প্ৰথমখন এদিনীয়াতে পৰাজয় টিম ইণ্ডিয়াৰ; ভাৰতৰ দুৰ্বল আৰম্ভণি

প্ৰথমখন এদিনীয়াতে পৰাজয় টিম ইণ্ডিয়াৰ পাৰ্থত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়া মেচত অষ্ট্ৰেলিয়াই ভাৰতক ৭ উইকেটত পৰাস্ত কৰে।এই মেচখনত প্ৰথম বেটিং কৰি ভাৰতে অষ্ট্ৰেলিয়াক ১৩১ ৰানৰ লক্ষ্য বান্ধি দিয়ে। ইয়াৰ উত্তৰত অষ্ট্ৰেলিয়াই ২১.১ অভাৰতে সেই লক্ষ্যত উপনীত হয়। বৰষুণৰ বাবে মেচখন ২৬ অভাৰলৈ হ্ৰাস কৰা হয়।প্ৰথমে

প্ৰথমখন এদিনীয়াতে পৰাজয় টিম ইণ্ডিয়াৰ

পাৰ্থত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়া মেচত অষ্ট্ৰেলিয়াই ভাৰতক ৭ উইকেটত পৰাস্ত কৰে।এই মেচখনত প্ৰথম বেটিং কৰি ভাৰতে অষ্ট্ৰেলিয়াক ১৩১ ৰানৰ লক্ষ্য বান্ধি দিয়ে।

ইয়াৰ উত্তৰত অষ্ট্ৰেলিয়াই ২১.১ অভাৰতে সেই লক্ষ্যত উপনীত হয়। বৰষুণৰ বাবে মেচখন ২৬ অভাৰলৈ হ্ৰাস কৰা হয়।প্ৰথমে বেটিং কৰি টিম ইণ্ডিয়াই ২৬ অভাৰত ৯টা উইকেট হেৰুৱাই ১৩৬ ৰান সংগ্ৰহ কৰে।

অৱশ্যে ডি এল এছ পদ্ধতিত অষ্ট্ৰেলিয়াই ১৩১ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল।বৰ্তমান তিনিখন মেচৰ শৃংখলাত অষ্ট্ৰেলিয়াই ১-০ ত আগবাঢ়ি আছে।শুভমান গিলৰ অধিনায়কত্বত ভাৰতে প্ৰথমখন মেচতে পৰাজয়ৰ সন্মুখীন হৈছে।

টছত পৰাস্ত হোৱাৰ পাছত প্ৰথমে বেটিং কৰিবলৈ অহা ভাৰতীয় দলটোৰ এই মেচখনৰ আৰম্ভণি ভাল নাছিল।চতুৰ্থ অভাৰত টিম ইণ্ডিয়াই প্ৰথম আঘাত পাইছিল, ৮ ৰান সংগ্ৰহ কৰি আউট হৈছিল ৰোহিত শৰ্মা।প্ৰত্যাৱৰ্তন মেচত নচলিল ৰোহিত-কোহলীৰ যাদু।

ইয়াৰ পিছত বিৰাট কোহলীয়ে উইকেট হেৰুৱাই । এই মেচত তেওঁ ৮টা বলতে আউট হয়। ভাৰতৰ হৈ আৰ্শদীপ সিং, অক্ষৰ পেটেল আৰু ৱাশ্বিংটন সুন্দৰে ১টাকৈ উইকেট দখল কৰে।এতিয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচ ২৩ অক্টোবৰ (বৃহস্পতিবাৰ) এডিলেইডত অনুষ্ঠিত হ’ব।

লগতে পঢ়ক: প্ৰত্যাৱৰ্তন মেচত নচলিল ৰোহিত-কোহলীৰ যাদু; শুভমনেও কৰিলে হতাশ