অৰুণোদয় আঁচনিৰ পৰা নিযুত মইনালৈ মুখ্যমন্ত্ৰীৰ ১১টা বৃহৎ ঘোষণা

গাঁও পঞ্চায়তত সভা জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন

-অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি নিযুত মইনালৈকে মুখ্যমন্ত্ৰীৰ ১১টা বৃহৎ ঘোষণা

-৩ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ’ব অৰুণোদয় আঁচনি

-গাঁও পঞ্চায়তত সভা জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন

-৬ আৰু ৭ আগষ্ট তাৰিখে বিতৰণ কৰা হ’ব ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰ-পত্ৰ

-নিৰ্ধাৰিত সময়ত এই প্ৰ-পত্ৰসমূহ ছাত্ৰ-ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব

-ছেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ ধন

-জীৱন প্ৰেৰণা আঁচনিও শীঘ্ৰেই পুনৰ আৰম্ভ হ’ব

-২৫ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব বসুন্ধৰা ৪.০

-মাটিৰ নামজাৰিৰ পৰা বাটোৱাৰালৈকে সকলো কাম-কাজ কৰিব পাৰিব বসুন্ধৰাত

-ভূমি সংক্ৰান্তিয় অভাৱ-অভিযোগৰ বাবে শীঘ্ৰেই মুকলি হ’ব এটা পৰ্টেল

-এই পৰ্টেলযোগে দাখিল কৰিব অভিযোগ

-গুৱাহাটীৰ ফ্লাই অভাৰসমূহত নিৰ্মাণ কৰা হ’ব ‘ওলমা বাগিচা’

-২০২৮চনত সম্পূৰ্ণ হ’ব যোৰহাট-মাজুলী দলঙৰ নিৰ্মাণ

-বিশ্বকাপ ফুটবলৰ বাবে ফুটবল প্ৰেমীলৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

-ফুটবল বিশ্বকাপ যাতে সকলোৱে চাব পাৰে তাৰ বাবে ব্যৱস্থা কৰিছে চৰকাৰে

-হোটেল, ৰেষ্টুৰেন্ট নিশা পৰ্যন্ত খোলা ৰখাৰ বাবেও নিৰ্দেশনা

-সকলোকে বিশ্বকাপৰ ফাইনেল খেল চাবলৈয়ো মুখমন্ত্ৰীৰ আহ্বান

-খেল শেষ নোহোৱা পৰ্যন্ত হোটেল-ৰেষ্টুৰেন্ট খোলা ৰাখিব পাৰিব

-জগন্নাথ ৰথযাত্ৰাৰো বহুত বহুত শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

-ফেচবুক লাইভ যোগে ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

লগতে পঢ়ক : বলীউডত জিলিকিব লাচিতৰ বীৰগাথা! নিৰ্মাণ হ’ব বিগ বাজেটৰ ছবি

অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীয়ে অৰুণোদয়, নিযুত মইনা আৰু বাবু আঁচনিক লৈ কৰিলে ডাঙৰ ঘোষণা

-ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ’ল ডাঙৰ খবৰ

-৩ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ’ব অৰুণোদয় আঁচনি

-সভাৰ জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন

-৬ আৰু ৭ আগষ্ট তাৰিখে বিতৰণ কৰা হ’ব ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰ-পত্ৰ

-নিৰ্ধাৰিত সময়ত এই প্ৰ-পত্ৰসমূহ ছাত্ৰ-ছাত্ৰীসকলে পূৰণ কৰি জমা দিব লাগিব

-ছেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ ধন

-জীৱন প্ৰেৰণা আঁচনিও শীঘ্ৰেই পুনৰ আৰম্ভ হ’ব

-ফেচবুক লাইভ যোগে ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

লগতে পঢ়ক : যোৰাবাটৰ বান-যানজঁটৰ স্থায়ী সমাধান: মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা!

