কোন সমষ্টিত কোন প্ৰাৰ্থীৰ অগ্ৰগতি; নিৰ্ণয় হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

কটকটীয়া নিৰাপত্তাৰ মাজতে আৰম্ভ হ’ল ভোটগণনা; বেলটত বিজেপিৰ অগ্ৰগতি

৮ বজাৰ লগে লগে আৰম্ভ হৈছে বেলট পেপাৰৰ ভোটগণনা। এই বেলটৰ ভোটগণনাত বিজেপিৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। ৮ বজাৰ লগে লগেই আৰম্ভ হ’ল অসম বিধানসভাৰ ১২২ টা সমষ্টিৰ ভোটগণনা। ইয়াৰ লগে লগে বিজেপি নেতৃত্বাধীন এনডিএ (NDA) আৰু কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটৰ মাজত চলি থকা তীব্ৰ

৮ বজাৰ লগে লগে আৰম্ভ হৈছে বেলট পেপাৰৰ ভোটগণনা। এই বেলটৰ ভোটগণনাত বিজেপিৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে।

৮ বজাৰ লগে লগেই আৰম্ভ হ’ল অসম বিধানসভাৰ ১২২ টা সমষ্টিৰ ভোটগণনা। ইয়াৰ লগে লগে বিজেপি নেতৃত্বাধীন এনডিএ (NDA) আৰু কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটৰ মাজত চলি থকা তীব্ৰ নিৰ্বাচনী যুঁজখনৰ সমাপ্তি ঘটিব।

৯ এপ্ৰিলত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত ২.৫ কোটিৰো অধিক ভোটাৰৰ ভিতৰত ৮৫.৯৬ শতাংশই ভোটদান কৰিছিল। পৰিচয় কেন্দ্ৰিক ৰাজনীতি, জনকল্যাণমূলক আঁচনি আৰু আঞ্চলিক আকাংক্ষাৰ দৰে বিষয়সমূহে এইবাৰৰ নিৰ্বাচনী প্ৰচাৰত মুখ্য ভূমিকা লৈছিল।

নিৰ্বাচন আয়োগে ৰাজ্যৰ ৩৫খন জিলাত ৪০টা ভোটগণনা কেন্দ্ৰত আৰম্ভ হৈছে ভোটগণনা।সকলো ভোটকেন্দ্ৰতে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে।

মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে জানিবলৈ দিয়ে যে নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু নিৰাপত্তাৰ বাবে সকলো ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ফলাফলৰ লগে লগে আজি মুঠ ৭৭২ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব।ইয়াৰে ভিতৰত কংগ্ৰেছৰ ৯৯ জন প্ৰাৰ্থী (মিত্ৰজোঁটৰ আন সদস্যসহ),বিজেপিৰ ৯০ জন প্ৰাৰ্থী,অন্যান্য: এআইইউডিএফ (৩০), এজিপি (২৬), ইউপিপিএল (১৮), বিপিএফ (১২) আৰু আপ (১৮)।

ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে তিনিটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে, যিয়ে বিৰোধী শিবিৰৰ তৎপৰতা প্ৰতিফলিত কৰিছে। বেলট বাকচ খুলি দিয়াৰ লগে লগে নলবাৰীত জয়ন্ত মল্ল বৰুৱা, ডিব্ৰুগড়ত প্ৰশান্ত ফুকন, গোলাঘাটত অজন্তা নেওগ, জাগীৰোডত পীয়ুষ হাজৰিকা, লখিমপুৰত মানৱ ডেকা,খুমটাইত মৃণাল শইকীয়া, মাজুলীত ভূৱন গাম আৰু বোকাখাটত অতুল বৰাৰ অগ্ৰগতি লাভ কৰিছে।  

লগতে পঢ়ক: “অসমত পুনৰ বিজেপি চৰকাৰ নিশ্চিত”; ফলাফলৰ পূৰ্বেই আত্মবিশ্বাসী প্রদ্যুৎ বৰদলৈৰ মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