মহাবিপৰ্যয়… হৰমুজক লৈ পুনৰ ইৰাণক ৪৮ ঘন্টাৰ সময়সীমা ট্ৰাম্পৰ

‘আমি যুদ্ধত আছো… এইটো বুজিব লাগিব’; মধ্যপ্ৰাচ্যত আমেৰিকাৰ বিমান ধ্বংসৰ  সন্দৰ্ভত ট্ৰাম্পৰ প্ৰতিক্ৰিয়া

মধ্যপ্ৰাচ্যত চলি থকা সংঘাতৰ মাজতে ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ দুখন যুঁজাৰু বিমানৰ দুৰ্ঘটনাক যুদ্ধৰ অংশ বুলি অভিহিত কৰি কয় যে ইয়াৰ ফলত ইৰাণৰ সৈতে হোৱা আলোচনাত কোনো প্ৰভাৱ নপৰে।

মধ্যপ্ৰাচ্যত আমেৰিকাৰ যুদ্ধ বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে এই ঘটনাসমূহে ইৰাণৰ সৈতে চলি থকা আলোচনাত কোনো প্ৰভাৱ পেলাব নোৱাৰে।

এটা সাক্ষাৎকাৰত ট্ৰাম্পে কয় “এই ঘটনাবোৰে কূটনীতি আৰু আলোচনাত কোনো প্ৰভাৱ পেলাব নোৱাৰে। এইখন যুদ্ধ। আমি যুদ্ধত আছো।” ট্ৰাম্পৰ এই মন্তব্য সেই সময়ত আহিছে যি সময়ত অঞ্চলটোত সামৰিক অভিযান আৰু কূটনৈতিক প্ৰচেষ্টা একেলগে চলি আছে।

সাক্ষাৎকাৰৰ সময়ত ট্ৰাম্পে দুৰ্ঘটনাগ্ৰস্ত আমেৰিকাৰ বিমানখনৰ সৈতে জড়িত অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বিষয়ে আলোচনা কৰিবলৈ অস্বীকাৰ কৰে।ট্ৰাম্পে কয় যে বৰ্তমানৰ পৰিস্থিতি জটিল আৰু স্পৰ্শকাতৰ,গতিকে চলি থকা অনুসন্ধান আৰু উদ্ধাৰ অভিযান সন্দৰ্ভত তেওঁ বিতংভাৱে ক’ব নোৱাৰিব।বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত সংবাদ মাধ্যমৰ বাতৰি সন্দৰ্ভতো তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে আৰু কয় যে সেইটো সক্ৰিয় সামৰিক অভিযান, যিটো আমি বুজিব লাগিব।

শুকুৰবাৰে মধ্যপ্ৰাচ্যত মাৰ্কিন বায়ুসেনাৰ সৈতে জড়িত দুখন পৃথক বিমান দুৰ্ঘটনা সংঘটিত হয়।প্ৰথমে ইৰাণৰ আকাশমাৰ্গত দুৰ্ঘটনাগ্ৰস্ত হয় আমেৰিকাৰ এফ-১৫ই ষ্ট্ৰাইক ইগল বিমান।ইৰাণে দাবী কৰিছিল যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই এই আমেৰিকান বিমানখনক ধ্বংস কৰিছে।

লগতে পঢ়ক: ইৰাণে ধ্বংস কৰিলে আমেৰিকাৰ F-15E বিমান; আমেৰিকান পাইলটৰ সন্ধানত ইৰাণ চৰকাৰৰ পুৰস্কাৰ ঘোষণা

ইৰাণে ধ্বংস কৰিলে আমেৰিকাৰ F-15E বিমান; আমেৰিকান পাইলটৰ সন্ধানত ইৰাণ চৰকাৰৰ পুৰস্কাৰ ঘোষণা

আমেৰিকাৰ F-15E যুঁজাৰু বিমানখন ইৰাণত পতন হয়। বিমানখন দুজন ক্ৰু মেম্বাৰ আছিল। এজনক এজনক আমেৰিকাৰ বিশেষ বাহিনীয়ে উদ্ধাৰ কৰিছে আৰু আনজনৰ সন্ধান অব্যাহত ৰাখিছে।

