“যিমানেই আৰক্ষী আহক,কোনো কাৰণতে চৰকাৰী বাসগৃহ খালী নকৰো”; ৰাবৰি দেৱীৰ মুকলি প্ৰত্যাহ্বান

“যিমানেই আৰক্ষী আহক,কোনো কাৰণতে চৰকাৰী বাসগৃহ খালী নকৰো”; ৰাবৰি দেৱীৰ মুকলি প্ৰত্যাহ্বান

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱীক ‘১০ চাৰ্কুলাৰ ৰোড’ত থকা চৰকাৰী বাসগৃহ খালী কৰিবলৈ আল্টিমেটাম জাৰি কৰা হৈছে। বিহাৰৰ ৰাজনীতিৰ ভিতৰত নেতৃত্বৰ পৰিৱৰ্তন আৰু সম্ৰাট চৌধুৰীয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় দখল কৰাৰ পিছত এতিয়া চৰকাৰী বাসগৃহ খালী কৰাক লৈ ৰাজনৈতিক সংঘাতৰ সৃষ্টি হৈছে। বিহাৰ চৰকাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱীক ‘১০ চাৰ্কুলাৰ ৰোড’ত থকা চৰকাৰী বাসগৃহ খালী কৰিবলৈ আল্টিমেটাম জাৰি কৰা হৈছে।

বিহাৰৰ ৰাজনীতিৰ ভিতৰত নেতৃত্বৰ পৰিৱৰ্তন আৰু সম্ৰাট চৌধুৰীয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় দখল কৰাৰ পিছত এতিয়া চৰকাৰী বাসগৃহ খালী কৰাক লৈ ৰাজনৈতিক সংঘাতৰ সৃষ্টি হৈছে। বিহাৰ চৰকাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱীক ‘১০ চাৰ্কুলাৰ ৰোড’ত থকা চৰকাৰী বাসগৃহ খালী কৰিবলৈ এক আল্টিমেটাম জাৰি কৰিছে।ইফালে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডিৰ জ্যেষ্ঠ নেত্ৰী ৰাবৰি দেৱীয়ে চৰকাৰী বাসগৃহ খালী কৰিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছে।

পাটনা বিমানবন্দৰত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাৰ সময়ত তেওঁ বিহাৰ চৰকাৰক মুকলি প্ৰত্যাহ্বান জনাই কয় যে কোনো মূল্যৰ বিনিময়ত তেওঁ নিজৰ বাসগৃহ খালী নকৰে। নাতি ইৰাজৰ জন্মদিন উদযাপনত অংশগ্ৰহণ কৰি পাটনালৈ উভতি আহিছিল ৰাবৰি দেৱী।বিমানবন্দৰত সাংবাদিকসকলে তেওঁৰ চৰকাৰী বাসগৃহ খালী কৰাৰ নিৰ্দেশ সন্দৰ্ভত সোধা-পোছা কৰাত তেওঁ নিৰ্দ্বিধায় কয় যে-“সম্ৰাট চৌধাৰীয়ে ঘৰটো খালী কৰিবলৈ যিমানেই জোৰকৈ চমন নকৰক কিয়, মই খালী নকৰো। সম্ৰাট চৌধুৰীয়ে নিৰাপত্তা বাহিনীক মাতি আনি বাসগৃহ খালী কৰক। তেওঁ এতিয়াহে মুখ্যমন্ত্ৰী হৈছে।” প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰী দেৱীৰ এই মন্তব্যই এতিয়া বিহাৰৰ ৰাজনীতি উত্তপ্ত কৰি তুলিছে।

লগতে পঢ়ক: কৰ্ণাটকত ‘শিৱকুমাৰৰ’ নামত আজি লাগিব মোহৰ; ৩ জুনত শপত গ্ৰহণৰ সম্ভাৱনা