প’ষ্ট মেলনৰ পিছত এইবাৰ গুৱাহাটীত গান্স এন ৰোজেছ’

প’ষ্ট মেলনৰ পিছত এইবাৰ গুৱাহাটীত গান্স এন ৰোজেছ’

১৭ নৱেম্বৰত গুৱাহাটীত সংগীত পৰিৱেশন কৰিব বিশ্বৰ অন্যতম আইকনিক ৰক বেণ্ড Guns N’ Roses-এ অসমৰ সংগীত আৰু বিনোদন জগতৰ বাবে এক ঐতিহাসিক ক্ষণ । চলিত বছৰৰ ১৭ নৱেম্বৰত গুৱাহাটীত সংগীত পৰিৱেশন কৰিব বিশ্বৰ অন্যতম আইকনিক ৰক বেণ্ড ‘গান্স এন ৰোজেছ’ (Guns N’ Roses)-এ । আজি,

১৭ নৱেম্বৰত গুৱাহাটীত সংগীত পৰিৱেশন কৰিব বিশ্বৰ অন্যতম আইকনিক ৰক বেণ্ড Guns N’ Roses-এ

অসমৰ সংগীত আৰু বিনোদন জগতৰ বাবে এক ঐতিহাসিক ক্ষণ । চলিত বছৰৰ ১৭ নৱেম্বৰত গুৱাহাটীত সংগীত পৰিৱেশন কৰিব বিশ্বৰ অন্যতম আইকনিক ৰক বেণ্ড ‘গান্স এন ৰোজেছ’ (Guns N’ Roses)-এ । আজি, সোমবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ।

সামাজিক মাধ্যম ‘এক্স’ (পূৰ্বৰ টুইটাৰ) আৰু ফেচবুকযোগে এই সুখবৰটো ভগাই লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে গভীৰ আনন্দ প্ৰকাশ কৰে । তেওঁ উল্লেখ কৰে যে বিশ্বৰ লাইভ মনোৰঞ্জনৰ মানচিত্ৰত অসমৰ বৰ্ধিত গুৰুত্বৰ ক্ষেত্ৰত এই প্ৰদৰ্শন আন এক উল্লেখনীয় মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই এক্সত লিখিছে- “১৭ নৱেম্বৰ, ২০২৬ তাৰিখে গুৱাহাটীলৈ জনপ্ৰিয় গান্স এন ৰোজেছক আদৰিবলৈ পাই মই অতি আনন্দিত হৈছোঁ । ইয়াৰ জৰিয়তে বিশ্বৰ অন্যতম আইকনিক ৰক বেণ্ডক অসমলৈ আনিব পৰা গৈছে ।”

প’ষ্ট মেলনৰ সফলতাৰ পিছত আন এক বৃহৎ পদক্ষেপ-

উল্লেখ্য যে, ইয়াৰ পূৰ্বে গুৱাহাটীত অনুষ্ঠিত হোৱা বিশ্বখ্যাত প’ষ্ট মেলন-ৰ কনচাৰ্টটোৱে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল । দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ দৰ্শকেৰে ভৰি পৰা সেই অনুষ্ঠানটোৱে অসমক ডাঙৰ আন্তঃৰাষ্ট্ৰীয় ইভেণ্টৰ এক অন্যতম কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল । প’ষ্ট মেলনৰ সেই অভূতপূৰ্ব সফলতাৰ কেইমাহমানৰ ভিতৰতে এতিয়া গান্স এন ৰোজেছৰ দৰে বেণ্ডৰ আগমনৰ কথাই অভূতপূৰ্ব উচাহৰ সৃষ্টি কৰিছে ।

সংস্কৃতি আৰু অৰ্থনীতিত পৰিব ইতিবাচক প্ৰভাৱ

এনে ধৰণৰ মেগা-ইভেণ্টৰ ব্যাপক প্ৰভাৱৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, গোলকীয় লাইভ মনোৰঞ্জনৰ কেন্দ্ৰ হিচাপে অসমৰ উত্থানে এতিয়া তীব্ৰ গতি লাভ কৰিছে । এই অনুষ্ঠান উপভোগ কৰিবলৈ ভাৰতৰ লগতে বিদেশৰ পৰাও বহু অনুৰাগী অসমলৈ অহাৰ সম্ভাৱনা আছে । ইয়াৰ ফলত তেওঁলোকে অসমৰ চহকী সংস্কৃতি, আতিথ্য আৰু সজীৱতাক ওচৰৰ পৰা জনাৰ সুযোগ পাব ।

একে সময়তে, এই বৃহৎ আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীয়ে ৰাজ্যখনৰ অৰ্থনীতি আৰু পৰ্যটন খণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক : অসমত উপস্থিত ইউৰোপীয় ইউনিয়নৰ প্ৰতিনিধি দল; মুখ্যমন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

শেহতীয়া প্ৰৱন্ধসমূহ