ৰাজস্থানৰ পিছতে বিক্ৰী হ’ল ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু, কোনে লাভ কৰিলে মালিকীস্বত্ব?

ৰাজস্থানৰ পিছতে বিক্ৰী হ’ল ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু, কোনে লাভ কৰিলে মালিকীস্বত্ব?

বৰ্তমানৰ ডিফেণ্ডিং চেম্পিয়ন ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি)য়ে নতুন গৰাকী লাভ কৰিছে আই পি এলৰ অন্যতম জনপ্ৰিয় দল তথা বৰ্তমানৰ ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে নতুন গৰাকী লাভ কৰিছে । আদিত্য বিৰলা গ্ৰুপ, টাইমছ অৱ ইণ্ডিয়া গ্ৰুপ, বল্ট ভেঞ্চাৰছ আৰু ব্লেকষ্টোনে

বৰ্তমানৰ ডিফেণ্ডিং চেম্পিয়ন ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি)য়ে নতুন গৰাকী লাভ কৰিছে

আই পি এলৰ অন্যতম জনপ্ৰিয় দল তথা বৰ্তমানৰ ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে নতুন গৰাকী লাভ কৰিছে । আদিত্য বিৰলা গ্ৰুপ, টাইমছ অৱ ইণ্ডিয়া গ্ৰুপ, বল্ট ভেঞ্চাৰছ আৰু ব্লেকষ্টোনে যৌথভাৱে প্ৰায় ১.৭৮ বিলিয়ন ডলাৰ (প্ৰায় ১৬,৭০৬ কোটি টকা)ত এই দলটো ক্ৰয় কৰিছে । মঙলবাৰে এই চুক্তি চূড়ান্ত কৰা হয় ।

উল্লেখযোগ্য যে আৰ চি বি চুক্তিৰ পূৰ্বে আমেৰিকান ব্যৱসায়ী কাল সোমানীয়ে ৰাজস্থান ৰয়েলছক প্ৰায় ১৫,০০০ কোটি টকাত অধিগ্ৰহণ কৰিছিল । অৰ্থাৎ এদিনতে দুটা আই পি এল দলৰ মালিকীস্বত্ব সলনি হৈছে ।

ক্ৰিকবাজৰ প্ৰতিবেদন অনুসৰি আৰচিবিৰ চুক্তি ইউনাইটেড স্পিৰিটছ লিমিটেড (ডায়েজিঅ’ৰ সহযোগী কোম্পানী)ৰ সৈতে স্বাক্ষৰিত হৈছিল, য’ত আৰচিবিৰ ১০০% অংশীদাৰিত্ব হস্তান্তৰ কৰা হ’ব । এই চুক্তিত আই পি এল আৰু ডব্লিউ পি এল (মহিলা দল) দুয়োটাকে অন্তৰ্ভুক্ত কৰা হৈছে । অৰ্থাৎ আৰ চি বিৰ পুৰুষ আৰু মহিলা দুয়োটা দলৰ মালিকীস্বত্ব এতিয়া এই চাৰিজন শ্বেয়াৰহোল্ডাৰৰ হাতলৈ গৈছে ।

নতুন মালিকীস্বত্বৰ অধীনত :

-আৰ্যমন বিক্ৰম বিৰলা (আদিত্য বিৰলা গ্ৰুপ) অধ্যক্ষ হ’ব ।

-সত্যন গজৱানী (টাইমছ গ্ৰুপ) উপাধ্যক্ষ হ’ব ।

-এই কনচৰ্টিয়ামত ডেভিদ ব্লিটজাৰ (বল্ট ভেঞ্চাৰছ) আৰু ভাইৰেল পেটেল (ব্লেকষ্টোন)ও আছে ।

বৰ্তমান এই চুক্তিত কিছুমান চৰ্ত আৰোপ কৰা হৈছে । এতিয়াও ই বিচিচিআই, ভাৰতীয় প্ৰতিযোগিতা আয়োগ আৰু অন্যান্য নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ অনুমোদনৰ আওতাত আছে ।

এই চুক্তি সন্দৰ্ভত আদিত্য বিৰলা গ্ৰুপৰ অধ্যক্ষ কুমাৰ মংগলম বিৰলাই কয় যে আই পি এলে বিগত ২০ বছৰত ক্ৰিকেটৰ ৰূপান্তৰ ঘটাইছে আৰু আৰ চি বিৰ দৰে দলৰ সৈতে অংশীদাৰিত্ব কৰাটো তেওঁলোকৰ বাবে এক উল্লেখযোগ্য সুবিধা । তেওঁ কয় যে তেওঁলোকে দলটোৰ উত্তৰাধিকাৰ আৰু অধিক বৃদ্ধি কৰিব ।

টাইমছ গ্ৰুপৰ সত্যন গাজৱানীয়ে কয় যে, “আৰ চি বি কেৱল এটা দল নহয়, বৰঞ্চ আই পি এলৰ অন্যতম জনপ্ৰিয় ব্ৰেণ্ড । তেওঁলোকৰ লক্ষ্য হৈছে ইয়াক বিশ্বব্যাপী ক্ৰীড়া ব্ৰেণ্ড হিচাপে গঢ়ি তোলা ।”

উল্লেখ্য যে আৰ চি বি আই পি এল ২০২৬ৰ ডিফেণ্ডিং চেম্পিয়ন । পঞ্জাৱ কিংছক পৰাস্ত কৰি ২০২৫ৰ ছিজনত খিতাপ দখল কৰিছিল দলটোৱে । আই পি এলৰ ইতিহাসত এই খিতাপ প্ৰথমবাৰৰ বাবে লাভ কৰিছিল আৰ চি বিয়ে ।

লগতে পঢ়ক : বেংগালুৰু বনাম হায়দৰাবাদৰ মেচেৰে আৰম্ভণি হ’ব আই পি এল ২০২৬

শেহতীয়া প্ৰৱন্ধসমূহ