অৱসৰ ল’ব নেকি? লৰ্ডছত শতক অৰ্জন কৰি মৌনতা ভংগ ৰোহিত শৰ্মাই

ল’ব নেকি অৱসৰ ? লৰ্ডছত শতক অৰ্জন কৰি মৌনতা ভংগ ৰোহিত শৰ্মাৰ

যদিও লৰ্ডৰ এদিনীয়াত টিম ইণ্ডিয়া পৰাস্ত হৈছিল, তথাপিও ৰোহিত শৰ্মাৰ শতকে অনুৰাগীৰ হৃদয় জয় কৰিছিল। শতক অৰ্জন কৰি তেওঁ নিজৰ ফৰ্মক লৈ প্ৰশ্ন উত্থাপন কৰা সমালোচকসকলক উপযুক্ত উত্তৰ দিলে। ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া মেচত ৰোহিত শৰ্মাই শতক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। এদিনীয়া ক্ৰিকেটত লৰ্ডছৰ

যদিও লৰ্ডৰ এদিনীয়াত টিম ইণ্ডিয়া পৰাস্ত হৈছিল, তথাপিও ৰোহিত শৰ্মাৰ শতকে অনুৰাগীৰ হৃদয় জয় কৰিছিল। শতক অৰ্জন কৰি তেওঁ নিজৰ ফৰ্মক লৈ প্ৰশ্ন উত্থাপন কৰা সমালোচকসকলক উপযুক্ত উত্তৰ দিলে।

ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া মেচত ৰোহিত শৰ্মাই শতক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। এদিনীয়া ক্ৰিকেটত লৰ্ডছৰ খেলপথাৰত শতক অৰ্জন কৰা ৰোহিত ভাৰতৰ একমাত্ৰ বেটছমেন হিচাপে পৰিগণিত হৈছে। যদিও তৃতীয়খন এদিনীয়াত ভাৰতীয় দলটোৱে ২৭ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল, তথাপিও ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ সকাহৰ কথাটো আছিল যে ৰোহিতে শতকীয় ইনিংছ খেলি ১১০ বলত ১৩৮ ৰান কৰিবলৈ সক্ষম হৈছিল।

লৰ্ডছ এদিনীয়াৰ পূৰ্বে ৰোহিতক লৈ বহু চৰ্চা চলিছিল যে এই এদিনীয়া মেচখনেই হ’ব তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ শেষ মেচ। এনে লাগিছিল যেন ৰোহিতে এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিব, যদিও বি চি চি আই (BCCI)-এ এই বাতৰিবোৰ মিছা বুলি অভিহিত কৰিছিল। কিন্তু ইয়াৰ পিছত ৰোহিতে তৃতীয়খন এদিনীয়াত শতক অৰ্জন কৰি সমালোচকসকলক উপযুক্ত উত্তৰ দিয়ে।

ইয়াতেই ৰোহিত ক্ষান্ত থকা নাছিল, মেচৰ অন্তত দিয়া এক সাক্ষাৎকাৰত ৰোহিতে সমালোচনা কৰাসকলক ককৰ্থনা কৰি কয় যে বাহিৰৰ কথাবোৰে তেওঁক কোনো প্ৰভাৱ নেপেলায়।

ৰোহিতে কয়, “চাওক, মোৰ কাম বেটেৰে প্ৰদৰ্শন কৰা। খেলপথাৰত নমা আৰু নিজৰ দেশক প্ৰতিনিধিত্ব কৰা, মই পদাৰ্পণ কৰাৰে পৰা মোক ইয়াকে কৰিবলৈ কোৱা হৈছে আৰু মই ইয়াকে কৰি যাম। মই যেতিয়াৰ পৰা ডেবিউ কৰিছোঁ, তেতিয়াৰ পৰাই এনে গুণগুণনি-কোলাহল চলি আহিছে। মই যেতিয়ালৈকে খেলি থাকিম, এই কোলাহল চলিয়েই থাকিব। ই মোক কোনো প্ৰভাৱ নেপেলায়। মোৰ বাবে গুৰুত্বপূৰ্ণ কথাটো হ’ল মই খেলপথাৰত কেনে প্ৰদৰ্শন কৰোঁ। মই দলৰ সফলতাত অৱদান আগবঢ়াব বিচাৰোঁ। মোৰ সম্পূৰ্ণ মনোযোগ ইয়াৰ ওপৰতেই আছে।”

ৰোহিত শৰ্মাই আৰু কয়, “যদি কোলাহল বা চৰ্চা নাথাকে, তেন্তে মজাই নাই। মোৰ কাম খেলপথাৰৰ ভিতৰত আৰু তেওঁলোকৰ কাম বাহিৰত.. মই ইয়াক এই দৃষ্টিকোণৰ পৰাই চাওঁ।”

ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰোহিতে কোহিলীৰ সন্দৰ্ভতো কথা পাতে আৰু কয়, “তেওঁৰ সৈতে খেলাটো সদায় সুন্দৰ অনুভৱ, আমি দুয়ো সমগ্ৰ কেৰিয়াৰ একেলগে খেলিছোঁ। তেওঁ নিজৰ কেৰিয়াৰত বহুত কিবা-কিবি অৰ্জন কৰিছে। আমি ইজনে সিজনক বহুত ভালকৈ বুজি পাওঁ, খেলপথাৰৰ মাজত ইজনে সিজনৰ সৈতে কথা পতা আৰু পৰামৰ্শ বিনিময় কৰাটো বৰ ভাল লাগে।”

লগতে পঢ়ক: আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আন্তঃৰাষ্ট্ৰীয় ‘অপমান’; মঞ্চৰ পৰা আঁতৰাই পঠিওয়া হ’ল ট্ৰাম্পক