'আমি যুদ্ধত আছো... এইটো বুজিব লাগিব'; মধ্যপ্ৰাচ্যত আমেৰিকাৰ বিমান ধ্বংসৰ সন্দৰ্ভত ট্ৰাম্পৰ প্ৰতিক্ৰিয়া

‘আমি যুদ্ধত আছো… এইটো বুজিব লাগিব’; মধ্যপ্ৰাচ্যত আমেৰিকাৰ বিমান ধ্বংসৰ  সন্দৰ্ভত ট্ৰাম্পৰ প্ৰতিক্ৰিয়া

মধ্যপ্ৰাচ্যত চলি থকা সংঘাতৰ মাজতে ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ দুখন যুঁজাৰু বিমানৰ দুৰ্ঘটনাক যুদ্ধৰ অংশ বুলি অভিহিত কৰি কয় যে ইয়াৰ ফলত ইৰাণৰ সৈতে হোৱা আলোচনাত কোনো প্ৰভাৱ নপৰে। মধ্যপ্ৰাচ্যত আমেৰিকাৰ যুদ্ধ বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে

মধ্যপ্ৰাচ্যত চলি থকা সংঘাতৰ মাজতে ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ দুখন যুঁজাৰু বিমানৰ দুৰ্ঘটনাক যুদ্ধৰ অংশ বুলি অভিহিত কৰি কয় যে ইয়াৰ ফলত ইৰাণৰ সৈতে হোৱা আলোচনাত কোনো প্ৰভাৱ নপৰে।

মধ্যপ্ৰাচ্যত আমেৰিকাৰ যুদ্ধ বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে এই ঘটনাসমূহে ইৰাণৰ সৈতে চলি থকা আলোচনাত কোনো প্ৰভাৱ পেলাব নোৱাৰে।

এটা সাক্ষাৎকাৰত ট্ৰাম্পে কয় “এই ঘটনাবোৰে কূটনীতি আৰু আলোচনাত কোনো প্ৰভাৱ পেলাব নোৱাৰে। এইখন যুদ্ধ। আমি যুদ্ধত আছো।” ট্ৰাম্পৰ এই মন্তব্য সেই সময়ত আহিছে যি সময়ত অঞ্চলটোত সামৰিক অভিযান আৰু কূটনৈতিক প্ৰচেষ্টা একেলগে চলি আছে।

সাক্ষাৎকাৰৰ সময়ত ট্ৰাম্পে দুৰ্ঘটনাগ্ৰস্ত আমেৰিকাৰ বিমানখনৰ সৈতে জড়িত অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বিষয়ে আলোচনা কৰিবলৈ অস্বীকাৰ কৰে।ট্ৰাম্পে কয় যে বৰ্তমানৰ পৰিস্থিতি জটিল আৰু স্পৰ্শকাতৰ,গতিকে চলি থকা অনুসন্ধান আৰু উদ্ধাৰ অভিযান সন্দৰ্ভত তেওঁ বিতংভাৱে ক’ব নোৱাৰিব।বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত সংবাদ মাধ্যমৰ বাতৰি সন্দৰ্ভতো তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে আৰু কয় যে সেইটো সক্ৰিয় সামৰিক অভিযান, যিটো আমি বুজিব লাগিব।

শুকুৰবাৰে মধ্যপ্ৰাচ্যত মাৰ্কিন বায়ুসেনাৰ সৈতে জড়িত দুখন পৃথক বিমান দুৰ্ঘটনা সংঘটিত হয়।প্ৰথমে ইৰাণৰ আকাশমাৰ্গত দুৰ্ঘটনাগ্ৰস্ত হয় আমেৰিকাৰ এফ-১৫ই ষ্ট্ৰাইক ইগল বিমান।ইৰাণে দাবী কৰিছিল যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই এই আমেৰিকান বিমানখনক ধ্বংস কৰিছে।

লগতে পঢ়ক: ইৰাণে ধ্বংস কৰিলে আমেৰিকাৰ F-15E বিমান; আমেৰিকান পাইলটৰ সন্ধানত ইৰাণ চৰকাৰৰ পুৰস্কাৰ ঘোষণা

শেহতীয়া প্ৰৱন্ধসমূহ