অসমত বান পৰিস্থিতিৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই যাত্ৰী সকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
শিৱসাগৰ জিলাৰ শিমলুগুৰিত বানপানীৰ বাবে ৰে’ল সেৱা ব্যাহত হৈছে। যাৰ ফলত দীৰ্ঘ দূৰত্বৰ ৰে’লসমূহৰ পথ সলনি কৰাত যাত্ৰীসকল যাতে প্ৰভাৱিত নহয় তাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NFR) বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
ৰে’ল বিভাগে জানিবলৈ দিছে যে শিমলুগুৰি অঞ্চলত বানপানীৰ বাবে ৰেল সেৱা ব্যাহত হৈ থকাৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলক সহায় কৰিবলৈ এলানি পদক্ষেপ গ্ৰহণ কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মতে, পথ সলনি কৰা ৰে’লসমূহত যাত্ৰা কৰা যাত্ৰীসকলৰ বাবে খাদ্যৰ পেকেট, খোৱা পানী আৰু টিকটৰ ধন ঘূৰাই দিয়াৰ (ৰিফাণ্ড) সুবিধা কৰা হৈছে। যাত্ৰীসকলক সহায় কৰিবলৈ সকলো প্ৰভাৱিত ষ্টেচনত হেল্প ডেস্কো স্থাপন কৰা হৈছে।
পৰৱৰ্তী যাত্ৰা সুচল কৰি তুলিবলৈ নামতিআলিত যাত্ৰীসকলক শিৱসাগৰ টাউন ৰে’লৱে ষ্টেচনলৈ লৈ যাবৰ বাবে অসম ৰাজ্যিক পৰিবহন নিগমৰ (ASTC) বাছ আৰু স্থানীয় বাহন মোতায়েন কৰা হৈছে।
শিৱসাগৰ টাউনৰ পৰা ৰে’ল বিভাগে আৱদ্ধ হৈ থকা যাত্ৰীসকলক ডিব্ৰুগড় আৰু নিউ তিনিচুকীয়ালৈ লৈ যাবলৈ এখন বিশেষ ৰে’লৰ পৰিকল্পনা কৰিছে।
ৰে’ল বিভাগে জনোৱা মতে, চেলেনঘাটত ২২৫০৩ বিবেক এক্সপ্ৰেছৰ পৰা নমা ২১৭ জন যাত্ৰীক পথযোগে মৰিয়ানীলৈ যাবলৈ দিয়া হৈছে।
ইয়াৰ উপৰিও, মৰিয়ানীত থকা ১৫৯৫৯ কামৰূপ এক্সপ্ৰেছৰ ৫৭০ জন যাত্ৰী আৰু ১৫৯৩৪ অমৃতচৰ–তিনিচুকীয়া এক্সপ্ৰেছৰ ৪৯০ জন যাত্ৰীয়ে যাতে প্ৰয়োজনীয় সহায় লাভ কৰে তাৰ বাবেও ব্যৱস্থা কৰা হৈছে।
ফেনে-ফোটকাৰে ওফন্দি অহা দিখৌ নৈৰ পানীয়ে ৰে’লপথ আৰু ষ্টেচনৰ আন্তঃগাঁথনি বুৰাই পেলোৱাৰ পিছতে শিমলুগুৰি-নামতিআলি আৰু শিমলুগুৰি-চেলেনঘাট শাখাৰ ৰে’ল সেৱা স্থগিত ৰখা হয়। যাৰ ফলত কেইবাখনো দীৰ্ঘদিনীয়া দূৰত্বৰ ৰে’ল ৰঙিয়া-ৰাঙাপাৰা হৈ যাবলৈ বাধ্য হয়।
লগতে পঢ়ক: উজনি অসমত প্ৰকৃতিৰ ৰুদ্ৰৰূপ; স্তব্ধ হৈ পৰিল উজনিৰ ৰে’ল যাতায়াত









