মঙলবাৰে অনুষ্ঠিত হোৱা আই পি এল ২০২৬ৰ খেলখনত ৰাজস্থান ৰয়েলছে পঞ্জাৱ কিংছক ৬ উইকেটত পৰাস্ত কৰে।
আই পি এল ২০২৬ৰ ৪০ সংখ্যক মেচত মঙলবাৰে পঞ্জাৱ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হয়।য’ত ৰাজস্থান ৰয়েলছে ৬ উইকেটত জয় নিশ্চিত কৰে। ২০২৬ চনৰ আই পি এলত পঞ্জাৱ কিংছৰ এইটোৱেই আছিল প্ৰথম পৰাজয়।এই মেচখন নিউ চণ্ডীগড়ত অনুষ্ঠিত হৈছিল।
য’ত ৰাজস্থানে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ বাছি লৈছিল।প্ৰথমে বেটিং কৰি পঞ্জাৱ দলটোৱে মুঠ ২২২ ৰান সংগ্ৰহ কৰে, য’ত প্ৰভচিমৰণ সিং আৰু মাৰ্কাছ ষ্ট’ইনিছে অৰ্ধশতক কৰে।ইয়াৰ উত্তৰত ৰাজস্থানে শেষৰটো অভাৰত সফলতা লাভ কৰে।
২২৩ ৰানৰ লক্ষ্য খেদি বৈভৱ আৰু যশস্বীয়ে ৰাজস্থানৰ ইনিংছৰ আৰম্ভণি কৰে। বৈভৱে ১৬টা বলত ৪৩ ৰান সংগ্ৰহ কৰে।এই ইনিংছত তেওঁ ৫টা ছয় আৰু ৩টা চাৰিটা কোবায় অৰ্থাৎ উইকেটৰ মাজত দৌৰি মাত্ৰ ১ ৰানহে লয়। এই মেচত পৰাজয়ৰ পিছতো পঞ্জাৱ দলটো টেবুলৰ শীৰ্ষত আছে।পঞ্জাবে ৮খন খেলৰ পৰা ১৩ পইণ্ট লাভ কৰিছে।ইফালে ৮খন খেলৰ পৰা ১২ পইণ্ট লাভ কৰি দ্বিতীয় স্থানত আছে আৰ চি বি।ইফালে ৯খন খেলৰ পৰা ১২ পইণ্ট সংগ্ৰহ কৰি এতিয়া তৃতীয় স্থানত আছে ৰাজস্থান।
লগতে পঢ়ক:আই পি এলৰ ‘কিং’ বিৰাট কোহলীৰ অভিলেখ; সম্পূৰ্ণ কৰিলে ৯ হাজাৰ ৰান