ইৰাণৰ আকাশত শুকুৰবাৰে ধ্বংস কৰা হ’ল আমেৰিকাৰ F-15E বিমান। ২৮ ফেব্ৰুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দেশখনৰ ভিতৰত আমেৰিকাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে।জানিব পৰা মতে, বিমানখনৰ ভিতৰত দুগৰাকী পাইলট আছিল।ইতিমধ্যে বিমানখনৰ দুজন ক্ৰু সদস্যৰ এজনক আমেৰিকাৰ বিশেষ বাহিনীয়ে উদ্ধাৰ কৰিছে আৰু আনজনৰ সন্ধান অব্যাহত ৰাখিছে।

তাৰ মাজতে ইৰাণে এটা ডাঙৰ ঘোষণা কৰিছে। ইৰাণৰ টিভি চেনেলসমূহে ঘোষণা কৰিছে যে যদি কোনো নাগৰিকে আমেৰিকাৰ পাইলট গৰাকীক ধৰি আৰক্ষী বা সেনাবাহিনীৰ হাতত গতাই দিয়ে তেন্তে তেওঁলোকে পুৰস্কাৰ লাভ কৰিব।

কোহগিলুয়েহ আৰু বয়ৰ-আহমদ প্ৰদেশৰ পাহাৰীয়া অঞ্চলত এতিয়া ব্যাপক তালাচী চলিছে। কোহগিলুয়েহ আৰু বয়ৰ-আহমদ প্ৰদেশ অতি গ্ৰাম্য আৰু পাহাৰীয়া অঞ্চল।ইৰাণৰ বিষয়াসকলে চুবুৰীয়া চহৰমহল আৰু বাখতিয়াৰী প্ৰদেশত তালাচী চলাবলৈ আবেদন জনাইছে।

লগতে পঢ়ক: আমেৰিকাৰ অত্যধুনিক এফ-৩৫ যুদ্ধ বিমান ধ্বংস কৰাৰ দাবী ইৰাণৰ

আমেৰিকাৰ অত্যধুনিক এফ-৩৫ যুদ্ধ বিমান ধ্বংস কৰাৰ দাবী ইৰাণৰ

ইয়াৰ পূৰ্বে ১৯ মাৰ্চত ইৰাণে আমেৰিকাৰ এফ-৩৫এ যুঁজাৰু বিমান এখন ধ্বংস কৰা বুলি দাবী কৰিছিল আৰু এই ঘটনাৰ ভিডিঅ’ প্ৰকাশ কৰিছিল

মধ্য ইৰাণৰ মাৰ্কাজী প্ৰদেশত ইৰাণী সেনাই আমেৰিকাৰ এফ-৩৫ যুদ্ধ বিমান ধ্বংস কৰিছে বুলি দাবী কৰিছে । ইৰাণৰ খাতিম আল আনবিয়া মুখ্যালয়ে এই দাবী কৰিছে । আল জাজিৰাৰ মতে, ধ্বংসাৱশেষ পৰীক্ষা কৰাত ব্ৰিটেইনৰ লেকেনহিথ এয়াৰ বেছৰ প্ৰমাণ পোৱা গৈছে । এই বিমানঘাটিটো ব্ৰিটেইনত থকা আমেৰিকাৰ বায়ুসেনাৰ এক মূল ঘাটি । বৰ্তমান বিমানখনৰ পাইলট বা অভিযান সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই ।

ইয়াৰ পূৰ্বে ১৯ মাৰ্চত ইৰাণে আমেৰিকাৰ এফ-৩৫এ যুঁজাৰু বিমান এখন ধ্বংস কৰা বুলি দাবী কৰিছিল আৰু এই ঘটনাৰ ভিডিঅ’ প্ৰকাশ কৰিছিল । ভিডিঅ’টোত বিমানখনক আক্ৰমণ কৰা দেখা গৈছে যদিও ইয়াৰ দুৰ্ঘটনা নিশ্চিত কৰা হোৱা নাই । কিছুমান খবৰ অনুসৰি বিমানখনৰ ক্ষতি হৈছে, পাইলটজন সামান্য আঘাতপ্ৰাপ্ত হৈছে যদিও সুস্থিৰ হৈ আছে । পাইলটজন ৰক্ষা পৰে আৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা নাছিল । পিছত ই মধ্যপ্ৰাচ্যৰ আমেৰিকাৰ বিমান ঘাটিত সফল জৰুৰীকালীন অৱতৰণ কৰে ।

