‘সম্পৰ্কটোৰ বাবে মানসিক চাপত আছিলো’; অৱশেষত মুখ খুলিলে ভাৱনা শৰ্মাই

‘সম্পৰ্কটোৰ বাবে মানসিক চাপত আছিলো’; অৱশেষত মুখ খুলিলে ভাৱনা শৰ্মাই

২৪ এপ্ৰিলৰ দিনা কি হৈছিল এটা ভিডিঅ’ৰ জৰিয়তে ৰাজহুৱা কৰিলে ভাৱনা শৰ্মাই। ভিডিঅ’টোত প্ৰেমিকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অৱশেষত ৪৮ ঘণ্টাৰ পাছত মূখ খুলিছে ভাৱনা শৰ্মাই।২৪ এপ্ৰিলৰ দিনা ভাৱনা শৰ্মাৰ লগত কি হৈছিল সকলো কথা ৰাজহুৱা কৰিলে। প্ৰেমিক নিহাৰজ্যোতি শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ভাৱনাৰ,

২৪ এপ্ৰিলৰ দিনা কি হৈছিল এটা ভিডিঅ’ৰ জৰিয়তে ৰাজহুৱা কৰিলে ভাৱনা শৰ্মাই। ভিডিঅ’টোত প্ৰেমিকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

অৱশেষত ৪৮ ঘণ্টাৰ পাছত মূখ খুলিছে ভাৱনা শৰ্মাই।২৪ এপ্ৰিলৰ দিনা ভাৱনা শৰ্মাৰ লগত কি হৈছিল সকলো কথা ৰাজহুৱা কৰিলে।   প্ৰেমিক নিহাৰজ্যোতি শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ভাৱনাৰ,

ভাৱনা শৰ্মাই কয় যে, ২৪ এপ্ৰিলৰ দিনা মই নিজেই ঘৰৰ পৰা ওলাই গৈছিলো। মোক কোনেও জোৰ কৰিলৈ যোৱা নাছিল। ইয়াত কোনো তৃতীয় ব্যক্তি জড়িত নাছিল। এই ঘটনাটোত কোনো উবেৰ বা ৰেপিড’ ড্ৰাইভাৰ কোনো ধৰণে জড়িত নাছিলে। মই নিজেই শ্বিলঙলৈ গৈছিলো। মোক ক’ৰবালৈ লৈ যোৱা বুলি মই মাক যি মেছেজ পঠিয়াইছিলো সেইটো সঁচা নাছিল। মই সেই সময়ত বহুত মানসিক চাপত আছিলো। মই জীৱনটো শেষ কৰি দিয়াৰ কথাও ভাবিছিলো।

আনহাতে, প্ৰেমিকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি ভাৱনা শৰ্মাই কয় যে, ‘২ বছৰ ধৰি নিহাৰ জ্যোতি শৰ্মাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিলো। আমাৰ সম্পৰ্কটোৰ কথা দুয়োটা পৰিয়ালৰ লোকে জানিছিলে। কিন্তু সময়ৰ লগে লগে মই ভয় চাপ আৰু ধমকি পাইছিলো। মোক ধমকি দিছিল যে, যদি মই সম্পৰ্কটোৰ পৰা ওলাই আহো, তেন্তে মোৰ ব্যক্তিগত ফটো আৰু ভিডিঅ’বোৰ ভাইৰেল কৰি দিয়াৰ লগতে মোৰ পৰিয়ালৰো ক্ষতি কৰিব। এই সকলো বোৰৰ বাবে মই বহুত দিন ধৰি ভয় আৰু চাপত আছিলো। মই এইবোৰ কথা কাকো ক’ব পৰা নাছিলো। ২৪ এপ্ৰিলত মই যি পদক্ষেপ লৈছিলো সেইটো এই দীঘলীয়া সময় ধৰি জমা হোৱা ভয় আৰু মানসিক চাপৰ ফল আছিল। মই এতিয়া গোচৰ ৰুজু কৰিছো।আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰিব বুলি মই আশাবাদী। মই যি মানসিক চাপৰ মাজত আছিলো সেই কথা সকলোৱে বুজি নাপাবও পাৰে।মোৰ পৰিয়ালৰ লগত বিপদৰ সময়ত থকাৰ বাবে সকলোকে ধন্যবাদ’।

লগতে পঢ়ক: ‘জুবিন গাৰ্গ সাংস্কৃতিক দিশৰ এটা সূৰ্য আছিল, তেওঁক পৰিচয়ৰ প্ৰয়োজন আছিল নে’; গৰিমা শইকীয়া গাৰ্গ