বিলাসী জীৱনশৈলী, দামী ঘড়ী, গাড়ী, আৰু ফেশ্বন চেন্সক লৈ পূৰ্বৰে পৰাই হাৰ্দিক পাণ্ডিয়াই চৰ্চা লাভ কৰিছে। হাৰ্দিক পাণ্ডিয়াই এইবাৰ প্ৰেমিকা মাহিকা শৰ্মাক উপহাৰ দিলে বিলাসী বাহন।
ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অল-ৰাউণ্ডাৰ তথা আই পি এলৰ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই তেওঁৰ প্ৰেমিকা মাহিকা শৰ্মাক এখন বিলাসী বাহন উপহাৰ দিছে। হাৰ্দিক পাণ্ডিয়াই প্ৰেমিকা মাহিকাক ভাৰতৰ প্ৰথমখন মাৰ্চিডিজ বেঞ্জ ভি ক্লাছ বাহন উপহাৰ দিছে।যাৰ মূল্য প্ৰায় ১.৭ কোটি বুলি জানিব পৰা গৈছে।
হাৰ্দিক পাণ্ডিয়াৰ এই বিশেষ উপহাৰ এতিয়া সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ আছে। বিলাসী আৰু প্ৰিমিয়াম বৈশিষ্ট্যৰে সজ্জিত এই মাৰ্চিডিজ ভি-ক্লাছক দেশৰ অন্যতম উল্লেখযোগ্য এমপিভি বুলি গণ্য কৰা হয়।
ইয়াৰ পূৰ্বেও বিলাসী জীৱনশৈলী, দামী ঘড়ী, গাড়ী, ফেশ্বন চেন্সৰ বাবে হাৰ্দিকে শিৰোনাম দখল কৰিছিল। শেহতীয়াকৈ টি-২০ বিশ্বকাপ জয় কৰাৰ পিছত তেওঁ ১২ কোটি টকাৰ এখন ফেৰাৰীও ক্ৰয় কৰিছিল।য’ত তেওঁক প্ৰেমিকা মাহিকাৰ সৈতে ঘূৰি ফুৰা দেখা গৈছিল।ইয়াৰ পূৰ্বে তেওঁ পুত্ৰক এখন বিলাসী বাহন উপহাৰ দিছিল।
লগতে পঢ়ক: দ্বিতীয়বাৰৰ বাবে মাতৃ হ’ল সোণম কাপুৰ; শ্বেয়াৰ কৰিলে আৱেগিক পোষ্ট









