বৰ্ষাপাৰাত বৈভৱৰ বিধ্বংসী ৰূপ, ৰাজস্থানৰ হাতত ৮ উইকেটত পৰাস্ত চেন্নাই

বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত চেন্নাই ছুপাৰ কিংছক ৮ উইকেটত পৰাস্ত কৰে ৰাজস্থানে

জয়েৰে আই পি এল ২০২৬ৰ অভিযান আৰম্ভ কৰিছে ৰাজস্থান ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছে । সোমাৰে গুৱহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত চেন্নাই ছুপাৰ কিংছক ৮ উইকেটত পৰাস্ত কৰে ৰাজস্থানে । টছত জয়লাভ কৰি ৰাজস্থানে প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় । প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি ১২৭ ৰানহে কৰিবলৈ সক্ষম হয় চেন্নাই দলে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰাজস্থানে ১৩ নং অভাৰতে লক্ষ্যত উপনীত হয় । বৈভৱ সূৰ্যবংশীয়ে পুনৰবাৰ ৰাজস্থানৰ হৈ বিস্ফোৰক ইনিংছ খেলি মাত্ৰ ১৫টা বলত অৰ্ধ শতক অৰ্জন কৰে ।

ৰাজস্থানৰ ইনিংছ-

১২৮ ৰানৰ লক্ষ্য আগত লৈ ৰাজস্থানৰ হৈ বৈভৱ সূৰ্যবংশী আৰু যশস্বী জয়ছোৱালে ইনিংছ মুকলি কৰে । বৈভৱে প্ৰথম বলৰ পৰাই আক্ৰমণ আৰম্ভ কৰি মাত্ৰ ১৫টা বলত অৰ্ধ শতক অৰ্জন কৰে । বৈভৱৰ উইকেটৰ পতনৰ সময়ত ৰাজস্থানৰ স্কৰ আছিল ৭৫ ৰান । বৈভৱে চাৰিটা চাৰি আৰু ৫টা ছয়ৰ সহায়ত ১৭টা বলত ৫২ ৰান সংগ্ৰহ কৰে । বৈভৱৰ পিছতে ধ্ৰুৱ জুৰেলে বেটিং কৰিবলৈ আহে । নৱম অভাৰত অংশুল কম্বোজৰ বলত আউট হোৱাৰ পূৰ্বে তেওঁ ১৮ ৰান সংগ্ৰহ কৰে । অৱশ্যে অধিনায়ক ৰিয়ান পৰাগ আৰু যশস্বী জয়ছোৱালে দায়িত্ব গ্ৰহণ কৰি ১৩ নং অভাৰত ৰাজস্থানৰ জয় নিশ্চিত কৰে ।

চেন্নাইৰ ইনিংছ-

চি এছ কেৰ হৈ সঞ্জু চেমছন আৰু ৰুতুৰাজ গাইকোৱাদে প্ৰথমে বেটিং কৰি ইনিংছ মুকলি কৰে । অৱশ্যে টি-২০ বিশ্বকাপৰ নায়ক সঞ্জু এই মেচত ব্যৰ্থ হয় । দ্বিতীয় অভাৰত নন্দ্ৰে বাৰ্গাৰে সঞ্জুক মাত্ৰ ৬ ৰানতে বল্ড কৰে । অধিনায়ক ৰুতুৰাজ গাইকৱাদেও পৰৱৰ্তী অভাৰতে নিজৰ উইকেট হেৰুৱাই । তেওঁ ৬ ৰানহে কৰিবলৈ সক্ষম হয় । তাৰ পাছত বাৰ্গাৰে চতুৰ্থ অভাৰৰ প্ৰথমটো বলত আয়ুষ ম্হাত্ৰেক আউট কৰে । মেথিউ শ্বৰ্টৰ ওপৰত চি এছ কেৰ বহু আশা আছিল যদিও তেওঁও ষষ্ঠ অভাৰত মাত্ৰ দুই ৰান সংগ্ৰহ কৰি আউট হয় ।

ইয়াৰ পিছতে ছৰফৰাজ খানে ইনিংছ সুস্থিৰ কৰাৰ চেষ্টা কৰে । অৱশ্যে জাডেজাই তেওঁক তেওঁৰ প্ৰথম অভাৰতে আউট কৰে । ছৰফৰাজে ১৭ ৰান সংগ্ৰহ কৰে । ছৰফৰাজ আউট হোৱাৰ সময়ত চি এছ কেৰ স্ক’ৰ আছিল ৫১-৫ । ইয়াৰ পিছতে জাডেজাই একেটা অভাৰতে শিৱম ডুবেক আউট কৰে । ১০ অভাৰৰ অন্তত চি এছ কেৰ স্ক’ৰ ৭১-৬ । ১১ অভাৰত কাৰ্তিকেও নিজৰ উইকেট হেৰুৱাই । কাৰ্তিক শৰ্মাই ১৮ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছতে ৰাজস্থানৰ বলাৰসকলে খেলখন সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আনে । অৱশ্যে জিমি অভাৰটনৰ ৪৩ ৰানৰ ইনিংছত চেন্নাইৰ স্ক’ৰ ১২৭ লৈ বৃদ্ধি পায় ।

লগতে পঢ়ক : নতুন জাৰ্চিত পুৰণি দলৰ সৈতে সংঘৰ্ষ, আজি আই পি এলত সঞ্জু-জাডেজাৰ মুখামুখি

