খালী পেটত সেৱন কৰক পানীলাওৰ ৰস

খালী পেটত সেৱন কৰক পানীলাওৰ ৰস; হ্ৰাস পাব ইউৰিক এচিড

খালী পেটত সেৱন কৰক পানীলাওৰ ৰস জাতিলাও বা পানীলাও হৈছে বিভিন্ন গুণাগুণেৰে পৰিপূৰ্ণ এবিধ পাচলি যি পুষ্টিৰে সমৃদ্ধ আৰু আপোনাৰ শৰীৰকো বহু উপকাৰিতা প্ৰদান কৰে। ই প্ৰাকৃতিকভাৱে প্ৰচুৰ পৰিমাণৰ পানীৰে ভৰপূৰ, ভিটামিন (A, C, E), খনিজ পদাৰ্থ (কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম), ফাইবাৰ আৰু এন্টিঅক্সিডেন্ট থাকে ।

খালী পেটত সেৱন কৰক পানীলাওৰ ৰস

জাতিলাও বা পানীলাও হৈছে বিভিন্ন গুণাগুণেৰে পৰিপূৰ্ণ এবিধ পাচলি যি পুষ্টিৰে সমৃদ্ধ আৰু আপোনাৰ শৰীৰকো বহু উপকাৰিতা প্ৰদান কৰে।

ই প্ৰাকৃতিকভাৱে প্ৰচুৰ পৰিমাণৰ পানীৰে ভৰপূৰ, ভিটামিন (A, C, E), খনিজ পদাৰ্থ (কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম), ফাইবাৰ আৰু এন্টিঅক্সিডেন্ট থাকে ।

ইউৰিক এচিডৰ মাত্ৰা আমাৰ দৈনন্দিন জীৱনৰ কিছুমান বিশেষ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে। দাইল, দৈ, কবি, ফুলকবি, মূলা আদি খাদ্যত বৃহৎ পৰিমাণৰ পিউৰিন থাকে যিয়ে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰে।

গাঁঠিৰ বিষ কম কৰিবলৈ খাদ্যৰ তালিকাত ৰাখক পানীলাও। পানীলাউয়ে শৰীৰক সতেজ আৰু শীতল কৰি ৰখাত সহায় কৰে। হজম শক্তি উন্নত কৰাৰ ক্ষেত্ৰতো পানীলাও যথেষ্ট উপকাৰী।

বিশেষকৈ ইউৰিক এচিড কম কৰাৰ ক্ষেত্ৰত পানীলাওৰ ৰস অতি উপকাৰী। প্ৰতিদিনে পুৱা খালী পেটত এগিলাচ পানীলাওৰ ৰস খালে শৰীৰৰ পৰা সকলো আৱৰ্জনা ওলাই যায়।

ইউৰিক এচিডৰ লগতে পানীলাউয়ে শৰীৰক শীতল কৰি ৰাখিবলৈ সক্ষম হয়। পানীলাওৰ ৰসে ওজন কমাবলৈ সহায় কৰে।

ৰসৰ বাহিৰেও পানীলাও উতলাই টেঙা দৈ, নিমখ আৰু জলকীয়াৰ সৈতেও খাব পাৰে, গৰমৰ বাবে ই অতি উপকাৰী।

লগতে পঢ়ক: খালী পেটত কেতিয়াও নাখাব এই সমূহ খাদ্য; বাঢ়িব পাৰে স্বাস্থ্যজনীত সমস্যা