আগষ্ট মাহৰ পৰা আৰম্ভ হ’ব চৰকাৰী আঁচনিসমূহ, বাজেটত ডাঙৰ ঘোষণা

চৰকাৰী আঁচনিসমূহ কেতিয়াৰ পৰা আৰম্ভ হ’ব ? বাজেটত ৰাজ্যৰ হিতাধিকাৰীসকলৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে-

শুকুৰবাৰে অসম বিধানসভাত দাখিল কৰা হ’ল ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বধীন দ্বিতীয়টো কাৰ্যকালৰ এইখন প্ৰথমখন বাজেট । বিধানসভাত এই বাজেট উত্থাপন কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । এই বাজেটত ৰাজ্যৰ হিতাধিকাৰীসকলৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে ।

বাজেট ভাষণত আগষ্ট মাহৰ ৰাজ্যত পুনৰ অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হ’ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । যোগ্য হিতাধিকাৰীসকলে এই আঁচনিৰ অধীনত লাভ কৰিব ধন । অযোগ্যসকল এই আঁচনিৰ পৰা বাদ পৰিব । ৰাজ্যৰ ৪০ লাখ পৰিয়ালৰ কাষলৈ কাষলৈ গৈছে অৰুণোদয় আঁচনি । অৰুণোদয়ৰ সৈতে অব্যাহত থাকিব বৃদ্ধ পেন্সন আৰু বিধৱা পেন্সন ।  

ইফালে আগষ্ট মাহৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ৰেহাই মূল্যত ৰেচন লাভ কৰিব বুলি বিত্ত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

ইফালে অক্টোবৰ মাহৰ পৰা আৰম্ভ হ’ব নিযুত মইনা আঁচনি । আগষ্ট মাহৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব । আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ হ’ব উদাসীন ভকতক আৰ্থিক সাহাৰ্য প্ৰদান কৰা আঁচনি । আনহাতে ২৫ ডিচেম্বৰত মিছন বসুন্ধৰা ৪.০ৰ শুভাৰম্ভ হ’ব ।

লগতে পঢ়ক : আকৌ ২ লাখ চৰকাৰী চাকৰি! বাজেটত বিত্ত মন্ত্ৰীৰ ডাঙৰ ঘোষণা

নালাগে পৰিয়ালৰ বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ…লখিমপুৰত মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা

আজি লখিমপুৰত বিকাশৰ ১২ দিন শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেইবাটাও ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । এই অনুষ্ঠানৰ পৰা ভাৰ্চুৱেলী ৰেচন কাৰ্ড প্ৰদান কৰে মুখ্যমন্ত্ৰীজনে । এই অনুষ্ঠানৰ পৰা ৰাজ্যজুৰি ৫ লাখ ৰেচন কাৰ্ড প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ।

ইফালে এই অনুষ্ঠানতে কেইবাটাও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ জনায়-

-অৰুণোদয় পাবলৈ গাঁওবুঢ়া, মৌজাদাৰৰ আয়ৰ প্ৰমাণ পত্ৰ নালাগে

-ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আৰুণোদয়

-মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

-দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীত ৩৭ সমষ্টিৰ পৰিয়াললৈ ৰেচন কাৰ্ড

-ৰেচন কাৰ্ড থকা মহিলাই লাভ কৰিব ৫ লাখ টকা পৰ্যন্ত চিকিৎসা সেৱা

-ৰেচন কাৰ্ডেই শেষ চাৰ্টিফিকেট

-ৰেচন কাৰ্ড থাকিলে একো চাৰ্টিফিকেট নালাগে

-ৰেচন কাৰ্ড দেখুৱালেই বিনামূলীয়াকৈ নামভৰ্তি হ’ব মহাবিদ্যালয়ত

-ৰেচন কাৰ্ডত দাইল আৰু চেনী সূলভ মূল্যত দিয়াৰ বাবে লোৱা হ’ব ব্যৱস্থা

উল্লেখ্য যে, এতিয়াৰে পৰা অৰুণোদয়ৰ ধন পাবলৈ নালাগে পৰিয়ালৰ বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ । এতিয়াৰে পৰা ৰেচন কাৰ্ড দেখুৱালেই পাব অৰুণোদয়ৰ ধন । অৰুণোদয় ৩.০ত নালাগে বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰও ।

ইফালে বাল্যবিবাহ সন্দৰ্ভতো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য দিছে । ২০২৬ চনৰ পূৰ্বে ৰাজ্যত বাল্য বিবাহ নিৰ্মূল হ’ব বুলি কয় মুখ্যমন্তচ্ৰী ড০ শৰ্মাই । তৃতীয় পৰ্যায়ৰ অভিযানত চাৰিশৰো অধিক অবৈধ স্বামীক গ্ৰেপ্তাৰ । প্ৰথম পৰ্যায়টো বাল্যবিবাহৰ সৈতে জড়িত লোকক কৰা হৈছিল গ্ৰেপ্তাৰ ।