ইৰাণৰ পূৰ্বৰ দাবী আমেৰিকাই খাৰিজ কৰাৰ পিছত ইৰাণে এইবাৰ এফ-৩৫ৰ কেইবাটাও টুকুৰাৰ ফটো প্ৰকাশ কৰিছে । ইৰাণৰ মেহৰ নিউজ এজেন্সীয়ে কয় যে দুৰ্ঘটনাৰ পৰা হোৱা শক্তিশালী বিস্ফোৰণত পাইলটৰ বাবে বাহিৰলৈ ওলোৱাত অসুবিধাৰ সৃষ্টি হৈছে । এই পোষ্টসমূহৰ সন্দৰ্ভত আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে কোনো সঁহাৰি নিদিলেও আই জি আৰ চিয়ে আমেৰিকাৰ যুদ্ধ বিমান এখন ধ্বংস কৰা বুলি পূৰ্বে কৰা দাবীক অস্বীকাৰ কৰে ।

লগতে পঢ়ক : সমুদ্ৰ বক্ষত বাঢিল ভাৰতৰ শক্তি, শত্ৰুৰ নিদ্ৰা হৰণ কৰিবলৈ সাজু আই এন এছ আৰিধমন আৰু তাৰাগিৰি

‘একো কৰিব নোৱাৰে’; আমেৰিকাৰ টেক কোম্পানীক ইৰাণৰ ভাবুকীৰ সন্দৰ্ভত ট্ৰাম্পৰ প্ৰতিক্ৰিয়া

ইৰাণৰ ভাবুকিৰ প্ৰতি সঁহাৰি জনাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁলোকে একো কৰিব নোৱাৰে। মাত্ৰ এদিন পূৰ্বে ইৰাণে আমেৰিকাৰ টেক কোম্পানীসমূহক আক্ৰমণ কৰাৰ ভাবুকি দিছিল।

ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা উত্তেজনাৰ মাজতে ইৰাণে গুগল আৰু এপলৰ দৰে কোম্পানীক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে।ইয়াৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে উত্তৰ দিলে যে তেওঁলোকে একো কৰিব নোৱাৰিব।

ইয়াৰ এদিন পূৰ্বে ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে এটা ভিডিঅ’ৰ জৰিয়তে ১৮টাকৈ আমেৰিকাৰ টেক কোম্পানীৰ তালিকা প্ৰকাশ কৰি তাৰ ওপৰত আক্ৰমণৰ সতৰ্কবাণী দিছিল।ইয়াৰ ভিতৰত গুগল, মাইক্ৰ’ছফ্ট, আমাজন, ইণ্টেল, এপল আদি কোম্পানীৰ নামো অন্তৰ্ভুক্ত

আই আৰ জি চিয়ে উল্লেখ কৰিছে যে এই কোম্পানীসমূহৰ আঞ্চলিক কাৰ্য্যকলাপ লক্ষ্য কৰি লোৱা হ’ব।অৰ্থাৎ আমেৰিকান কোম্পানীসমূহৰ যিসমূহ ইউনিট ইৰাণৰ ভিতৰত কাম কৰি আছে,তেওঁলোকক টাৰ্গেট কৰা হ’ব।এই আক্ৰমণক আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধমূলক ব্যৱস্থা বুলি অভিহিত কৰা হৈছে।

সেই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক আচৰিত উত্তৰ দিছে।ট্ৰাম্পে কয় যে, তেওঁলোকে (ইৰাণ)পশ্চিম এছিয়াত কাম কৰা আমেৰিকান কোম্পানীসমূহক কেনেকৈ ভাবুকি দিছে।তেওঁলোকে উৰুৱাই দিম বুলি কৈছিল নেকি? তেওঁলোকে এই কোম্পানী সমূহ আক্ৰমণ কৰিবলৈ ওলাইছে নেকি?

