ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি আজি চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ মুখামুখি হয় ড° হিমন্ত বিশ্ব শৰ্মা
২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনত ঐতিহাসিক জয়লাভৰ পাছত অসমত পুনৰ গঠন হ’ল বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ । ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি আজি চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ মুখামুখি হয় ড° হিমন্ত বিশ্ব শৰ্মা । এই বাৰ্তালাপত তেওঁ অসমৰ ৰাইজৰ সৈতে থকা নিজৰ গভীৰ আৱেগিক সম্পৰ্কৰ কথা সোঁৱৰণ কৰি আৱেগিক হৈ পৰে ।
বিশেষকৈ তেওঁৰ জনপ্ৰিয় “মামা” সম্বোধনৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে হাঁহি মুখে কয়- “যদি মানুহে মোক মামা বুলি মতাটো বন্ধ কৰি দিয়ে, তেন্তে সম্ভৱত মই মৰি যাম ।” তেওঁ উল্লেখ কৰে যে এই সম্বোধন কেৱল এটা শব্দ নহয়, ই ৰাইজৰ সৈতে থকা এক হৃদয়ে স্পৰ্শ কৰা সম্পৰ্ক ।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মানৱীয়তাৰ ওপৰত গুৰুত্ব দি কয় :
“আমি ৰাজনৈতিক নেতা হ’ব পাৰোঁ, আমি কাৰোবাৰ দেউতাক হ’ব পাৰোঁ বা কাৰোবাৰ নেতা হ’ব পাৰোঁ, কিন্তু দিনটোৰ শেষত আমি এজন মানুহ । যেতিয়ালৈকে আমি আমাৰ মানৱীয় চৰিত্ৰ বজাই ৰাখিব পাৰিম, তেতিয়ালৈকে আমি সঠিকভাৱে কাম কৰিবলৈ সক্ষম হ’ম বুলি মই ভাবো ।”
উল্লেখযোগ্য যে, কালি অৰ্থাৎ ১২ মে’ত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত শৰ্মাই দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল । যোৱা কেইবছৰমানৰ পৰা জনকল্যাণমুখী আঁচনি আৰু জনসম্পৰ্কৰ জৰিয়তে অসমৰ যুৱ প্ৰজন্মৰ মাজত তেওঁৰ ‘মামা’ পৰিচয়টো অতি জনপ্ৰিয় হৈ পৰিছে ।
২০২৬ চনৰ নিৰ্বাচনত এনডিএ (NDA) দলে ধাৰাবাহিকভাৱে তৃতীয়টো কাৰ্যকালৰ বাবে অসমত চৰকাৰ গঠন কৰি এক নতুন অভিলেখ গঢ়িছে । ৰাইজৰ এই বিপুল সঁহাৰিয়ে চৰকাৰখনক অধিক জনহিতকৰ কাম কৰিবলৈ উৎসাহ যোগাব বুলিও তেওঁ মন্তব্য কৰে ।
লগতে পঢ়ক : শপত গ্ৰহণৰ পিছতেই একচন মুডত হিমন্ত বিশ্ব শৰ্মাঃ মন্ত্ৰীৰ কনভয় হ্ৰাসৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ









