বিৰোধীয়ে নিজৰ পাপৰ শাস্তি নিশ্চিতভাৱে পাবঃ মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী

বিৰোধীয়ে নিজৰ পাপৰ শাস্তি নিশ্চিতভাৱে পাবঃ মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী

দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত দেশৰ মহিলাসকলৰ ওচৰত ক্ষমা বিচাৰে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত দেশৰ মহিলাসকলৰ ওচৰত ক্ষমা বিচাৰে । মহিলাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা দলসমূহৰ স্বাৰ্থপৰ ৰাজনীতিৰ বাবে তেওঁ প্ৰত্যক্ষভাৱে কংগ্ৰেছ, ডি এম কে, টি এম চি,

দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত দেশৰ মহিলাসকলৰ ওচৰত ক্ষমা বিচাৰে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত দেশৰ মহিলাসকলৰ ওচৰত ক্ষমা বিচাৰে । মহিলাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা দলসমূহৰ স্বাৰ্থপৰ ৰাজনীতিৰ বাবে তেওঁ প্ৰত্যক্ষভাৱে কংগ্ৰেছ, ডি এম কে, টি এম চি, সমাজবাদী পাৰ্টিক দোষাৰোপ কৰে ।

সংসদত যেতিয়া মহিলা সংৰক্ষণ বিধেয়ক ভোটদানৰ বাবে আহিছিল, তেতিয়া বিৰোধীয়ে বাধা দিছিল । কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলে বিধেয়কৰ বিৰুদ্ধে ভোট দিয়াত বিধেয়কখন গৃহীত নহ’ল । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই দলসমূহে বিভিন্ন অজুহাত দেখুৱাই দেশক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল । তেওঁ অভিযোগ কৰে যে কংগ্ৰেছ সদায় মহিলা সংৰক্ষণৰ বিৰোধী আৰু সদায় এনে প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰে ।

ক্ষমা খুজিলে প্ৰধানমন্ত্ৰী মোদীয়ে-

সকলো প্ৰচেষ্টা সত্ত্বেও বিধেয়কখন গৃহীত কৰিব পৰা নগ’ল বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । তেওঁ দেশৰ মাতৃ-ভগ্নীসকলৰ ওচৰত ইয়াৰ বাবে ক্ষমা বিচাৰে । তেওঁ কয় যে ভাৰতৰ নাৰীসকলৰ ক্ষমতা স্তব্ধ কৰি তেওঁলোকৰ সপোনবোৰ নিৰ্মমভাৱে প্ৰত্যাখ্যান কৰা হ’ল ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যেতিয়া একাংশ দলে ৰাষ্ট্ৰৰ স্বাৰ্থতকৈ নিজৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ে, তেতিয়া ইয়াৰ পৰিণাম মহিলা আৰু দেশে ভুগিবলগীয়া হয় । সংসদত যেতিয়া এই প্ৰস্তাৱ পৰাজিত হৈছিল, তেতিয়া একাংশ বিৰোধী দলে উল্লাস আৰু হাত চাপৰি বজাইছিল । এয়া কেৱল হাতচাপৰি নহয়, নাৰীৰ স্বাভিমান আৰু আত্মসন্মানৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ ।

লগতে দেশৰ মহিলাসকলে এই ঘটনা কেতিয়াও পাহৰিব নোৱাৰে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । এই নেতাসকল যেতিয়াই তেওঁলোকৰ মাজলৈ যাব তেতিয়াই তেওঁলোকে উত্তৰ দিব লাগিব । তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে মহিলাৰ অধিকাৰৰ বিৰোধিতা কৰাৰ বাবে এই দলসমূহে নিশ্চয়কৈ শাস্তি লাভ কৰিব আৰু জনসাধাৰণেও তেওঁলোকক এটা শিক্ষা দিব ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই বিধেয়কখনক বাধা দি বিৰোধীয়ে কেৱল নাৰীকে নহয়, সংবিধান প্ৰণয়নকাৰীসকলৰ আৱেগকো অপমান কৰিছে । তেওঁ কয় যে এই বিধেয়কখন একবিংশ শতিকাৰ ভাৰতীয় মহিলাসকলক এক নতুন সুযোগ আৰু নতুন উচ্চতা দিয়াৰ প্ৰয়াস ।

লগতে পঢ়ক : বিৰোধীৰ বাধাৰ বাবেই গৃহীত নহ’ল মহিলা সংৰক্ষণ বিধেয়ক, ক্ষুদ্ৰ ৰাজনীতি কৰাৰ অভিযোগ প্ৰধানমন্ত্ৰী মোদীৰ