IRGC নৌসেনাই বাণিজ্যিক জাহাজসমূহক সকীয়াই দিছে যে যাতে তেওঁলোকে কেৱল তেহৰানে অনুমোদন জনোৱা হৰমুজ প্ৰণালীৰ পথসমূহহে ব্যৱহাৰ কৰে।
ইৰাণৰ সংবাদ মাধ্যম ‘প্ৰেছ টিভি’ৰ বাতৰি অনুসৰি, ইছলামিক ৰিভলিউশ্যনেৰী গাৰ্ড কৰ্পছ (IRGC) নৌসেনাই জাহাজসমূহক কেৱল অনুমোদিত পথেৰেহে হৰমুজ প্ৰণালী পাৰ হ’বলৈ সতৰ্ক কৰি দিছে। তেওঁলোকে কয় যে ইৰাণে নিৰ্ধাৰণ কৰি দিয়া পথৰ বাহিৰে অন্য পথেৰে পাৰ হোৱা যিকোনো যাতায়তৰ বিৰুদ্ধে বলপূৰ্বক ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে। প্ৰেছ টিভিৰ মতে, IRGC নৌসেনাই জানিবলৈ দিয়ে যে “কিছুমান কৰ্তৃপক্ষই” তেহৰাণৰ সৈতে কোনো আলোচনা নকৰাকৈয়ে এই কৌশলগত জলপথটোত এটা নতুন সামুদ্ৰিক যাতায়ত পথ ঘোষণা কৰিছে।
IRGC নৌসেনাই কয়, “কিছুমান কৰ্তৃপক্ষই ইছলামিক প্ৰজাতন্ত্ৰ ইৰাণক কোনো পূৰ্বসূচনা বা সমন্বয় নকৰাকৈ হৰমুজ প্ৰণালীৰ মাজেৰে এটা নতুন জাহাজ চলাচলৰ পথ ঘোষণা কৰিছে। এই প্ৰস্তাৱিত পথটো গ্ৰহণযোগ্য নহয় আৰু ই গুৰুতৰ নিৰাপত্তা বিপদাশংকাৰ সৃষ্টি কৰে।”
তেওঁলোকে জোৰ দি কয় যে কেৱল ইৰাণে অনুমোদন কৰা পথেৰেহে এই প্ৰণালীৰে পাৰ হ’বলৈ বৈধ। তেওঁলোকে কয়, “হৰমুজ প্ৰণালীৰ মাজেৰে যাতায়তৰ একমাত্ৰ অনুমোদিত পথসমূহ হৈছে ইছলামিক প্ৰজাতন্ত্ৰ ইৰাণে নিৰ্ধাৰণ কৰা পথসমূহ। এই পথসমূহৰ বাহিৰত জাহাজ চলাচল কৰাটো নিষিদ্ধ আৰু অত্যন্ত বিপজ্জনক। সকলো জাহাজকে নিৰ্ধাৰিত কৰিডৰৰ বাহিৰত যিকোনো ধৰণৰ চলাচল পৰিহাৰ কৰিবলৈ কঠোৰভাৱে পৰামৰ্শ দিয়া হৈছে।”
IRGC নৌসেনাই লগতে কয় যে এই জলপথেৰে যোৱা জাহাজসমূহে ইৰাণৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ বজাই ৰাখিব লাগিব। বিবৃতিত যোগ কৰা হৈছে, “হৰমুজ প্ৰণালী পাৰ হ’বলৈ ‘চেনেল ১৬’ (Channel 16) ৰ জৰিয়তে IRGC নৌসেনাৰ সৈতে সমন্বয় কৰাটো বাধ্যতামূলক। যিকোনো জাহাজে এই নিয়ম উলংঘা কৰিলে তাৰ বিৰুদ্ধে আইনী বা বলপূৰ্বক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”
হৰমুজ প্ৰণালীৰ নিয়ন্ত্ৰণক লৈ ওমানে দিয়া এক বক্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে IRGC ৰ এই বিবৃতিটো আহিছে। বুধবাৰে ওমানৰ তৰফৰ পৰা কোৱা হৈছিল যে আন্তৰ্জাতিক সামুদ্ৰিক সংস্থা (IMO) ৰ সৈতে সমন্বয় ৰাখি তেওঁলোকে হৰমুজ প্ৰণালীত এটা জাহাজ যাতায়ত কৰিডৰ প্ৰদান কৰি আছে।
চুলতানেটে (ওমান চৰকাৰ) কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত হোৱা প্ৰচেষ্টা আৰু বুজাপৰাৰ ফলাফলৰ সৈতে সংগতি ৰাখি, কোনো ধৰণৰ যাতায়ত মাচুল নোলোৱাকৈ এই প্ৰণালীত নৌ-চলাচলৰ স্বাধীনতা নিশ্চিত কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে। ওমানে আন্তৰ্জাতিক সামুদ্ৰিক সংস্থা (IMO) ৰ সৈতে মিলি সকলো জাহাজৰ বাবে IMO-এ ঘোষণা কৰা স্থানাংক অনুসৰি এটা সাময়িক সামুদ্ৰিক কৰিডৰ ব্যৱহাৰ কৰাৰ বিকল্প প্ৰদান কৰিছে, য’ত যাতায়ত কৰিব বিচৰা জাহাজসমূহে আন্তৰ্জাতিক সামুদ্ৰিক সংস্থাৰ সৈতে সমন্বয় কৰিব লাগিব।
ইয়াৰ পূৰ্বে বুধবাৰে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৈছিল যে যদি ইৰাণ চুক্তিত হৰমুজ প্ৰণালীত জাহাজ চলাচল বা সামুদ্ৰিক কাৰ্যকলাপৰ ওপৰত কোনো ধৰণৰ মাচুল অন্তৰ্ভুক্ত কৰা হয়, তেন্তে সেয়া তেওঁৰ বাবে ‘অগ্ৰহণযোগ্য’ হ’ব।
লগতে পঢ়ক: ড’নাল্ড ট্ৰাম্পৰ মোক্ষম আঘাত; আমেৰিকাৰ কংগ্ৰেছত ইৰাণৰ বিৰুদ্ধে যুদ্ধ বন্ধ কৰাৰ প্ৰস্তাৱ গৃহীত