আই পি এল ২০২৬ৰ প্ৰথম দিনাই অলেখ অভিলেখ

আই পি এলত ৰান চেজ কৰি ৪০০০ ৰান সংগ্ৰহ কৰা বিশ্বৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী

আই পি এল ২০২৬ৰ প্ৰথম দিনাই উঠিল অভিলেখৰ জোৱাৰ । ঘৰুৱা খেলপথাৰ এম চিন্নাস্বামী ষ্টেডিয়ামত খেলা ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৬ উইকেটত পৰাস্ত কৰে । প্ৰথমে বেটিং কৰি হায়দৰাবাদে ঈশান কিষাণ (৮০) আৰু অনিকেত বাৰ্মা (৪৩)ৰ সহায়ত ২০১ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুতৰত আৰ চি বিয়ে ২৬টা বল বাকী থকা অৱস্থাত জয়লাভ কৰে । বিৰাট কোহলী (৬৯ অপৰাজিত) আৰু দেৱদত্ত পাডিক্কাল (৬১)ৰ আকৰ্ষণীয় অৰ্ধশতক অৰ্জন কৰে । ইয়াৰ লগে লগে চলিত ছিজনৰ প্ৰথম দিনাই অভিলেখ গঢ়ি উঠে । বিৰাট কোহলীৰ বিশ্ব অভিলেখৰ পৰা আৰম্ভ কৰি আৰ চি বিৰ ঐতিহাসিক ৰান চেজলৈকে বহু অভিলেখ গঢ়ি উঠে এই মেচত ।

কোহলীৰ বিশ্ব অভিলেখ-

এই মেচত বিৰাট কোহলীয়ে ৫টা চাৰি আৰু ৫টা ছয়ৰে ৬৯ ৰানৰ অপৰাজিত মেচ বিজয়ী ইনিংছ খেলে । ইয়াৰ লগে লগে তেওঁ আই পি এলত ৰান চেজৰ সময়ত ৪০০০ ৰানৰ সীমাত উপনীত হয় । ইয়াৰ ফলত আই পি এলত ৰান চেজ কৰি ৪০০০ ৰান সংগ্ৰহ কৰা বিশ্বৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী । এই তালিকাত বিৰাট কোহলীৰ পিছতে আছে ডেভিদ ৱাৰ্নাৰ, যিয়ে ৰান চেজৰ সময়ত ৩২৮৫ ৰান সংগ্ৰহ কৰিছে । এই তালিকাত ৰোহিত শৰ্মা, শিখৰ ধাৱান আৰু ৰবিন উথাপ্পাৰ নামো আছে ।

অভিলেখ গঢ়িলে আৰ চি বিয়ে-

এই মেচখনত দুয়োটা দলে মিলি ৪০৪ ৰান সংগ্ৰহ কৰি আই পি এলৰ উদ্বোধনী মেচত সৰ্বাধিক মুঠ ৰান সংগ্ৰহৰ অভিলেখ গঢ়ে । তদুপৰি আই পি এলৰ ছিজনৰ আৰম্ভণিৰ দিনটোত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে ২০০ৰো অধিক মুঠ ৰান চেজ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয় । আই পি এলত সৰ্বাধিক ২০০তকৈ অধিক ৰান চেজৰ অভিলেখ গঢ়ে আৰ চি বিয়ে । মাত্ৰ ১৫.৪ অভাৰত হায়দৰাবাদে নিৰ্ধাৰণ কৰি দিয়া লক্ষ্য অনুসৰণ কৰি আৰ চি বিয়ে জয়লাভ কৰে । ইয়াৰ পূৰ্বে এই অভিলেখ ৰাজস্থান ৰয়েলছৰ হাতত আছিল, যিয়ে ২০২৫ চনত গুজৰাট টাইটানছৰ বিৰুদ্ধে ১৫.৫ অভাৰত ২০০তকৈ অধিক ৰান চেজ কৰিছিল ।

ৰোহিত শৰ্মাৰ অভিলেখ ভংগ বিৰাটৰ-

লক্ষ্য অনুসৰণ কৰি আই পি এলৰ ইতিহাসত একক খেলপথাৰত সৰ্বাধিক ৰান সংগ্ৰহৰ ৰোহিত শৰ্মাৰ অভিলেখো ভংগ কৰে বিৰাটে । ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰোহিতে লক্ষ্য অনুসৰণ কৰাৰ সময়ত এখন খেলপথাৰতে ১০০০ৰো অধিক ৰান সংগ্ৰহ কৰা একমাত্ৰ খেলুৱৈ । চিন্নস্বামী ষ্টেডিয়ামত ৰান অনুসৰণ কৰাৰ সময়ত কোহলীয়ে ৫০ বা তাতকৈ অধিক স্ক’ৰ কৰা এইটোৱেই আছিল বেংগালুৰুৰ এজন খেলুৱৈৰ সৰ্বাধিক স্ক’ৰ ।

