নতুন চৰকাৰৰ কঠোৰ পদক্ষেপ : অহা ৬ মাহৰ বাবে মন্ত্ৰী-বিষয়াৰ বিদেশ ভ্ৰমণ নিষিদ্ধ

নতুন চৰকাৰৰ কঠোৰ পদক্ষেপ : অহা ৬ মাহৰ বাবে মন্ত্ৰী-বিষয়াৰ বিদেশ ভ্ৰমণ নিষিদ্ধ

নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে অহা ৬ মাহৰ বাবে ৰাজ্যৰ কোনো মন্ত্ৰী বা চৰকাৰী বিষয়াই বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব অসমত ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহা বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে

নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে অহা ৬ মাহৰ বাবে ৰাজ্যৰ কোনো মন্ত্ৰী বা চৰকাৰী বিষয়াই বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব

অসমত ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহা বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । বুধবাৰে অনুষ্ঠিত চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে অহা ৬ মাহৰ বাবে ৰাজ্যৰ কোনো মন্ত্ৰী বা চৰকাৰী বিষয়াই বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়ে যে এই নিষেধাজ্ঞা চৰকাৰী আৰু বেচৰকাৰী উভয় ভ্ৰমণৰ ক্ষেত্ৰতে প্ৰযোজ্য হ’ব । আনকি কোনো বিষয়াই নিজৰ ব্যক্তিগত খৰচত বিদেশলৈ যাব বিচাৰিলেও বৰ্তমানৰ বাবে তাক অনুমতি দিয়া নহ’ব ।

সিদ্ধান্তৰ মূল দিশসমূহ :

ছয় মহীয়া নিষেধাজ্ঞা : প্ৰথম ৬ মাহৰ বাবে এই নিয়ম বলবৎ থাকিব ।

সকলোৰে বাবে সমানে প্ৰযোজ্য : মন্ত্ৰী আৰু আমোলা-বিষয়া সকলোৰে ক্ষেত্ৰতে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

ব্যক্তিগত ভ্ৰমণতো বাধা : নিজৰ ব্যক্তিগত ব্যয়ৰে ভ্ৰমণ কৰিলেও অনুমতি লাভ নকৰিব ।

জৰুৰীকালীন ৰেহাই : কেৱল জৰুৰীকালীন পৰিস্থিতি বা চিকিৎসাৰ দৰে গুৰুত্বপূৰ্ণ কাৰণতহে ভ্ৰমণৰ অনুমতি দিয়া হ’ব । অৱশ্যে ইয়াৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ (CMO) পৰা আগতীয়া অনুমোদন লোৱাটো বাধ্যতামূলক ।

উল্লেখ্য যে, যোৱা ১২ মে’ত একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মাই আজিৰ এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিপুল জনাদেশ লাভ কৰি এনডিএ চৰকাৰে শাসনলৈ অহাৰ পিছত প্ৰশাসনীয় দক্ষতা আৰু জনহিতৈষী কামত অধিক গুৰুত্ব দিয়াৰ লক্ষ্যৰে এই সিদ্ধান্ত লোৱা বুলি চৰ্চা হৈছে ।

লগতে পঢ়ক : কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত: অসমত শীঘ্ৰেই বলৱৎ হ’ব UCC ! ৫ বছৰত ২ লাখ চৰকাৰী চাকৰিৰ লক্ষ্য