প্ৰধানমন্ত্ৰী মোদীৰ ঐতিহাসিক ইউৰোপ ভ্ৰমণ: অংশ ল’ব জি-৭ সন্মিলনত

প্ৰধানমন্ত্ৰী মোদীৰ ঐতিহাসিক ইউৰোপ ভ্ৰমণ: অংশ ল’ব জি-৭ সন্মিলনত

ভ্ৰমণৰ প্ৰথম ভাগত প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ নিচ চহৰত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰঁৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ জুনৰ পৰা ১৮ জুনলৈ ইউৰোপৰ এক গুৰুত্বপূৰ্ণ চৰকাৰী ভ্ৰমণসূচী হাতত ল’ব । এই ভ্ৰমণকালত তেওঁ ফ্ৰান্স আৰু স্লোভাকিয়া ভ্ৰমণ কৰাৰ লগতে বহুপক্ষীয় জি-৭

ভ্ৰমণৰ প্ৰথম ভাগত প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ নিচ চহৰত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰঁৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ জুনৰ পৰা ১৮ জুনলৈ ইউৰোপৰ এক গুৰুত্বপূৰ্ণ চৰকাৰী ভ্ৰমণসূচী হাতত ল’ব । এই ভ্ৰমণকালত তেওঁ ফ্ৰান্স আৰু স্লোভাকিয়া ভ্ৰমণ কৰাৰ লগতে বহুপক্ষীয় জি-৭ সন্মিলনতো অংশগ্ৰহণ কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত প্ৰকাশ পাইছে । ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু স্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ বিশেষ আমন্ত্ৰণমৰ্মে এই ভ্ৰমণসূচী যুগুত কৰা হৈছে ।

ভ্ৰমণসূচীৰ গুৰুত্বপূৰ্ণ পৰ্যায়সমূহ:

প্ৰথম পৰ্যায় (১৪ জুন, নিচ, ফ্ৰান্স): ভ্ৰমণৰ প্ৰথম চৰণত প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ নিচ চহৰত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব । এই বছৰৰ আৰম্ভণিতে দুয়োখন দেশৰ সম্পৰ্ক ‘বিশেষ গোলকীয় কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত হোৱাৰ পিছত এইয়া হ’ব প্ৰথমখন পৰ্যালোচনা বৈঠক । ইয়াত দুয়োগৰাকী নেতাই যুটীয়াভাৱে “ভাৰত ইনোভেটছ” অনুষ্ঠান মুকলি কৰিব, যিটোৱে দুয়োখন দেশৰ ষ্টাৰ্ট-আপ আৰু প্ৰযুক্তি খণ্ডক নতুন গতি প্ৰদান কৰিব ।

দ্বিতীয় পৰ্যায় (১৪-১৬ জুন, স্লোভাকিয়া): ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে স্লোভাকিয়া ভ্ৰমণ কৰিব । ১৯৯৩ চনত স্লোভাকিয়াই স্বাধীনতা লাভ কৰাৰ পিছত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এইয়া হ’ব প্ৰথম ঐতিহাসিক ভ্ৰমণ । ইয়াত তেওঁ স্লোভাক প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকো আৰু ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰীনিক সাক্ষাৎ কৰি বাণিজ্য, বিনিয়োগ, মটৰ গাড়ী নিৰ্মাণ আৰু ৰে’লৱে খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে আলোচনা কৰিব ।

জি-৭ সন্মিলন (১৬-১৭ জুন, এভিয়ান, ফ্ৰান্স): ভ্ৰমণৰ তৃতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত হ’বলগীয়া জি-৭ সন্মিলনত অংশ ল’ব । সন্মিলনত তেওঁ গোলকীয় সংহতি পুনৰ নিৰ্মাণ, বহনক্ষম অৰ্থনৈতিক বিকাশ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সুৰক্ষিত তথা দক্ষ সম্প্ৰসাৰণ আদি গুৰুত্বপূৰ্ণ বিষয়ৰ অধিৱেশনসমূহত অংশগ্ৰহণ কৰিব ।

অন্তিম পৰ্যায় (১৮ জুন, পেৰিছ): ভ্ৰমণৰ শেষৰ দিনা প্ৰধানমন্ত্ৰীয়ে পেৰিছত ইউৰোপৰ সৰ্ববৃহৎ প্ৰযুক্তি তথা ষ্টাৰ্ট-আপ ইভেণ্ট ‘ভিভাটেক ছামিট’ত অংশগ্ৰহণ কৰিব । ইয়াৰ উপৰি তেওঁ পেৰিছত থকা প্ৰবাসী ভাৰতীয়সকলক উদ্দেশ্যিও এক ভাষণ প্ৰদান কৰিব ।

লগতে পঢ়ক : পশ্চিম এছিয়া সংকটৰ মাজতে অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

শেহতীয়া প্ৰৱন্ধসমূহ