শীতকালত প্ৰতিদিনে সেৱন কৰক বীট,গাজৰ আৰু মূলাৰ কাঞ্জী ; নোহোৱা হ’ব বদহজম
শীতকালত প্ৰতিদিনে সেৱন কৰক বীট,গাজৰ আৰু মূলাৰ কাঞ্জী ; নোহোৱা হ’ব বদহজম
বৰ্তমান সময়ত কাঞ্জী খোৱাৰ ধাৰাটো বহুত বাঢ়িছে।আগতে মানুহে পেট ফিট কৰি ৰাখিবলৈ কাঞ্জী খাইছিল। আয়ুৰ্বেদত কাঞ্জীক গেছ, অম্লতা, বদহজম আদি দূৰ কৰাত ফলপ্ৰসূ বুলি ধৰা হয়।
কাঞ্জী সেৱনে হজম শক্তি উন্নত কৰে আৰু প্ৰ’বায়’টিক পানীয় হিচাপে কাম কৰে যিয়ে অন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে।কাঞ্জী খালে কোষ্ঠকাঠিন্য দূৰ হয় আৰু শৰীৰৰ বিষমুক্ত হয়।
ইয়াত পোৱা পুষ্টিকৰ উপাদানসমূহেও ছালখন জিলিকি উঠাত সহায় কৰে।প্ৰতিদিনে খাদ্য খোৱাৰ পিছত কাঞ্জী সেৱন কৰিলে গেছ, এচিডিটি আৰু বদহজমৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে।
কেনেদৰে প্ৰস্তুত কৰিব কাঞ্জী- শীতকালত পেটৰ বাবে কাঞ্জী সৰ্বোত্তম বস্তু।বতৰৰ শাক-পাচলি ব্যৱহাৰ কৰি কাঞ্জী বনাব পাৰে।কাঞ্জি বনাবলৈ এটা ডাঙৰ কাঁচৰ পাত্ৰ ল’ব।
২টা গাজৰ ধুই পাতল আৰু দীঘলকৈ কাটি লওক।১ টা ডাঙৰ বীট আৰু এটা মূলা বাকলি গুচাই দীঘল দীঘলকৈ কাটি তাত দিব।লগতে ২টা কেঁচা জলকীয়াও দিব।
এতিয়া সকলো মিহলাই দিয়াৰ পিছত ১ চামুচ গোটা সৰিয়হৰ, ১ চামুচ হালধীয়া সৰিয়হ, আধা চামুচ আজৱাইন আৰু ২ চামুচ ৰক ছল্ট দিব লাগিব।
কিছু পৰিমাণে হিং দি সোৱাদ বৃদ্ধি কৰি পাচনীয় কৰি তুলিব।এতিয়া কাঁচৰ পাত্ৰটোত উতলা গৰম পানী দি দিব।তাৰ পাছতে ঢাকনিখন বন্ধ কৰি ৰ’দত ৰাখিব।
পিছদিনা সাজু হৈ গ’ল কাঞ্জি।ৰাতিপুৱা সেই কাঞ্জী খাব পাৰে। খাদ্য খোৱাৰ পিছত কাঞ্জি পানী খোৱাটোৱে হজম শক্তি উন্নত কৰাত সহায় কৰে।
(ইয়াত দিয়া তথ্য সমূহ সাধাৰণ পৰামৰ্শৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)
লগতে পঢ়ক:কাচকল খোৱাৰ উপকাৰিতা জানেনে? শৰীৰৰ শক্তিৰ বাবে ছুপাৰফুড!