ট্ৰাম্পে আৰু কয় যে তেওঁলোকে তেনে কৰিবলৈ যোৱা নাই। তেওঁলোকে পাৰমাণৱিক অস্ত্ৰৰে আক্ৰমণ নকৰে।ইতিমধ্যে তেওঁলোকৰ অধিকাংশ নেতৃত্বৰ হত্যা কৰা হৈছে।

লগতে পঢ়ক: ‘শীঘ্ৰেই ইৰাণ এৰিব আমেৰিকাই’; যুদ্ধ শেষ কৰাক লৈ ট্ৰাম্পৰ ডাঙৰ মন্তব্য

‘শীঘ্ৰেই ইৰাণ এৰিব আমেৰিকাই’; যুদ্ধ শেষ কৰাক লৈ ট্ৰাম্পৰ ডাঙৰ মন্তব্য

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে আগন্তুক দুই-তিনি সপ্তাহৰ ভিতৰত ইৰাণৰ পৰা আমেৰিকা আঁতৰি যাব।তেওঁ কয় যে যুদ্ধৰ অন্ত পেলাবলৈ ইৰাণৰ সৈতে কোনো চুক্তিৰ প্ৰয়োজন নাই।

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ অন্ত পেলোৱাৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক বৃহৎ বিবৃতি দিছে।ট্ৰাম্পে স্পষ্ট কৰি দিছে যে অতি সোনকালে আমেৰিকাই ইৰাণৰ পৰা সৈন্য প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব।তেওঁ লগতে কয় যে, আমেৰিকাক যুদ্ধৰ অন্ত পেলাবলৈ ইৰাণৰ সৈতে কোনো চুক্তি কৰাৰ প্ৰয়োজন নাই।

ট্ৰাম্পে ঘোষণা কৰিছে যে, আমেৰিকাৰ সেনাই অহা দুই-তিনি সপ্তাহৰ ভিতৰত ইৰাণ এৰিব।ট্ৰাম্পে দাবী উত্থাপন কৰি কয় যে, ইৰাণত ‘শাসন ব্যৱস্থা পৰিৱৰ্তন’ৰ লক্ষ্যত উপনীত হৈছে।সেইবাবেই আমেৰিকাই এতিয়া এই সংঘাতক দীঘলিয়া কৰাৰ পক্ষত নাই।

অৱশ্যে ট্ৰাম্পে চুক্তিৰ চৰ্ত সমূহ আঁতৰাই দিছে,কিন্তু তেওঁ এইটোও ইংগিত দিছে যে যুদ্ধ শেষ হোৱাৰ পূৰ্বে এটা চুক্তি হ’ব পাৰে। যদিও ট্ৰাম্পে যুদ্ধ অতি সোনকালে শেষ কৰাৰ কথা ঘোষণা কৰিছে,কিন্তু ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে যুদ্ধৰ অন্ত পেলোৱাৰ বিষয়ে এতিয়াও কোনো কথা কোৱা নাই।শেহতীয়াকৈ নেতান্যাহুৱে ইৰাণৰ সৈতে যুদ্ধৰ অন্ত পেলোৱাৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে।

লগতে পঢ়ক: ফিলিপাইনছত জৰুৰীকালীন অৱস্থা, পাকিস্তানত স্মাৰ্ট লকডাউন… ইৰাণ যুদ্ধৰ বাবে ভয়াৱহ সংকটত কেইবাখনো দেশ

ফিলিপাইনছত জৰুৰীকালীন অৱস্থা, পাকিস্তানত স্মাৰ্ট লকডাউন… ইৰাণ যুদ্ধৰ বাবে ভয়াৱহ সংকটত কেইবাখনো দেশ

ফিলিপাইনছে এতিয়ালৈকে আটাইতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । পাকিস্তানৰ পৰিস্থিতিও অধিক ভয়াৱহ হৈ পৰিছে ।

ইৰাণ, আমেৰিকা আৰু ইজৰাইলৰ মাজত চলি থকা সংঘাত এতিয়া এই তিনিখন দেশতে সীমাবদ্ধ হৈ থকা নাই । এই যুদ্ধৰ ফলত বিশ্বব্যাপী তেল আৰু গেছৰ যোগানত ব্যাঘাত জন্মিছে আৰু এছিয়াৰ বহু দেশেই তীব্ৰ শক্তি সংকটৰ সন্মুখীন হৈছে । বহু ঠাইত পৰিস্থিতি এতিয়া মহামাৰী যুগৰ নিষেধাজ্ঞাৰ দৰে হৈছে । চৰকাৰসমূহে ইন্ধন সংৰক্ষণ আৰু স্থিতিশীলতা বজাই ৰখাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ।

