৯ এপ্ৰিলত ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হৈছিল, য’ত ২.৫ কোটিৰো অধিক যোগ্য ভোটাৰৰ মাজত ৮৫.৯৬ শতাংশ ভোটদান সাব্যস্ত হৈছিল
৪ মে’, সোমবাৰে অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হ’ব । লগে লগে এতিয়া সকলোৰে চকু ৰাজ্যখনৰ ওপৰত নিৱদ্ধ হৈছে । এই ফলাফলে নিৰ্ধাৰণ কৰিব কোনে দখল কৰিব দিছপুৰৰ মছনদ ।
ৰাজ্যৰ ৩৫খন জিলাৰ ৪০টা ভোটগণনা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ১২৬টা বিধানসভা সমষ্টিৰ ভোটগণনা অনুষ্ঠিত হ’ব । ৭২২গৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী ভাগ্য নিৰ্ণয় কৰিব লগা EVM সমূহ বহুস্তৰীয় নিৰাপত্তা বেষ্টনীৰ মাজত ষ্ট্ৰং ৰূমৰ পৰা গণনা কক্ষলৈ অনা হ’ব । নিৰ্বাচনী বিষয়াৰ মতে, গণনা কেন্দ্ৰ আৰু ষ্ট্ৰং ৰূম পহৰা দিবলৈ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ২৫টা কোম্পানী মোতায়েন কৰা হৈছে । ইয়াৰ উপৰিও ভোটগণনা শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ অতিৰিক্ত ৰাজ্যিক আৰক্ষী বাহিনী আৰু বিশেষ নিৰাপত্তা দল নিয়োজিত থাকিব ।
যোৱা ৯ এপ্ৰিলত ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হৈছিল, য’ত ২.৫ কোটিৰো অধিক যোগ্য ভোটাৰৰ মাজত ৮৫.৯৬ শতাংশ ভোটদান সাব্যস্ত হৈছিল । ই জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণক প্ৰতিফলিত কৰিছে । প্ৰতিদ্বন্দ্বিতা কৰা ৭২২গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৫৯গৰাকী মহিলা । কংগ্ৰেছে সৰ্বাধিক ৯৯গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিয়ে ৯০গৰাকী প্ৰাৰ্থী আগবঢ়াইছে । নিৰ্বাচনত অবতীৰ্ণ হোৱা আন আন প্ৰধান দলসমূহৰ ভিতৰত AIUDF, অসম গণ পৰিষদ, বিপিএফ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ অন্যতম ।
এই নিৰ্বাচনী দৌৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল, অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈকে ধৰি কেইবাজনো হাই-প্ৰফাইল প্ৰাৰ্থী আছে । বিজেপিৰ নেতৃত্বত অগপ আৰু বিপিএফৰ মিত্ৰজোঁটে আন এক কাৰ্যকালৰ বাবে আশা কৰাৰ বিপৰীতে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী মিত্ৰজোঁটে ৰাজনৈতিক সমীকৰণ সলনি কৰিব বুলি আশা কৰিছে । সোমবাৰে সন্ধিয়াৰ ভিতৰত ঘোষণা হ’বলগীয়া এই ফলাফলে আগন্তুক পাঁচ বছৰৰ বাবে অসমৰ ৰাজনৈতিক দিশ নিৰ্ণয় কৰাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক : এগ’জিট প’লৰ সমীক্ষাৰ পাছতে মমতা বেনাৰ্জীৰ হাহাকাৰ, দলৰ কৰ্মীক দিলে নিৰ্দেশ