মালিককো অতিক্ৰম কোহলীৰ-

এই মেচত ২৯ ৰান সংগ্ৰহ কৰাৰ পিছতে কোহলীয়ে প্ৰাক্তন পাকিস্তানী বেটছমেন শ্বোয়াইব মালিকক অতিক্ৰম কৰি সৰ্বকালৰ অগ্ৰণী টি-২০ ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয় । টি-২০ ফৰ্মেটত মালিকৰ ১৩,৫৭১ ৰান । কোহলীয়ে এতিয়া তেওঁক চেৰ পেলাইছে । সৰ্বকালৰ টি-২০ ৰানৰ ক্ষেত্ৰত বিৰাটে পঞ্চম স্থানলৈ উন্নীত হৈছে । টি-২০ত সৰ্বাধিক ৰানৰ বিশ্ব অভিলেখ গঢ়িছে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন বেটছমেন ক্ৰীছ গেইলৰ হাতত আছে । ২০০৫ চনৰ পৰা ২০২২ চনৰ ভিতৰত গেইলে ৪৬৩ খন টি-২০ মেচ খেলি ১৪,৫৬২ ৰান সংগ্ৰহ কৰিছে । তেওঁৰ পিছতে আছে কিৰন পোলাৰ্ড, ইংলেণ্ডৰ এলেক্স হেলছ, অষ্ট্ৰেলিয়াৰ ডেভিদ ৱাৰ্নাৰ, ইংলেণ্ডৰ জোছ বাটলাৰ ।

লগতে পঢ়ক : বিৰাট কোহলীৰ বিস্ফোৰক অৰ্ধ শতক, আই পি এল ২০২৬ৰ প্ৰথমখন মেচত আৰ চি বিৰ জয়

বিৰাট কোহলীৰ বিস্ফোৰক অৰ্ধ শতক, আই পি এল ২০২৬ৰ প্ৰথমখন মেচত আৰ চি বিৰ জয়

আৰচিবিৰ হৈ বিৰাট কোহলীয়ে অপৰাজিত ৬৯ ৰান আৰু দেৱদত্ত পাডিক্কালে ৬১ ৰান সংগ্ৰহ কৰে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ উদ্বোধনী মেচত আজি মুখামুখি হয় ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ) । বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই মেচত ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৬ উইকেটত পৰাস্ত কৰে ।

ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেটিং কৰি আৰচিবিক ২০২ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল । লক্ষ্য অনুসৰণ কৰি আৰ চি বিয়ে ৭টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় । মাত্ৰ ১৫.৪ অভাৰতে এই লক্ষ্যত উপনীত হয় বেংগালুৰু । আৰচিবিৰ হৈ বিৰাট কোহলীয়ে অপৰাজিত ৬৯ ৰান আৰু দেৱদত্ত পাডিক্কালে ৬১ ৰান সংগ্ৰহ কৰে ।

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে যোৱা ছিজনত প্ৰথমবাৰৰ বাবে পঞ্জাব কিংছ (পিবিকেএছ)ক পৰাস্ত কৰি আইপিএলৰ ট্ৰফী লাভ কৰিছিল । এতিয়া খিতাপ ৰক্ষাৰ উদ্দেশ্যেৰে এই ছিজনত প্ৰৱেশ কৰিছে আৰ চি বিয়ে । ইফালে, ছানৰাইজাৰ্ছ হায়দৰাবাদে এই ছিজনত ১০ বছৰীয়া খিতাপ খৰাং অন্ত পেলাবলৈ চেষ্টা কৰিব ।

ৰান চেজত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ আৰম্ভণি দুৰ্বল আছিল । ফিল ছল্ট ৮ ৰানতে পেভিলিয়নমুখী হয় । ফাষ্ট বলাৰ জয়দেৱ উনাদকাটৰ বলত হেইনৰিখ ক্লাচেনে ছল্টৰ কেচ আয়ত্ত কৰে । ইয়াৰ পিছতে ইমপেক্ট ছাব দেৱদত্ত পাডিক্কাল আৰু বিৰাট কোহলীয়ে দ্বিতীয় উইকেটৰ বাবে ১০১ ৰানৰ অংশীদাৰিত্বৰে আৰচিবিৰ ইনিংছ স্থিৰ কৰে । দেৱদত্তই মাত্ৰ ২৬টা বলত ৬১ ৰান সংগ্ৰহ কৰে । তেওঁৰ এই ইনিংছত ৭টা চাৰি আৰু ৪টা ছয় আছিল । ২১টা বলত দেৱদত্তে নিজৰ অৰ্ধ শতক সম্পূৰ্ণ কৰে । হৰ্ষ ডুবেৰ বলত হাইনৰিখ ক্লাচেনে তেওঁৰ কেচ আয়ত্ত কৰে ।

ইয়াৰ পাছতে অধিনায়ক ৰজত পাটিদাৰ আৰু বিৰাট কোহলীয়ে দ্বিতীয় উইকেটত ৫৩ ৰান সংযোজন কৰে । পাতিদাৰে মাত্ৰ ১২টা বলত ৩১ ৰান সংগ্ৰহ কৰে, য’ত দুটা চাৰি আৰু তিনিটা ছয়কে আছিল । পাটিদাৰক আউট কৰে বেগী বলাৰ ডেভিদ পেইনে । ইয়াৰ পাছতে পাইনে পৰৱৰ্তী বলত জিতেশ শৰ্মাক (০ ৰান) আউট কৰে । ইয়াৰ পিছতে বিৰাট কোহলী আৰু টিম ডাভিদে আৰচিবিক জয়ৰ দিশে আগুৱাই লৈ যায় ।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ইনিংছ-

মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদে টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ লাভ কৰে । প্ৰথমে বেটিং কৰি দলটোৱে ৯ উইকেটত ২০১ ৰান সংগ্ৰহ কৰে । ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আৰম্ভণি বেয়া আছিল, অভিষেক শৰ্মাক মাত্ৰ ১৮ ৰানতে আউট হৈছিল ।