ফিলিপাইনছত ৰাষ্ট্ৰীয় শক্তি জৰুৰীকালীন অৱস্থা ঘোষণা-

ফিলিপাইনছে এতিয়ালৈকে আটাইতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কছ জুনিয়ৰে ৰাষ্ট্ৰীয় শক্তি জৰুৰীকালীন অৱস্থা ঘোষণা কৰি ইন্ধনৰ সংকটৰ সতৰ্কবাণী দিছে । বাতৰি অনুসৰি দেশখনত ইন্ধনৰ মজুত মাত্ৰ ৪০ৰ পৰা ৪৫ দিনহে আছে । ইয়াৰ ফলত চৰকাৰে ব্যৱসায়িক সময় হ্ৰাস কৰা, ভ্ৰমণত বাধা আৰোপ কৰা, খাদ্য, ইন্ধন, ঔষধৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানক অগ্ৰাধিকাৰ দিয়াকে ধৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ।

স্মাৰ্ট লকডাউনৰ দিশে আগবাঢ়িছে পাকিস্তান-

পাকিস্তানৰ পৰিস্থিতিও অধিক ভয়াৱহ হৈ পৰিছে । শক্তি সংৰক্ষণৰ বাবে সপ্তাহৰ শেষৰ দিনত স্মাৰ্ট লকডাউনৰ কথা চিন্তা কৰিছে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে । ঘৰৰ পৰা কাম কৰাৰ নীতি, বিদ্যালয় বন্ধ কৰা, ভ্ৰমণৰ নিষেধাজ্ঞা ইতিমধ্যে স্থাপন কৰা হৈছে ।

পদক্ষেপ গ্ৰহণ দক্ষিণ কোৰিয়াৰ-

দক্ষিণ কোৰিয়াই নাগৰিকসকলক শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহ্বান জনাই ৰাজহুৱা অভিযান আৰম্ভ কৰিছে । চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰি মানুহক কম বিদ্যুৎ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে, ৰাতি চাৰ্জিঙৰ সময় সীমিত কৰা, কম দূৰত্বৰ বাবে চাইকেল বা ৰাজহুৱা পৰিবহণৰ ব্যৱহাৰক উৎসাহিত কৰিছে ।

ভিয়েটনামে বাতিল কৰিলে বিমান-

ভিয়েটনামৰ বিমান পৰিবহণ খণ্ড সংকটৰ সন্মুখীন হৈছে । ভিয়েটনাম এয়াৰলাইন্সে ঘৰুৱা কেইবাটাও পথত বিমান সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰিছে । জেট ইন্ধনৰ মূল্য বৃদ্ধি আৰু যোগানৰ নাটনিৰ বাবে ভিয়েটনামে প্ৰতি সপ্তাহত কেইবাখনো বিমান বাতিল কৰিছে ।

ঘৰৰ পৰা কামৰ নিয়ম কাৰ্যকৰী থাইলেণ্ডৰ-

থাইলেণ্ড চৰকাৰে কঠোৰ শক্তি সঞ্চয় নীতি ৰূপায়ণ কৰিছে । কাৰ্যালয়সমূহ এতিয়া ঘৰৰ পৰা কামৰ ব্যৱস্থালৈ স্থানান্তৰিত হৈছে । এয়াৰ কণ্ডিচনাৰ ব্যৱহাৰো নিয়ন্ত্ৰণ কৰা হৈছে আৰু ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ চৰকাৰী বিদেশ ভ্ৰমণত বাধা আৰোপ কৰা হৈছে ।

শ্ৰীলংকাইও গ্ৰহণ কৰিছে ব্যৱস্থা-

শ্ৰীলংকাত চাৰিদিনীয়া কৰ্ম সপ্তাহ কাৰ্যকৰী কৰা হৈছে । ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে বুধবাৰৰ দিনটোত বন্ধ ঘোষণা কৰা হৈছে । বিষয়াসকলৰ মতে এই ব্যৱস্থাই ইন্ধনৰ ব্যৱহাৰ ২৫% পৰ্যন্ত হ্ৰাস কৰিব পাৰে, যাৰ ফলত এই সংকটৰ সময়ত কিছু সকাহ পোৱা যাব ।

ভাৰতৰ পৰিস্থিতি কেনেকুৱা ?

