ইশান-তিলকৰ যুগলবন্দী । দ্বিতীয় টি-২০ত জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতৰ দৰ্শনীয় জয় ।
জিম্বাবৱেৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয়খন টি-২০ মেচত ৯০ ৰানৰ দৰ্শনীয় জয় সাব্যস্ত কৰিছে ভাৰতে । টছত পৰস্ত হৈ প্ৰথমে বেটিং কৰিবলৈ বাধ্য হোৱা ভাৰতে সংগ্ৰহ কৰে ৫ উইকেটৰ বিনিময়ত ২১৯ ৰানৰ এক বিশাল স্ক’ৰ । প্ৰত্যুত্তৰত ভাৰতীয় বলাৰসকলৰ আগ্ৰাসী বলিং আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি জিম্বাবৱেৰ সমগ্ৰ দলটো মাত্ৰ ১২৯ ৰানতে অল-আউট হয় ।
ইশান-তিলকৰ বিষ্ফোৰক বেটিং
ভাৰতৰ ইনিংছত ধুমুহা তুলি ইশান কিষণে মাত্ৰ ৪৪ টা বলত ৮১ ৰানৰ এক আকৰ্ষণীয় ইনিংছ উপহাৰ দিয়ে । তেওঁক যোগ্য দি তিলক বাৰ্মাই ২৯ টা বলত ৬০ ৰান কৰি অপৰাজিত হৈ ৰয় । দুয়োৰে মাজত গঢ়ি উঠে ৪৩ টা বলত ৯৪ ৰানৰ দ্ৰুত অংশীদাৰিত্বই । টি-২০ কেৰিয়াৰৰ নৱম অৰ্ধশতক অৰ্জন কৰা তিলকৰ সৈতে ইশানে ভাৰতক ২১৯ ৰানৰ বিশাল লক্ষ্যত উপনীত কৰায় । অধিনায়ক শ্ৰেয়াছ আয়াৰে ২৫ ৰান আৰু বৈভৱ সূৰ্যবংশীয়ে ২০ ৰানৰ বৰঙণি যোগায় ।
য়শ ঠাকুৰ আৰু প্ৰিন্স যাদৱৰ সফল অভিষেক-বলিং
২২০ ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰিবলৈ পাৱাৰপ্লে’ৰ ভিতৰতে ৩ টা উইকেট হেৰুৱাই বিপদত পৰে জিম্বাবৱে । অভিষেক মেচ খেলা যুৱ পেচ বলাৰ য়শ ঠাকুৰে ১৯ টা বলত ৩২ ৰান কৰি বিপদজনক হৈ পৰা ব্ৰায়ান বেনেটক আউট কৰি নিজৰ প্ৰথমটো আন্তৰ্জাতিক উইকেট দখল কৰে ।
ইফালে, প্ৰিন্স যাদৱে বেন কাৰেনক ১ ৰানত আৰু জিম্বাবৱেৰ অধিনায়ক চিকন্দৰ ৰাজাক শূন্য (০) ৰানতে পেভিলিয়নলৈ পথিয়াই মেচখনত ২ টা গুৰুত্বপূৰ্ণ উইকেট লাভ কৰে । স্পীনাৰ ৰবি বিষ্ণোয়ে ডিওন মেয়াৰ্ছক (১২) ক্লীন বোল্ড কৰে । ভাৰতীয় বলাৰৰ ধাৰাবাহিক উইকেট পতনে জিম্বাবৱেক মাত্ৰ ১২৯ ৰানতে সীমাৱদ্ধ ৰাখি ভাৰতৰ বৃহৎ জয় নিশ্চিত কৰে ।
লগতে পঢ়ক : এছিয়ান গেমছ ২০২৬: ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ পোনপটীয়া এণ্ট্ৰি









