জটিল বান পৰিস্থিতিৰ মাজতেই অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে
ৰাজ্যত অব্যাহত থকা জটিল বান পৰিস্থিতিৰ মাজতেই মুখ্যমন্ত্ৰীয়ে এক ডাঙৰ ঘোষণা কৰিছে । অহা ৩ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ’বলৈ গৈ আছে ৰাজ্য চৰকাৰৰ অভিলাষী ‘অৰুণোদয়’ আঁচনি । শনিবাৰে এক সংবাদমেলযোগে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্ৰীগৰাকীৰ ঘোষণা অনুসৰি, ৩ আগষ্টৰ পৰাই হিতাধিকাৰী মহিলাসকলৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ ধন প্ৰত্যক্ষভাৱে জমা হ’ব । এই উপলক্ষে হিতাধিকাৰীসকলক নিজৰ বেংক একাউণ্টসমূহ সক্ৰিয় কৰি ৰাখিবলৈ আহ্বান জনোৱা হৈছে ।
ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বতে ঘোষণা কৰি অনুসৰি অহা ৬ আৰু ৭ আগষ্টত শিক্ষাৰ্থীসকলৰ মাজত ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ আবেদন প্ৰ-পত্ৰ বিতৰণ কৰা হ’ব ।
ছাত্ৰ-ছাত্ৰীসকলে এই ফৰ্মসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত পূৰণ কৰি জমা দিব লাগিব । সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত অহা ছেপ্টেম্বৰ মাহৰ পৰাই শিক্ষাৰ্থীসকলে এই আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ’ব ।
লগতে পঢ়ক : বানপীড়িত শিক্ষাৰ্থীক ৰাজ্য চৰকাৰে বিনামূলীয়াকৈ দিব নতুন পাঠ্যপুথি









