অসমৰ কেবিনেটে ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীলৈ পৰিণত কৰিবৰ বাবে অনুমোদন জনাইছে।
অসম কেবিনেটে ডিব্ৰুগড়বাসীৰ বাবে এক সুখবৰ দিছে।ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাবে নিৰ্মাণ কৰিবলৈ নতুন কেবিনটৰ ডাঙৰ সিদ্ধান্ত লৈছে। ৰাজ্যখনৰ দ্বিতীয়খন ৰাজধানীৰ প্ৰসাৰ কাৰ্যত দিশদৰ্শন কৰিবলৈ এটা সুকীয়া উন্নয়ন প্ৰাধিকৰণ গঠনৰ বাবে অনুমোদন জনাইছে। শুকুৰবাৰে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
প্ৰস্তাৱিত ৰাজ্যিক ৰাজধানী অঞ্চলটোৱে ডিব্ৰুগড় ৰাজধানী কমপ্লেক্সৰ ২০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ এলেকাসমূহ সাঙুৰি ল’ব। এই অঞ্চলটোৰ পৰিকল্পনা আৰু উন্নয়নৰ তদাৰক কৰিবলৈ চৰকাৰে ‘ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণ, ডিব্ৰুগড়’ গঠনত অনুমোদন দিছে।ডিব্ৰুগড় সমষ্টিৰ বিধায়কগৰাকী এই Authorityৰ অধ্যক্ষ দিয়া হ’ব। এই Authorityৰ অধ্যক্ষ গৰাকী কেবিনেট মৰ্যাদা লাভ কৰিব।কেৱল ইমানেই নহয় জিলা আয়ুক্ত এই Authorityৰ সদস্য হিচাপে থাকিব। ইয়াৰ বাবে এজন CEO নিযুক্ত কৰা হ’ব। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাবে নিৰ্মাণ কৰিবলৈ ৫০০ কোটি ব্যয় কৰিব চৰকাৰে। ষ্টেট কেপিটেলৰ দৃষ্টিভংগীৰে এই ধন ব্যয় কৰা হ’ব।
দ্বিতীয়খন ৰাজধানী অঞ্চলৰ উন্নয়নৰ সৈতে সংগতি ৰাখি আঞ্চলিক আৰু খণ্ডভিত্তিক উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰা, বিকাশৰ কৰিডৰসমূহ চিনাক্ত কৰা আৰু ভৱিষ্যতৰ নগৰীকৰণৰ প্ৰসাৰৰ পৰিকল্পনা কৰাৰ দায়িত্ব এই প্ৰাধিকৰণক অৰ্পণ কৰা হ’ব।
লগতে পঢ়ক: ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ ভাল খবৰ; বৃদ্ধি পালে মৰগীয়া বানচ