ইয়াৰ পিছতে অধিনায়ক ঈশান কিষান আৰু হেইনৰিখ ক্লাচেনে চতুৰ্থ উইকেটৰ বাবে ৯৭ ৰানৰ অংশীদাৰিত্বৰে দলটোক স্থিৰ কৰে । এই অংশীদাৰিত্বৰ সময়ছোৱাত ঈশানে ২৭টা বলত অৰ্ধ শতক সম্পূৰ্ণ কৰে । তেওঁ ৭টা চাৰি আৰু দুটা ছয় কোবাই । ক্লাচেনক ৰোমাৰিয়া শ্বেফাৰ্ডে ৩১ ৰানত আউট কৰি অংশীদাৰিত্ব ভংগ কৰে । ইয়াৰ পিছতে সলিল অৰোৰাক ৯ ৰানত আউট কৰে সুয়াশ শৰ্মাই ।

ঈশান কিষানে শক্তিশালে বেটিঙেৰে ৩৮টা বলত ৮০ ৰান সংগ্ৰহ কৰে, য’ত ৮টা চাৰি আৰু ৫টা ছয় আছিল । হৰ্ষ ডুবে (৩ ৰান) আৰু হৰ্ষল পেটেলে (০ ৰান) ব্যৰ্থ হয় । হায়দৰাবাদক ২০০ ৰান অতিক্ৰম কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অনিকেত বাৰ্মাই মাত্ৰ ১৮টা বলত ৪৩ ৰান কৰে । আৰচিবিৰ হৈ জেকব ডাফী আৰু ৰোমাৰিয়া শ্বেফাৰ্ডে তিনিটাকৈ উইকেট দখল কৰে ।

এই মেচখনৰ বাবে আৰ চি বিয়ে বেষ্ট বলাৰ অভিনন্দন সিং আৰু জেকব ডাফীক বাছনি কৰে । এইটোৱেই আছিল দুয়োজন খেলুৱৈৰ বাবে তেওঁলোকৰ আই পি এলৰ অভিষেক । ইফালে, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ আগ্ৰাসী বেটছমেন সলিল অৰোৰা আৰু বেগী বলাৰ ডেভিদ পেইনে আই পি এলত অভিষেক ঘটায় ।

লগতে পঢ়ক : আজিৰে পৰা আই পি এলৰ মহাৰণ, বিৰাটৰ ‘বিৰাট’ ৰূপ চাবলৈ উত্ৰাৱল অনুৰাগী

কিয় বাতিল হ’ল আই পি এল ২০২৬ৰ উদ্বোধনী অনুষ্ঠান ?

আৰম্ভণি সংস্কৰণৰ পৰাই আই পি এলত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে যদিও ২০১৯ চনত বাতিল কৰা হৈছিল

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট লীগ আই পি এলৰ ১৯ সংখ্যক সংস্কৰণ ২৮ মাৰ্চ, শনিবাৰৰ পৰা আৰম্ভ হ’ব । শনিবাৰে সন্ধিয়া ৭:৩০ বজাৰ পৰা এম চিন্নাস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হ’ব এই মেগা প্ৰতিযোগিতাৰ উদ্বোধনী মেচ । ইফালে আৰম্ভণি সংস্কৰণৰ পৰাই আই পি এলত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে যদিও ২০১৯ চনত বাতিল কৰা হৈছিল । পুনৰ আৰম্ভ হৈছিল যদিও এইবাৰ, ২০২৬ চনৰ সংস্কৰণত পুনৰ বাতিল কৰা হৈছে । অৱশ্যে এইবাৰৰ কাৰণটো বেলেগ ।

২০১৯ চনত আই পি এলৰ মুকলি অনুষ্ঠান বাতিল হোৱাৰ আঁৰৰ কাৰণ আছিল বেলেগ । সেই বছৰ পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল, য’ত ৪০ জন জোৱান শ্বহীদ হৈছিল । ফলস্বৰূপে বি চি চি আইয়ে উদ্বোধনী অুষ্ঠান অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লয় যি ক’ভিড-১৯ মহামাৰীৰ বাবে পিছতো অব্যাহত থাকে । অৱশ্যে যোৱা বছৰ কলকাতাত অনুষ্ঠিত হোৱা প্ৰথমখন খেলত এক বৃহৎ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈছিল । শ্বাহৰুখ খান, শ্ৰেয়া ঘোষাল, দিশা পাটানি আৰু কৰণ আউজলাই অনুষ্ঠান পৰিৱেশন কৰিছিল ।

আই পি এল ২০২৬ৰ উদ্বোধনী অনুষ্ঠান বাতিল!

একাংশ সংবাদ মাধ্যমে বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াৰ উদ্ধৃতি দি কয় যে এইবাৰ কোনো উদ্বেধনী অনুষ্ঠান নাথাকে । বিচিচিআই আৰু আইপিএলৰ গভৰ্নিং কাউন্সিলে এক বৃহৎ সামৰণি অনুষ্ঠানৰ পৰিকল্পনা কৰিছে বুলিও তেওঁ লগতে কয় যে এইবাৰ আইপিএলৰ উদ্বোধনী অনুষ্ঠান নাথাকিব ।

কিয় বাতিল হ’ল আই পি এল ২০২৬ৰ উদ্বোধনী অনুষ্ঠান ?

বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এলৰ ১৯ সংখ্যক ছিজনৰ উদ্বোধনী মেচখন । আৰচিবি আৰু হায়দৰাবাদৰ মাজত অনুষ্ঠিত হ’ব এই মেচ । শেহতীয়াকৈ এই ষ্টেডিয়ামত নিষেধাজ্ঞাৰ বাবে আই পি এলৰ মেচ অনুষ্ঠিত হ’ব নে নহয় সেয়া স্পষ্ট হোৱা নাছিল । যোৱা বছৰ আই পি এল সমাপ্ত হোৱাৰ পিছত তাত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছিল, যাৰ ফলত ১১ জন লোকৰ মৃত্যু হৈছিল ।

বিগত বছৰত প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰিছিল আৰ চি বিয়ে । আৰ চি বিয়ে পিছদিনা নিজৰ ঘৰুৱা খেলপথাৰত (এম চিন্নাস্বামী ষ্টেডিয়াম) এই বিজয় উদযাপন কৰাৰ সিদ্ধান্ত লয়, য’ত সমগ্ৰ দলটোৱে অংশগ্ৰহণ কৰে । এই খৰখেদা সিদ্ধান্ত লোৱাৰ পূৰ্বে পৰিচালনা সমিতিয়ে কোনো বিশেষ প্ৰস্তুতি চলোৱা নাছিল আৰু ষ্টেডিয়ামৰ বাহিৰত বৃহৎ সংখ্যক অনুৰাগী গোট খাইছিল । টিকটো বিনামূলীয়া আছিল, যাৰ ফলত ভিৰ আৰু বৃদ্ধি পাইছিল আৰু সকলোৱে ভিতৰলৈ সোমাব বিচাৰিছিল । ষ্টেডিয়ামৰ বাহিৰত হোৱা হুলস্থুলত মৃত্যু হয় এঘাৰজন অনুৰাগীৰ ।

যোৱা ৪ জুনত সংঘটিত হোৱা এই ঘটনাৰ বাবে আই পি এল ২০২৬ৰ উদ্বোধনী অনুষ্ঠান বাতিল কৰা হয় । মৃতকৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধাঞ্জলি জনাই এই সিদ্ধান্ত লোৱা হৈছে । বিচিচিআইয়ে প্ৰকাশ কৰিছে আই পি এল ২০২৬ৰ সম্পূৰ্ণ সূচী । ২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব লীগ পৰ্যায় আৰু ২৪ মাৰ্চলৈকে চলিব । মুঠ ৭০খন খেল ১২টা স্থানত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : বেংগালুৰু বনাম হায়দৰাবাদৰ মেচেৰে আৰম্ভণি হ’ব আই পি এল ২০২৬

ৰাজস্থানৰ পিছতে বিক্ৰী হ’ল ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু, কোনে লাভ কৰিলে মালিকীস্বত্ব?

বৰ্তমানৰ ডিফেণ্ডিং চেম্পিয়ন ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি)য়ে নতুন গৰাকী লাভ কৰিছে

আই পি এলৰ অন্যতম জনপ্ৰিয় দল তথা বৰ্তমানৰ ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে নতুন গৰাকী লাভ কৰিছে । আদিত্য বিৰলা গ্ৰুপ, টাইমছ অৱ ইণ্ডিয়া গ্ৰুপ, বল্ট ভেঞ্চাৰছ আৰু ব্লেকষ্টোনে যৌথভাৱে প্ৰায় ১.৭৮ বিলিয়ন ডলাৰ (প্ৰায় ১৬,৭০৬ কোটি টকা)ত এই দলটো ক্ৰয় কৰিছে । মঙলবাৰে এই চুক্তি চূড়ান্ত কৰা হয় ।

উল্লেখযোগ্য যে আৰ চি বি চুক্তিৰ পূৰ্বে আমেৰিকান ব্যৱসায়ী কাল সোমানীয়ে ৰাজস্থান ৰয়েলছক প্ৰায় ১৫,০০০ কোটি টকাত অধিগ্ৰহণ কৰিছিল । অৰ্থাৎ এদিনতে দুটা আই পি এল দলৰ মালিকীস্বত্ব সলনি হৈছে ।

ক্ৰিকবাজৰ প্ৰতিবেদন অনুসৰি আৰচিবিৰ চুক্তি ইউনাইটেড স্পিৰিটছ লিমিটেড (ডায়েজিঅ’ৰ সহযোগী কোম্পানী)ৰ সৈতে স্বাক্ষৰিত হৈছিল, য’ত আৰচিবিৰ ১০০% অংশীদাৰিত্ব হস্তান্তৰ কৰা হ’ব । এই চুক্তিত আই পি এল আৰু ডব্লিউ পি এল (মহিলা দল) দুয়োটাকে অন্তৰ্ভুক্ত কৰা হৈছে । অৰ্থাৎ আৰ চি বিৰ পুৰুষ আৰু মহিলা দুয়োটা দলৰ মালিকীস্বত্ব এতিয়া এই চাৰিজন শ্বেয়াৰহোল্ডাৰৰ হাতলৈ গৈছে ।

নতুন মালিকীস্বত্বৰ অধীনত :

-আৰ্যমন বিক্ৰম বিৰলা (আদিত্য বিৰলা গ্ৰুপ) অধ্যক্ষ হ’ব ।

-সত্যন গজৱানী (টাইমছ গ্ৰুপ) উপাধ্যক্ষ হ’ব ।

-এই কনচৰ্টিয়ামত ডেভিদ ব্লিটজাৰ (বল্ট ভেঞ্চাৰছ) আৰু ভাইৰেল পেটেল (ব্লেকষ্টোন)ও আছে ।

