কোন সমষ্টিত কোন প্ৰাৰ্থীৰ অগ্ৰগতি; নিৰ্ণয় হ’ব ৭২২ গৰাকী প্ৰ্ৰাৰ্থীৰ ভাগ্য

আজি ভাগ্য নিৰ্ণয় হ’ব অসমৰ ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগণনাত বিজেপিৰ কোন প্ৰাৰ্থীৰ অগ্ৰগতি

৮ বজাৰ লগে লগে আৰম্ভ হ’ল ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। প্ৰাৰম্ভিক পৰ্যায়ত ডিব্ৰুগড়ত প্ৰশান্ত ফুকন, জাগীৰোডত পীয়ুষ হাজৰিকা, নলবাৰীত জয়ন্ত মল্ল বৰুৱা, গোলাঘাটত অজন্তা নেওগ, লখিমপুৰত মানৱ ডেকা, খুমটাইত মৃণাল শইকীয়া,  মাজুলীত ভূৱন গাম,বোকাখাটত অতুল বৰা,ছমৰীয়া সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদ, জালুকবাৰীত ড০ হিমন্ত বিশ্ব শৰ্মা, মঙলদৈ সমষ্টিত নিলীমা দেৱী,  গৌৰীপুৰত কংগ্ৰেছ প্ৰাৰ্থী, শিলচৰত বিজেপি, দিছপুৰত প্ৰদ্যুৎ বৰদলৈ, চেণ্ট্ৰেল গুৱাহাটীত বিজয় গুপ্তা নিউ গুৱাহাটীত দিপ্লুৰঞ্জন শৰ্মাই অগ্ৰগতি লাভ কৰিছে।

লগতে পঢ়ক: কটকটীয়া নিৰাপত্তাৰ মাজতে আৰম্ভ হ’ল ভোটগণনা; বেলটত বিজেপিৰ অগ্ৰগতি

কটকটীয়া নিৰাপত্তাৰ মাজতে আৰম্ভ হ’ল ভোটগণনা; বেলটত বিজেপিৰ অগ্ৰগতি

৮ বজাৰ লগে লগে আৰম্ভ হৈছে বেলট পেপাৰৰ ভোটগণনা। এই বেলটৰ ভোটগণনাত বিজেপিৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে।

৮ বজাৰ লগে লগেই আৰম্ভ হ’ল অসম বিধানসভাৰ ১২২ টা সমষ্টিৰ ভোটগণনা। ইয়াৰ লগে লগে বিজেপি নেতৃত্বাধীন এনডিএ (NDA) আৰু কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটৰ মাজত চলি থকা তীব্ৰ নিৰ্বাচনী যুঁজখনৰ সমাপ্তি ঘটিব।

৯ এপ্ৰিলত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত ২.৫ কোটিৰো অধিক ভোটাৰৰ ভিতৰত ৮৫.৯৬ শতাংশই ভোটদান কৰিছিল। পৰিচয় কেন্দ্ৰিক ৰাজনীতি, জনকল্যাণমূলক আঁচনি আৰু আঞ্চলিক আকাংক্ষাৰ দৰে বিষয়সমূহে এইবাৰৰ নিৰ্বাচনী প্ৰচাৰত মুখ্য ভূমিকা লৈছিল।

নিৰ্বাচন আয়োগে ৰাজ্যৰ ৩৫খন জিলাত ৪০টা ভোটগণনা কেন্দ্ৰত আৰম্ভ হৈছে ভোটগণনা।সকলো ভোটকেন্দ্ৰতে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে।

মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে জানিবলৈ দিয়ে যে নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু নিৰাপত্তাৰ বাবে সকলো ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ফলাফলৰ লগে লগে আজি মুঠ ৭৭২ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব।ইয়াৰে ভিতৰত কংগ্ৰেছৰ ৯৯ জন প্ৰাৰ্থী (মিত্ৰজোঁটৰ আন সদস্যসহ),বিজেপিৰ ৯০ জন প্ৰাৰ্থী,অন্যান্য: এআইইউডিএফ (৩০), এজিপি (২৬), ইউপিপিএল (১৮), বিপিএফ (১২) আৰু আপ (১৮)।

ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে তিনিটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে, যিয়ে বিৰোধী শিবিৰৰ তৎপৰতা প্ৰতিফলিত কৰিছে। বেলট বাকচ খুলি দিয়াৰ লগে লগে নলবাৰীত জয়ন্ত মল্ল বৰুৱা, ডিব্ৰুগড়ত প্ৰশান্ত ফুকন, গোলাঘাটত অজন্তা নেওগ, জাগীৰোডত পীয়ুষ হাজৰিকা, লখিমপুৰত মানৱ ডেকা,খুমটাইত মৃণাল শইকীয়া, মাজুলীত ভূৱন গাম আৰু বোকাখাটত অতুল বৰাৰ অগ্ৰগতি লাভ কৰিছে।  

লগতে পঢ়ক: “অসমত পুনৰ বিজেপি চৰকাৰ নিশ্চিত”; ফলাফলৰ পূৰ্বেই আত্মবিশ্বাসী প্রদ্যুৎ বৰদলৈৰ মন্তব্য