যদিও ভাৰত কোনো তাৎক্ষণিক সংকটৰ সন্মুখীন হোৱা নাই, তথাপিও ইয়াৰ প্ৰভাৱ স্পষ্টকৈ দেখা গৈছে । ইন্ধন ষ্টেচনত দীঘলীয়া শাৰী আৰু এটা টকাৰ মূল্য কমি যোৱাটোৱে চাপ বৃদ্ধিৰ ইংগিত দিয়ে । কিন্তু প্ৰায় ৬০ দিনৰ কৌশলগত সংৰক্ষণৰ উপলব্ধতাৰ পৰিপ্ৰেক্ষিতত অদূৰ ভৱিষ্যতে লকডাউনৰ দৰে পৰিস্থিতিৰ সম্ভাৱনা নাই ।

লগতে পঢ়ক : ইৰাণক পুনৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ, খাৰ্গ দ্বীপ ধ্বংস কৰি দিয়াৰ হুংকাৰ

‘মই ইৰাণৰ পৰা তেল আৰু খাৰ্গ দ্বীপ ল’ব বিচাৰো’; পুনৰ ইৰাণক ট্ৰাম্পৰ ভাবুকি  

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ তেল অধিগ্ৰহণ কৰিব বিচৰা বুলি এক বিস্ফোৰক মন্তব্য কৰিছে। ট্ৰাম্পে কয় যে, মোৰ প্ৰিয় কামটো হ’ল ইৰাণৰ তেল লোৱা আৰু খাৰ্গ দ্বীপ দখল কৰা।

এমাহ ধৰি চলি থকা ইৰাণ-আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আকৌ ইৰাণক মুকলি ভাবুকি দিছে। ট্ৰাম্পে কৈছে যে, তেওঁ ইৰাণৰ তেল ল’ব বিচাৰে আৰু দেশখনৰ তেল ৰপ্তানিৰ কেন্দ্ৰ খাৰ্গ দ্বীপ দখল কৰিব পাৰে। এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে, “সঁচা কথা ক’বলৈ গ’লে,মোৰ প্ৰিয় কামটো হ’ল ইৰাণৰ তেল লোৱা।কিন্তু আমেৰিকাত কিছুমান ‘মূৰ্খ মানুহে’ সুধিছে, আপুনি কিয় এনে কৰিছে? তেওঁলোক মূৰ্খ মানুহ।”

ট্ৰাম্পে কয় যে,”আমি হয়তো খাৰ্গ দ্বীপ দখল কৰিম, হয়টো নকৰিবও পাৰো।আমাৰ হাতত বহুতো বিকল্প আছে।ইয়াৰ অৰ্থ এইটোও হ’ব যে আমি কিছু সময়ৰ বাবে খাৰ্গ দ্বীপত থাকিব লাগিব।”

আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে আৰু কয় যে, তেওঁৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে ইৰাণৰ তেল জব্দ কৰা।এই সম্ভাৱ্য পদক্ষেপক তেওঁ ভেনিজুৱেলাৰ সৈতে তুলনা কৰে,য’ত জানুৱাৰী মাহত নিকোলাছ মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ পিছত আমেৰিকাই তেলৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিছিল।

ট্ৰাম্পে পাকিস্তানৰ জৰিয়তে ইৰাণৰ সৈতে পৰোক্ষ আলোচনাত অগ্ৰগতিৰ দাবী কৰে।তেওঁ কয় যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে আৰু কয় যে, তেওঁৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে ইৰাণৰ তেল জব্দ কৰা।য’ত পাকিস্তানী ‘দূত’ৰ জৰিয়তে কৰা আলোচনাও অন্তৰ্ভুক্ত।তেওঁ এই আলোচনাসমূহ ভালদৰে আগবাঢ়িছে বুলি অভিহিত কৰে।

লগতে পঢ়ক: ট্ৰাম্পৰ বিৰুদ্ধে ৰাজপথত নামিল হাজাৰ হাজাৰ লোক, কি হয় এই ন’ কিংছ প্ৰতিবাদ