বৰ্তমান এই চুক্তিত কিছুমান চৰ্ত আৰোপ কৰা হৈছে । এতিয়াও ই বিচিচিআই, ভাৰতীয় প্ৰতিযোগিতা আয়োগ আৰু অন্যান্য নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ অনুমোদনৰ আওতাত আছে ।

এই চুক্তি সন্দৰ্ভত আদিত্য বিৰলা গ্ৰুপৰ অধ্যক্ষ কুমাৰ মংগলম বিৰলাই কয় যে আই পি এলে বিগত ২০ বছৰত ক্ৰিকেটৰ ৰূপান্তৰ ঘটাইছে আৰু আৰ চি বিৰ দৰে দলৰ সৈতে অংশীদাৰিত্ব কৰাটো তেওঁলোকৰ বাবে এক উল্লেখযোগ্য সুবিধা । তেওঁ কয় যে তেওঁলোকে দলটোৰ উত্তৰাধিকাৰ আৰু অধিক বৃদ্ধি কৰিব ।

টাইমছ গ্ৰুপৰ সত্যন গাজৱানীয়ে কয় যে, “আৰ চি বি কেৱল এটা দল নহয়, বৰঞ্চ আই পি এলৰ অন্যতম জনপ্ৰিয় ব্ৰেণ্ড । তেওঁলোকৰ লক্ষ্য হৈছে ইয়াক বিশ্বব্যাপী ক্ৰীড়া ব্ৰেণ্ড হিচাপে গঢ়ি তোলা ।”

উল্লেখ্য যে আৰ চি বি আই পি এল ২০২৬ৰ ডিফেণ্ডিং চেম্পিয়ন । পঞ্জাৱ কিংছক পৰাস্ত কৰি ২০২৫ৰ ছিজনত খিতাপ দখল কৰিছিল দলটোৱে । আই পি এলৰ ইতিহাসত এই খিতাপ প্ৰথমবাৰৰ বাবে লাভ কৰিছিল আৰ চি বিয়ে ।

লগতে পঢ়ক : বেংগালুৰু বনাম হায়দৰাবাদৰ মেচেৰে আৰম্ভণি হ’ব আই পি এল ২০২৬

বেংগালুৰু বনাম হায়দৰাবাদৰ মেচেৰে আৰম্ভণি হ’ব আই পি এল ২০২৬

উদ্বোধনী মেচত মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ

২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৯ সংখ্যক সংস্কৰণ । আই পি এল ২০২৬ৰ উদ্বোধনী মেচত মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ । অৱশ্যে এতিয়াও চলিত সংস্কৰণৰ চূড়ান্ত সময়সূচী ঘোষণা কৰা নাই । বিচিচিআইয়ে এতিয়ালৈকে প্ৰথম ২০খন খেলৰ সূচীহে প্ৰকাশ কৰিছে । এই সকলোবোৰ মেচ কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব সেই বিষয়ে জানক ।

২৮ মাৰ্চত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ প্ৰথমখন খেল । যিহেতু আৰ চি বি ডিফেণ্ডিং চেম্পিয়ন, গতিকে ছিজনৰ প্ৰথমখন মেচ তেওঁলোকৰ ঘৰুৱা খেলপথাৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।

২৮ মাৰ্চ – আৰ চি বি বনাম এছ আৰ এইচ – বেংগালুৰু

২৯ মাৰ্চ – এম আই বনাম কে কে আৰ – মুম্বাই

৩০ মাৰ্চ – আৰ আৰ বনাম চি এছ কে – গুৱাহাটী

৩১ মাৰ্চ – পিবিকেএছ বনাম জিটি – নিউ চণ্ডীগড়

১ এপ্ৰিল – এল এছ জি বনাম ডি চি – লক্ষ্ণৌ

২ এপ্ৰিল – কে কে আৰ বনাম এছ আৰ এইচ – কলকাতা

৩ এপ্ৰিল – চি এছ কে বনাম পি বি কে এছ – চেন্নাই

৪ এপ্ৰিল – ডি চি বনাম এম আই – দিল্লী

৪ এপ্ৰিল – জিটি বনাম আৰ আৰ – আহমেদাবাদ

৫ এপ্ৰিল – এছ আৰ এইচ বনাম এল এছ জি – হায়দৰাবাদ

৫ এপ্ৰিল – আৰ চি বি বনাম চি এছ কে – বেংগালুৰু

৬ এপ্ৰিল – কেকেআৰ বনাম পিবিকেএছ – কলকাতা

৭ এপ্ৰিল – আৰ আৰ বনাম এম আই – গুৱাহাটী

৮ এপ্ৰিল – ডিচি বনাম জিটি – দিল্লী

৯ এপ্ৰিল – কে কে আৰ বনাম এল এছ জি – কলকাতা

১০ এপ্ৰিল – আৰ আৰ বনাম আৰ চি বি – গুৱাহাটী

১১ এপ্ৰিল – পি বি কে এছ বনাম এছ আৰ এইচ – নিউ চণ্ডীগড়

১১ এপ্ৰিল – চি এছ কে বনাম ডি চি – চেন্নাই

১২ এপ্ৰিল – এল এছ জি বনাম জি টি – লক্ষ্ণৌ

১২ এপ্ৰিল – এম আই বনাম আৰ চি বি – মুম্বাই

উল্লেখ্য যে, আই পি এল ২০২৬ৰ বাবে আৰু ৫৪খন মেচৰ সময়সূচী আৰু স্থান এতিয়াও ঘোষণা কৰা হোৱা নাই । খবৰ অনুসৰি, বাকী সময়সূচী এই সপ্তাহতে ঘোষণা কৰাৰ সম্ভাৱনা আছে । ৩১ মে’ত এই প্ৰতিযোগিতাৰ ফাইনেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । চূড়ান্ত খেলখন বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলিও খবৰ প্ৰকাশ পাইছে ।

