দেশৰ নাৰী শক্তিৰ ওচৰত ক্ষমা প্ৰাৰ্থনা প্ৰধানমন্ত্ৰী মোদীৰ

দেশৰ নাৰী শক্তিৰ ওচৰত ক্ষমা প্ৰাৰ্থনা প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে বিজেপি নেতৃত্বাধীন এন ডি এৰ বাবে দেশৰ স্বাৰ্থ সৰ্বোপৰি হোৱাৰ বিপৰীতে কিছুমান লোকৰ বাবে স্বাৰ্থপৰতাহে সকলো হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে মহিলা সংৰক্ষণৰ সংশোধনৰ বাবে লোকসভাত সংবিধান সংশোধনী বিধেয়কখন পৰাজিত হোৱাৰ বাবে বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰে আৰু দেশৰ

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে বিজেপি নেতৃত্বাধীন এন ডি এৰ বাবে দেশৰ স্বাৰ্থ সৰ্বোপৰি হোৱাৰ বিপৰীতে কিছুমান লোকৰ বাবে স্বাৰ্থপৰতাহে সকলো হৈ পৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে মহিলা সংৰক্ষণৰ সংশোধনৰ বাবে লোকসভাত সংবিধান সংশোধনী বিধেয়কখন পৰাজিত হোৱাৰ বাবে বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰে আৰু দেশৰ “মাতৃ তথা ভগ্নীসকলৰ” ওচৰত ক্ষমা বিচাৰি কয় যে সংসদত “নাৰী শক্তি বিধেয়কখন গৃহীত হোৱাত ব্যৰ্থ হয়”।

ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে শুকুৰবাৰে সমগ্ৰ দেশৰ কোটি কোটি মহিলাৰ চকু সংসদৰ ওপৰত আছিল । তেওঁ উল্লেখ কৰে যে বিজেপি নেতৃত্বাধীন এন ডি এৰ বাবে দেশৰ স্বাৰ্থ সৰ্বোপৰি হোৱাৰ বিপৰীতে কিছুমান লোকৰ বাবে স্বাৰ্থপৰতাহে সকলো হৈ পৰে ।

তেওঁ কয়, “আজি মই এক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ইয়াত উপস্থিত হৈছো, বিশেষকৈ এই দেশৰ মহিলাসকলৰ বাবে । কেনেকৈ মহিলাৰ প্ৰগতি থমকি ৰৈছে, সেয়া দেশৰ প্ৰতিগৰাকী নাগৰিকে প্ৰত্যক্ষ কৰিছে, আমাৰ সৰ্বোত্তম প্ৰচেষ্টাৰ পিছতো আমি সফল হ’ব নোৱাৰিলোঁ । নাৰী শক্তি অধিনিয়মত সংশোধন কৰিব পৰা নগ’ল । ইয়াৰ বাবে মই দেশৰ সকলো মাতৃ আৰু ভগ্নীৰ ওচৰত ক্ষমা বিচাৰিছো ।”

তেওঁ লগতে কয়, “আমাৰ বাবে দেশৰ স্বাৰ্থই সৰ্বোপৰি । কিন্তু যেতিয়া কিছুমান লোকৰ বাবে দলীয় স্বাৰ্থই সকলো হৈ পৰে, যেতিয়া দলীয় স্বাৰ্থই দেশৰ স্বাৰ্থক চেৰ পেলাই যায়, তেতিয়া নাৰী শক্তি তথা দেশৰ স্বাৰ্থই ইয়াৰ পৰিণাম ভোগ কৰিবলগীয়া হয় । এইবাৰো ঠিক সেয়াই ঘটিল ।”

তেওঁ অভিযোগ কৰে যে কংগ্ৰেছ, ডি এম কে, টি এম চি আৰু সমাজবাদী পাৰ্টিৰ দৰে দলসমূহৰ “স্বাৰ্থকেন্দ্ৰিক ৰাজনীতিৰ” বাবে দেশৰ মহিলাসকলে মূল্য ভৰিবলগীয়া হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এগৰাকী মহিলাই সকলো পাহৰি যাব পাৰে, কিন্তু নিজৰ অপমান কেতিয়াও পাহৰি নাযায় ।

তেওঁ কয়, “কালি সমগ্ৰ দেশৰ কোটি কোটি মহিলাৰ চকু সংসদৰ ওপৰত আছিল । মহিলাৰ স্বাৰ্থত উত্থাপন কৰা এই প্ৰস্তাৱটো যেতিয়া পৰাস্ত হৈছিল, তেতিয়া কংগ্ৰেছ, ডি এম কে, এছ পি আৰু টি এম চিৰ দৰে দলবোৰে হাত চাপৰি বজোৱা দেখি গভীৰ দুখ পাইছো । মহিলাৰ অধিকাৰ কাঢ়ি লৈ তেওঁলোকে ডেস্কত চপৰিয়াইছিল । সেইবোৰ কেৱল চাপৰি নাছিল, সেইবোৰ আছিল মহিলাৰ মৰ্যাদা আৰু আত্মসন্মানৰ ওপৰত কৰা আঘাত ।”

উল্লেখ্য যে, শুকুৰবাৰে লোকসভাত বিৰোধী দলসমূহে সংবিধান সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে ভোটদান কৰে । লোকসভাত সংবিধান (এশ একত্রিশতম সংশোধনী) বিধেয়ক, সীমা নিৰ্ধাৰণ বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়কখন একেলগে গৃহীত কৰিবলৈ লোৱা হৈছিল । তিনিখন বিধেয়কৰ বিতৰ্কৰ অন্তত সংবিধান সংশোধনী বিধেয়কখনৰ বিভাজন ভোটত ২৯৮ জন সদস্যই সমৰ্থনত আৰু ২৩০ জনে বিৰুদ্ধে ভোটদান কৰে ।

লগতে পঢ়ক : বিৰোধীয়ে নিজৰ পাপৰ শাস্তি নিশ্চিতভাৱে পাবঃ মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী