কেঁচা জলকীয়া খাই ভালপাই নেকি?
ভাৰতীয় লোকসকলে প্ৰায়েই খাদ্যৰ লগত কেঁচা জলকীয়া খাই ভালপাই।এই কেঁচা জলকীয়াৰো যথেষ্ট উপকাৰীতা আছে।
পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ এই কেঁচা জলকীয়া। ইয়াত বিভিন্ন প্ৰকাৰ পুষ্টিকৰ উপাদান পোৱা যায়,যিয়ে শৰীৰক বহু ধৰণৰ ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে।
ইয়াক সেৱন কৰিলে শৰীৰটো ভিতৰৰ পৰা শক্তিশালী হৈ উঠে।ই শৰীৰত ফিল-গুড হৰম’ন এণ্ড’ৰ্ফিন বৃদ্ধি কৰে।
এটা কমলাতকৈও কেঁচা জলকীয়াত ভিটামিন চি বেছি পোৱা যায়। ভিটামিন চি ছাল আৰু হাড় সুস্থ কৰি ৰখাৰ বাবে অতি প্ৰয়োজনীয়। ভিটামিন চিয়ে ছালখনলৈ উজ্জলতা আনে আৰু ইয়াক সুস্থ কৰি ৰাখে।
ভিটামিন কে ৰ বাবেও কেঁচা জলকীয়া খাব পাৰে।যদি প্ৰতিদিনে এটাকৈ কেঁচা জলকীয়া খায় তেন্তে ই তেজ জমা হোৱাত সহায় কৰে। হাড়বোৰো সুস্থ হৈ থাকে। শৰীৰত ভিটামিন কেৰ অভাৱ হ’লে নাকৰ পৰা ৰক্তক্ষৰণ হ’ব পাৰে।
যদি ঘাঁৰ পৰা তেজ ওলোৱা সোনকালে বন্ধ নহয়, তেন্তে আপোনাৰ প্ৰয়োজনীয় ভিটামিন কেৰ পৰিপূৰক হিচাপে কেঁচা জলকীয়া খাব পাৰে।
ইয়াত বিটা কেৰটিন আৰু লুটিনৰ দৰে এন্টিঅক্সিডেন্ট থাকে, যিয়ে চকুৰ দৃষ্টিশক্তিৰ অৱনতি ঘটাব নিদিয়ে।ৰেটিনাক সুৰক্ষা দিয়ে। বিটা কেৰটিন আৰু লুটিনে ইয়াক সেউজীয়া ৰং দিয়ে।
লগতে পঢ়ক: নিতৌ বিচনালৈ যোৱাৰ পূৰ্বে খাওক ২ টাকৈ লং; ফলাফল জানিলে হ’ব আচৰিত









