আফগানিস্তান শৃংখলাৰ পৰা বাহিৰ বিৰাট! ৰোহিত-হাৰ্দিকক লৈও ওলমিছে প্ৰশ্নবোধক

আফগানিস্তান শৃংখলাৰ পৰা বাহিৰ বিৰাট! ৰোহিত-হাৰ্দিকক লৈও ওলমিছে প্ৰশ্নবোধক

ভাৰত আৰু আফগানিস্তানৰ মাজৰ দ্বিতীয়খন এদিনীয়া ১৭ জুনত লক্ষ্ণৌত আৰু অন্তিমখন মেচ ২০ জুনত চেন্নাইত অনুষ্ঠিত হ’ব আগন্তুক আফগানিস্তানৰ বিৰুদ্ধে ঘৰুৱা এদিনীয়া শৃংখলাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দললৈ আহিছে এটা বেয়া খবৰ । হেমেষ্ট্ৰীঙৰ আঘাতৰ বাবে এই গুৰুত্বপূৰ্ণ শৃংখলাটোৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ হৈছে তাৰকা বেটছমেন বিৰাট

ভাৰত আৰু আফগানিস্তানৰ মাজৰ দ্বিতীয়খন এদিনীয়া ১৭ জুনত লক্ষ্ণৌত আৰু অন্তিমখন মেচ ২০ জুনত চেন্নাইত অনুষ্ঠিত হ’ব

আগন্তুক আফগানিস্তানৰ বিৰুদ্ধে ঘৰুৱা এদিনীয়া শৃংখলাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দললৈ আহিছে এটা বেয়া খবৰ । হেমেষ্ট্ৰীঙৰ আঘাতৰ বাবে এই গুৰুত্বপূৰ্ণ শৃংখলাটোৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ হৈছে তাৰকা বেটছমেন বিৰাট কোহলী । অহা ১৩ জুনৰ পৰা ধৰমশালাত আৰম্ভ হ’বলগীয়া ৩ খনীয়া এদিনীয়া শৃংখলাটোত কোহলীৰ স্থানত যুৱ অপেনাৰ যশস্বী জয়ছোৱালক দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

শেহতীয়া আই পি এল ২০২৬ ৰ ফাইনেল মেচখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ খিতাপ ৰক্ষা কৰিবলৈ গৈ ফিল্ডিং কৰাৰ সময়তে কোহলীয়ে এই গুৰুত্বপূৰ্ণ আঘাত পাইছিল । মুখ্য নিৰ্বাচক অজিত আগৰকাৰে জনোৱা অনুসৰি, কোহলী এতিয়াও সম্পূৰ্ণ সুস্থ হোৱা নাই আৰু তেওঁ খেলপথাৰলৈ কেতিয়া ঘূৰি আহিব, তাৰ কোনো সঠিক সময়সীমা এতিয়ালৈকে ফিজিঅ’ই নিৰ্ধাৰণ কৰা নাই । অৱশ্যে ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ পূৰ্বে তেওঁ ফিট হৈ উঠাৰ সম্ভাৱনা আছে ।

ৰোহিত-হাৰ্দিকৰ ফিটনেছ আপডেট :

আনহাতে, ভাৰতীয় দলৰ আন দুজন জ্যেষ্ঠ খেলুৱৈ অধিনায়ক ৰোহিত শৰ্মা আৰু অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ অংশগ্ৰহণক লৈও এতিয়াও প্ৰশ্নবোধক চিহ্ন ওলমি আছে । দুয়োগৰাকী খেলুৱেই বৰ্তমান আইপিএলৰ সময়ত পোৱা আঘাতৰ বাবে পুনৰ্সংস্থাপন কাৰ্যসূচীৰ মাজেৰে গতি কৰিছে । ৰোহিত শৰ্মা হেমেষ্ট্ৰীঙৰ সমস্যা আৰু হাৰ্দিক পাণ্ডিয়া পিঠিৰ বিষত ভুগি আছে ।

বিচিচিআই-ৰ সচিব দেৱজিৎ শইকীয়াই এই সন্দৰ্ভত কয় যে- “হাৰ্দিক বৰ্তমান বেংগালুৰুৰ চিঅ’ই-ত আছে আৰু ৰোহিত শৰ্মায়ো অহা দুদিনৰ ভিতৰত তালৈ যাব । আমাৰ কাৰিকৰী দলে তেওঁলোকৰ ফিটনেছ পৰীক্ষা কৰাৰ পিছত চিঅ’ই-ৰ পৰা চূড়ান্ত ক্লিয়াৰেন্স পালেহে তেওঁলোকক বাচনিৰ বাবে বিবেচনা কৰা হ’ব ।”

মিছন ২০২৭ এদিনীয়া বিশ্বকাপ :

ইফালে, হাৰ্দিক পাণ্ডিয়াক আগন্তুক আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ টি-২০ দলত জিৰণি দিয়া হৈছে যদিও আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া দলত তেওঁক ৰখা হৈছে । মুখ্য নিৰ্বাচক আগৰকাৰৰ মতে, পৰিচালনা সমিতিৰ মূল লক্ষ্য হৈছে দক্ষিণ আফ্ৰিকাত হ’বলগীয়া ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে হাৰ্দিকক এতিয়াৰে পৰা ৫০ অভাৰৰ ফৰ্মেটত সম্পূৰ্ণ ফিট আৰু সক্ৰিয় কৰি ৰখা । ইয়াৰ উপৰিও এই সিদ্ধান্তই টি-২০ ফৰ্মেটত নীতিশ ৰেড্ডীৰ দৰে যুৱ খেলুৱৈক নিজক প্ৰমাণ কৰাৰ এক সুন্দৰ সুযোগ দিব ।

উল্লেখ্য যে, ভাৰত আৰু আফগানিস্তানৰ মাজৰ দ্বিতীয়খন এদিনীয়া ১৭ জুনত লক্ষ্ণৌত আৰু অন্তিমখন মেচ ২০ জুনত চেন্নাইত অনুষ্ঠিত হ’ব । ক্ৰীড়া প্ৰেমীসকলে এতিয়া এটাই আশা কৰিছে যেন ভাৰতীয় তাৰকাসকল অতি সোনকালে সম্পূৰ্ণ ফিট হৈ টীম ইণ্ডিয়ালৈ ঘূৰি আহে ।

লগতে পঢ়ক : এছিয়ান গেমছ ২০২৬: শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা; টি-২০ দলত যশপ্ৰীত বুমৰাহ

শেহতীয়া প্ৰৱন্ধসমূহ