“অসমত পুনৰ বিজেপি চৰকাৰ নিশ্চিত”; ফলাফলৰ পূৰ্বেই আত্মবিশ্বাসী প্রদ্যুৎ বৰদলৈৰ মন্তব্য

“অসমত পুনৰ বিজেপি চৰকাৰ নিশ্চিত”; ফলাফলৰ পূৰ্বেই আত্মবিশ্বাসী প্রদ্যুৎ বৰদলৈৰ মন্তব্য

৮ বাজিল, আৰম্ভ হ’ল ভোটগণনা। প্ৰথমে বেলট পেপাৰৰ ভোট গণনা আৰম্ভ হৈছে। কিন্তু ভোটগণনাৰ পূৰ্বেই ফলাফলক লৈ প্রদ্যুৎ বৰদলৈয়ে ডাঙৰ দাবী কৰিছে। ৮ বজাৰ লগে লগে আৰম্ভ হ’ল ভোটগণনা। অসমত ভোটগণনা আৰম্ভ হোৱাৰ পূর্বেই দিছপুৰ আসন সন্দর্ভত বিজেপিৰ প্রার্থী প্রদ্যুৎ বৰদলৈয়ে এক বৃহৎ দাবী উত্থাপন

৮ বাজিল, আৰম্ভ হ’ল ভোটগণনা। প্ৰথমে বেলট পেপাৰৰ ভোট গণনা আৰম্ভ হৈছে। কিন্তু ভোটগণনাৰ পূৰ্বেই ফলাফলক লৈ প্রদ্যুৎ বৰদলৈয়ে ডাঙৰ দাবী কৰিছে।

৮ বজাৰ লগে লগে আৰম্ভ হ’ল ভোটগণনা। অসমত ভোটগণনা আৰম্ভ হোৱাৰ পূর্বেই দিছপুৰ আসন সন্দর্ভত বিজেপিৰ প্রার্থী প্রদ্যুৎ বৰদলৈয়ে এক বৃহৎ দাবী উত্থাপন কৰিছে৷তেওঁ কৈছে যে, সমগ্ৰ ৰাজ্যখনৰ পৰিৱেশ স্পষ্টভাৱে বিজেপি আৰু এন ডি এৰ সপক্ষে দেখা গৈছে।

প্রদ্যুৎ বৰদলৈৰ মতে, ৰাইজে বিজেপিক ব্যাপক সংখ্যাগৰিষ্ঠতাৰে ভোট দিছে, আৰু সন্ধিয়াৰ ভিতৰত সকলো তথ্য স্পষ্ট হৈ পৰিব। তেওঁ বিশ্বাস কৰে যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ মুখ্যমন্ত্ৰী হ’ব আৰু ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন চৰকাৰখন একেৰাহে দ্বিতীয়বাৰৰ বাবে পুনৰ ক্ষমতালৈ আহিব।

লগতে পঢ়ক: ৫ ৰাজ্যৰ ভাগ্য নিৰ্ণয় : আজি ভোটগণনা, কাৰ হ’ব শাসনৰ গাদী?