আই পি এল ২০২৬ৰ ফৰ্মেট একেই থাকিব । প্ৰতিটো দলে লীগ পৰ্যায়ত ১৪খন মেচ খেলিব আৰু পইণ্ট তালিকাৰ শীৰ্ষ চাৰিটা দলে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিব ।

লগতে পঢ়ক : ১৫ হাজাৰ কোটিত বিক্ৰী হ’ল ৰাজস্থান ৰয়েলছ

ভাৰতৰ টি-২০ বিশ্বকাপ বিজয়ী দল আৰু তেওঁলোকৰ আই পি এল দল

টি-২০ বিশ্বকাপৰ ফাইনেলত নিউজীলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰি টিম ইণ্ডিয়া বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰে

চলিত বছৰৰ ৮ মাৰ্চত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ ফাইনেলত নিউজীলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰি টিম ইণ্ডিয়া বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰে । ইয়াৰ মাত্ৰ তিনি সপ্তাহৰ পিছতে আৰম্ভ হ’ব আই পি এল ২০২৬ । ২৮ মাৰ্চত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ প্ৰথমখন মেচ । উদ্বোধনী মেচত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ মুখামুখি হ’ব ।

টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দলটোত আছিল সঞ্জু চেমছন, ঈশান কিষণ, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া আৰু যশপ্ৰীত বুমৰাহৰ দৰে তাৰকা খেলুৱৈ । টি-২০ বিশ্বকাপ বিজয়ী দলৰ প্ৰতিগৰাকী খেলুৱৈয়ে আই পি এল ২০২৬ত কোনটো দলৰ হৈ খেলিব জানক ।

কোন দলৰ হৈ কোনে খেলিব ?

মুম্বাই ইণ্ডিয়ানছ– সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, তিলক বাৰ্মা, যশপ্ৰীত বুমৰাহ

চেন্নাই চুপাৰ কিংছ- সঞ্জু চেমচন, শিৱম ডুবে

ছানৰাইজাৰ্ছ হায়দৰাবাদ- অভিষেক শৰ্মা, ঈশান কিষণ

কলকাতা নাইট ৰাইডাৰ্ছ – ৰিংকু সিং, বৰুণ চক্ৰৱৰ্তী

গুজৰাট টাইটানছ – ৱাশ্বিংটন সুন্দৰ, মহম্মদ চিৰাজ

দিল্লী কেপিটেলছ – কুলদীপ যাদৱ, অক্ষৰ পেটেল

পঞ্জাৱ কিংছ – অৰ্শদীপ সিং

ভাৰতৰ টি-২০ বিশ্বকাপ বিজয়ী দলত মুঠ ১৫ জন খেলুৱৈ আছিল যদিও ইয়াৰে ১৪ গৰাকীয়ে আই পি এল ২০২৬ত পূৰ্বৰ দলত আছে । এইবাৰ দল সলনি কৰা একমাত্ৰ খেলুৱৈ হৈছে সঞ্জু চেমছন । তেওঁ ৰাজস্থান ৰয়েলছ এৰি চেন্নাই ছুপাৰ কিংছত যোগদান কৰিছে । ৰবীন্দ্ৰ জাডেজা আৰু ছেম কাৰানৰ ঠাইত চেমছনে বাণিজ্যিক চুক্তিৰ অংশ হিচাপে চি এছ কেত যোগদান কৰে ।

ইফালে আই পি এল ২০২৬ত হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল আৰু ঈশান কিষণ যিয়ে নিজৰ নিজৰ দলৰ অধিনায়কত্ব কৰিব । হাৰ্দিক পাণ্ডিয়া মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক আৰু অক্ষৰ পেটেল দিল্লী কেপিটেলছৰ অধিনায়ক । ছানৰাইজাৰ্ছ হায়দৰাবাদৰ নিয়মীয়া অধিনায়ক পেট কামিন্স আঘাতপ্ৰাপ্ত হৈ প্ৰথম কেইখনমান মেচৰ পৰা আঁতৰি থকাৰ বাবে ঈশান কিষনক অস্থায়ী অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে ।

লগতে পঢ়ক : পি এছ এলত সন্ত্ৰাসবাদী আক্ৰমণৰ আতংক! বিদেশী খেলুৱৈয়ে লাভ কৰিছে ভাবুকি

পি এছ এল এৰি আই পি এলত আশ্ৰয় দাসুন শানাকাৰ; খঙত অগ্নিশৰ্মা মহছিন নাকভি

অহা ২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এলৰ ১৯ সংখ্যক ছিজন। এই আই পি এলৰ বাবে এতিয়া পি এছ এলৰ চুক্তি এৰিলে শ্ৰীলংকাৰ টি-২০ দলৰ অধিনায়ক দাসুন শানাকাই।