ইৰাণত গ্ৰাউণ্ড অপাৰেশ্যনৰ প্ৰস্তুতি আমেৰিকাৰ

ইৰাণৰ ভূ-ভাগৰ ভিতৰত এসপ্তাহজোৰা স্থল অভিযানৰ ব্লুপ্ৰিণ্টো প্ৰস্তুত কৰিছে পেন্টাগনে

পশ্চিম এছিয়াত চলি থকা সংঘাতে অধিক বিপজ্জনক ৰূপ লোৱাৰ ইংগিত দিছে । শেহতীয়া খবৰ অনুসৰি আমেৰিকাৰ মেৰিন কৰ্পছৰ প্ৰথম ‘এক্সপিডিশেনেৰী ইউনিট’ (৩১ নং এম ই ইউ) মধ্যপ্ৰাচ্যত উপস্থিত হৈছে ।

ইৰাণৰ ভূ-ভাগৰ ভিতৰত এসপ্তাহজোৰা স্থল অভিযানৰ ব্লুপ্ৰিণ্টো প্ৰস্তুত কৰিছে পেন্টাগনে । আমেৰিকাৰ প্ৰতিৰক্ষা মুখ্য কাৰ্যালয় পেন্টাগনে ইৰাণত সম্ভাৱ্য স্থল সামৰিক অভিযানৰ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে । এই অঞ্চলত আমেৰিকাই ৩৫০০ৰো অধিক সৈন্য মোতায়েন কৰিছে ।

আমেৰিকাৰ বিষয়াসকলৰ উদ্ধৃতি দি ৱাশ্বিংটন পোষ্টে দাবী কৰিছে যে পেন্টাগনে কেইবা সপ্তাহ ধৰি স্থল অভিযানৰ পৰিকল্পনা কৰিছে । ইয়াৰ ভিতৰত বিশেষ অভিযান বাহিনী আৰু গতানুগতিক পদাতিক বাহিনীও থাকিব পাৰে । অৱশ্যে চূড়ান্ত সিদ্ধান্ত এতিয়াও আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ হাতত আছে ।

ইফালে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে নিশ্চিত কৰিছে যে আমেৰিকাৰ নৌসেনাৰ যুদ্ধজাহাজ ইউ এছ এছ ট্ৰিপলি প্ৰায় ২৫০০ মেৰিনক লৈ মধ্যপ্ৰাচ্যত উপস্থিত হৈছে । জাহাজখনে ৩১ নং মেৰিন এক্সপেডিচনেৰী ইউনিটৰ জোৱান কঢ়িয়াই নিছে । এই ইউনিটটো পূৰ্বে জাপানত নিয়োজিত হৈ টাইৱানৰ আশে-পাশে অনুশীলন চলাই আছিল যদিও প্ৰায় দুসপ্তাহ পূৰ্বে মধ্যপ্ৰাচ্যলৈ যোৱাৰ নিৰ্দেশ দিয়া হৈছিল ।

ইউ এছ এছ ট্ৰিপলিত পৰিবহণ বিমান, অত্যাধুনিক ষ্ট্ৰাইক যুঁজাৰু বিমান (এফ-৩৫), আৰু প্ৰত্যক্ষ সাগৰৰ পৰা স্থললৈ আক্ৰমণ কৰিব পৰা আক্ৰমণাত্মক সঁজুলিও কঢ়িয়াই নিয়া হৈছে ।

ৱাশ্বিংটন পোষ্টৰ তথ্য অনুসৰি আমেৰিকাৰ বিষয়াসকলে এতিয়া ইৰাণৰ ভিতৰত বিশেষ অভিযান আৰু গতানুগতিক পদাতিক সৈন্যৰ দ্বাৰা অভিযান চলাবলৈ পৰিকল্পনা কৰিছে । এই স্থল অভিযানৰ বাবে ট্ৰাম্পে এতিয়াও চূড়ান্ত অনুমোদন দিয়া নাই যদিও ৮২ নং এয়াৰবৰ্ণ ডিভিজনৰ হাজাৰ হাজাৰ সৈন্যই ছান ডিয়েগোৰ পৰা ৰাওনা হৈছে ।

লগতে পঢ়ক : বিশ্ব বাণিজ্যত আন এক আঘাত! হৰমুজৰ পিছত সংকটৰ সন্মুখীন আন এক গুৰুত্বপূৰ্ণ সাগৰীয় পথ