“অসমত পুনৰ বিজেপি চৰকাৰ নিশ্চিত”; ফলাফলৰ পূৰ্বেই আত্মবিশ্বাসী প্রদ্যুৎ বৰদলৈৰ মন্তব্য

৮ বাজিল, আৰম্ভ হ’ল ভোটগণনা। প্ৰথমে বেলট পেপাৰৰ ভোট গণনা আৰম্ভ হৈছে। কিন্তু ভোটগণনাৰ পূৰ্বেই ফলাফলক লৈ প্রদ্যুৎ বৰদলৈয়ে ডাঙৰ দাবী কৰিছে।

৮ বজাৰ লগে লগে আৰম্ভ হ’ল ভোটগণনা। অসমত ভোটগণনা আৰম্ভ হোৱাৰ পূর্বেই দিছপুৰ আসন সন্দর্ভত বিজেপিৰ প্রার্থী প্রদ্যুৎ বৰদলৈয়ে এক বৃহৎ দাবী উত্থাপন কৰিছে৷তেওঁ কৈছে যে, সমগ্ৰ ৰাজ্যখনৰ পৰিৱেশ স্পষ্টভাৱে বিজেপি আৰু এন ডি এৰ সপক্ষে দেখা গৈছে।

প্রদ্যুৎ বৰদলৈৰ মতে, ৰাইজে বিজেপিক ব্যাপক সংখ্যাগৰিষ্ঠতাৰে ভোট দিছে, আৰু সন্ধিয়াৰ ভিতৰত সকলো তথ্য স্পষ্ট হৈ পৰিব। তেওঁ বিশ্বাস কৰে যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ মুখ্যমন্ত্ৰী হ’ব আৰু ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন চৰকাৰখন একেৰাহে দ্বিতীয়বাৰৰ বাবে পুনৰ ক্ষমতালৈ আহিব।

লগতে পঢ়ক: ৫ ৰাজ্যৰ ভাগ্য নিৰ্ণয় : আজি ভোটগণনা, কাৰ হ’ব শাসনৰ গাদী?

নিৰ্বাচন আয়োগৰ ডাঙৰ সিদ্ধান্ত; কাইলৈ ​​ঘোষণা কৰা নহয় বংগৰ সকলো আসনৰ ফলাফল

কাইলৈ ​​ঘোষণা হ’ব পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ ফলাফল। কিন্তু এইবাৰ ৰাজ্যৰ ২৯৪খন আসনৰ আটাইকেইখন আসনৰ ফলাফল একেলগে ঘোষণা কৰা নহ’ব।

সোমবাৰে পশ্চিম বংগত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল।তৃণমূল কংগ্ৰেছে ক্ষমতালৈ প্ৰত্যাৱৰ্তন কৰিব নে  বিজেপিয়ে ঐতিহাসিক জয় পঞ্জীয়ন কৰি চৰকাৰ গঠন কৰিব সমগ্ৰ দেশৰ চকু তাত নিৱদ্ধ হৈ আছে।২৯৪খন বিধানসভাৰ আসন থকা এই ৰাজ্যখনত সংখ্যাগৰিষ্ঠতাৰ সংখ্যা যাদুকৰী,কিন্তু এইবাৰ ভোট গণনাৰ দিনটোক লৈ  এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে।কাইলৈ ২৯৪খন আসনৰ ভিতৰত এখন আসনৰ ফলাফল ঘোষণা কৰা নহ’ব।দক্ষিণ ২৪ পৰগনা জিলাৰ হাইপ্ৰফাইল ফাল্টা বিধানসভাৰ আসনৰ বাবে কাইলৈ ​​ভোটগণনা নহ’ব।

নিৰ্বাচন আয়োগে দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ সময়ত এই অঞ্চলত সংঘটিত হোৱা গুৰুতৰ নিৰ্বাচনী অনিয়ম আৰু, হিংসাত্মক ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত পুনৰ ভোটদানৰ বাবে কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছিল।এই সিদ্ধান্তই ফলাফলৰ উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে।

নিৰ্বাচন আয়োগে ফাল্টা বিধানসভা আসনৰ ২৮৫টা ভোট কেন্দ্ৰৰ আটাইকেইটাতে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।এতিয়া ২১ মে’ত ফাল্টাত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ কঠোৰ নিৰাপত্তাৰ মাজত নতুনকৈ ভোটগ্ৰহণ কৰা হ’ব।ফাল্টা আসনৰ ভোটগণনা ২০২৬ চনৰ ২৪ মে’ত অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তই স্পষ্ট ইংগিত দিয়ে যে নিৰ্বাচনী প্ৰক্ৰিয়াত কোনো ধৰণৰ ৰিগিং সহ্য কৰা নহ’ব।

লগতে পঢ়ক: ভোটযুদ্ধৰ ফলাফল ঘোষণাৰ বাবে সাজু ৰাজ্য, ব্যাপক প্ৰস্তুতি