শ্ৰীলংকাৰ টি-২০ দলৰ অধিনায়ক দাসুন শানাকাই পাকিস্তান ছুপাৰ লীগ (পিএছএল) ২০২৬ৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে।এতিয়া দাসুন শানাকাই ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ ১৯ সংখ্যক ছিজনত অংশগ্ৰহণৰ কৰিবলৈ সাজু হৈছে।

আই পি এলৰ দল ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ সৈতে ইতিমধ্যে আলোচনাত মিলিত হৈছে দাসুন শানাকাই। এতিয়া তেওঁক আঘাতৰ ৰিপ্লেচমেণ্ট হিচাপে দলত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ৰাজস্থান ৰয়েলছে তেওঁক ছেম কাৰানৰ সলনি দলত অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখ্য যে ছেম কাৰান ভৰিৰ আঘাতৰ বাবে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈছে।

ইফালে,পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকভিয়ে দেওবাৰে এক সংবাদমেলত স্পষ্ট কৰি দিয়ে যে, যিসকল খেলুৱৈয়ে পিএছএলৰ চুক্তি মাজভাগত এৰি ভাৰতৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগলৈ গৈছে, তেওঁলোকৰ বিৰুদ্ধে ব’ৰ্ডে ‘কঠোৰ আইনী ব্যৱস্থা’ ল’ব। লাহোৰ কালাণ্ডাৰছৰ গুৰুত্বপূৰ্ণ সদস্য দাসুন শনাকাই ৰাজস্থান ৰয়েলছৰ হৈ খেলিবলৈ ইতিমধ্যে ভাৰতলৈ ৰাওনা হৈছে।

আনহাতে জিম্বাবুৱেৰ বেগী বলাৰ ব্লেছিং মুজাৰাবানিয়ে ইছলামবাগ ইউনাইটেডৰ লগ এৰি কলকাতা নাইট ৰাইডাৰ্ছত যোগদান কৰিছে।এই দুয়োগৰাকী খেলুৱৈকে আই পি এলৰ দলসমূহে ৰিপ্লেচমেণ্ট হিচাপে মাতিছে৷২০২৬ চনৰ টি-২০ বিশ্বকাপত তেওঁলোকৰ দুৰ্দান্ত প্ৰদৰ্শনৰ পিছত আই পি এলত এই খেলুৱৈসকলৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে।

লগতে পঢ়ক: তালিবানৰ আক্ৰমণত  কঁপিছে পাকিস্তান; দৰ্শক নোহোৱাকৈ অনুষ্ঠিত হ’ব পি এছ এল

বৰ্ষাপাৰাত আই পি এলৰ মহাৰণ, ৩০ মাৰ্চত ৰাজস্থান বমান চেন্নাইক লৈ ব্যাপক উৎসাহ  

৩০ মাৰ্চত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ হাই-ভল্টেজ মেচ

ৰাজ্যত তীব্ৰতৰ হৈ পৰা নিৰ্বাচনী পৰিৱেশৰ মাজতে দেখা গৈছে আই পি এলৰ উন্মাদনা । ৩০ মাৰ্চত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ হাই-ভল্টেজ মেচ । আই পি এলৰ এই হাই-ভল্টেজ মেচৰ বাবে অসমৰ ক্ৰিকেটপ্ৰেমীসকলৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে । এই বহু প্ৰত্যাশিত মেচখনৰ ইতিমধ্যে ৭০ শতাংশ টিকট বিক্ৰী হৈছে, যাৰ পৰা স্পষ্ট হৈছে যে মেচৰ দিনটোত ষ্টেডিয়াম দৰ্শকেৰে ভৰি পৰিব ।

প্ৰায় ৪০,০০০ দৰ্শকক আদৰিবলৈ সাজু হোৱা অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামখন ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ সমৰ্থকেৰে ভৰি পৰিব বুলি আশা কৰা হৈছে । আই পি এলৰ এই ছিজনৰ অন্যতম আকৰ্ষণীয় মেচ হিচাপে পৰিগণিত হ’বলগীয়া এই খেলখনে গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যৰ ক্ৰিকেট অনুৰাগীক আকৰ্ষিত কৰিছে ।

ইফালে এই মেচত শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ লক্ষ্যৰে আয়োজকসকলে উজান বজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্টত বিশেষ টিকট কাউণ্টাৰৰ ব্যৱস্থা কৰিছে । শিক্ষাৰ্থীৰ বাবে টিকটৰ মূল্য ৭৯৯ টকা আৰু সাধাৰণ টিকটৰ মূল্য ১,৪৯৯ টকা ধাৰ্য কৰা হৈছে । এই কাউণ্টাৰসমূহ ২১ আৰু ২২ মাৰ্চত বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ খোলা থাকিব । ৰেহাই মূল্যত টিকট লাভ কৰিবলৈ শিক্ষাৰ্থীসকলে বৈধ পৰিচয় পত্ৰ দেখুওৱাটো বাধ্যতামূলক ।

টিকটৰ উপলব্ধতা অধিক সহজ কৰি তুলিবলৈ অহা ২৪ মাৰ্চত ষ্টেডিয়ামৰ সমীপৰ ছাউথ পইণ্ট স্কুলত পুৱা ১১ বজাৰ পৰা বিয়লি ৫ বজালৈ আন এক অতিৰিক্ত কাউণ্টাৰ খোলা হ’ব ।

লগতে পঢ়ক : আই পি এলৰ পূৰ্বে বিপদত কলকাতা নাইট ৰাইডাৰ্ছ