আজি বিতৰণ কৰা হ’ব মন্ত্ৰীসকলৰ দপ্তৰ; কাৰ হাতলৈ যাব কি বিভাগ ?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে ঘোষণা কৰিছে যে আজি বিতৰণ কৰা হ’ব কেবিনেটৰ মন্ত্ৰীসকলৰ দপ্তৰ।

আজি বিতৰণ কৰা হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ মন্ত্ৰীসকলৰ দপ্তৰ। কিছু সময় পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে কৰিব ঘোষণা। সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে।

নতুন চৰকাৰৰ ১২ গৰাকী মন্ত্ৰীৰ মাজত ভাগ কৰা হ’ব দায়িত্ব।কেবিনেটৰ ৪ গৰাকী মন্ত্ৰীক ইতিমধ্যে প্ৰদান কৰা হৈছে দপ্তৰ। ৫ জুনত ১২ গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছিলে। ৰাজ্যৰ সৰ্বাংগীণ উন্নতি আৰু সমৃদ্ধিৰ বাবে দপ্তৰ আবণ্টন দিয়াৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰীৰ।

লগতে পঢ়ক: বিপৰ্যয়ৰ সন্মুখীন মমতাৰ তৃণমূল কংগ্ৰেছ; ৰাজ্যসভাৰ দুগৰাকীকৈ সাংসদৰ পদত্যাগ সম্ভাৱনা

দ্বিতীয় ৰাজধানীলৈ পৰিণত হ’ব ডিব্ৰুগড়;নতুন কেবিনটৰ ডাঙৰ সিদ্ধান্ত

অসমৰ কেবিনেটে ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীলৈ পৰিণত কৰিবৰ বাবে অনুমোদন জনাইছে।

অসম কেবিনেটে ডিব্ৰুগড়বাসীৰ বাবে এক সুখবৰ দিছে।ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাবে নিৰ্মাণ কৰিবলৈ নতুন কেবিনটৰ ডাঙৰ সিদ্ধান্ত লৈছে। ৰাজ্যখনৰ দ্বিতীয়খন ৰাজধানীৰ প্ৰসাৰ কাৰ্যত দিশদৰ্শন কৰিবলৈ এটা সুকীয়া উন্নয়ন প্ৰাধিকৰণ গঠনৰ বাবে অনুমোদন জনাইছে। শুকুৰবাৰে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

প্ৰস্তাৱিত ৰাজ্যিক ৰাজধানী অঞ্চলটোৱে ডিব্ৰুগড় ৰাজধানী কমপ্লেক্সৰ ২০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ এলেকাসমূহ সাঙুৰি ল’ব। এই অঞ্চলটোৰ পৰিকল্পনা আৰু উন্নয়নৰ তদাৰক কৰিবলৈ চৰকাৰে ‘ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণ, ডিব্ৰুগড়’ গঠনত অনুমোদন দিছে।ডিব্ৰুগড় সমষ্টিৰ বিধায়কগৰাকী এই Authorityৰ অধ্যক্ষ দিয়া হ’ব। এই Authorityৰ অধ্যক্ষ গৰাকী কেবিনেট মৰ্যাদা লাভ কৰিব।কেৱল ইমানেই নহয়  জিলা আয়ুক্ত এই Authorityৰ সদস্য হিচাপে থাকিব। ইয়াৰ বাবে এজন CEO নিযুক্ত কৰা হ’ব। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাবে নিৰ্মাণ কৰিবলৈ ৫০০ কোটি  ব্যয় কৰিব চৰকাৰে। ষ্টেট কেপিটেলৰ দৃষ্টিভংগীৰে এই ধন ব্যয় কৰা হ’ব।

দ্বিতীয়খন ৰাজধানী অঞ্চলৰ উন্নয়নৰ সৈতে সংগতি ৰাখি আঞ্চলিক আৰু খণ্ডভিত্তিক উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰা, বিকাশৰ কৰিডৰসমূহ চিনাক্ত কৰা আৰু ভৱিষ্যতৰ নগৰীকৰণৰ প্ৰসাৰৰ পৰিকল্পনা কৰাৰ দায়িত্ব এই প্ৰাধিকৰণক অৰ্পণ কৰা হ’ব।

লগতে পঢ়ক: ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ ভাল খবৰ; বৃদ্ধি পালে মৰগীয়া বানচ

ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ; কোন মন্ত্ৰীয়ে পালে কি দপ্তৰৰ দায়িত্ব

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে।

নতুন চৰকাৰ গঠন কৰাৰ পিছত এইবাৰ বিতৰণ কৰা হ’ল ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালৰ চৰকাৰৰ অন্যতম বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে।এইবাৰ জ্যেষ্ঠ মন্ত্ৰী অজন্তা নেওগে নাপালে বিত্ত বিভাগ। ১৪ মে’ত অসমৰ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই অনুমোদন জনোৱা চৰকাৰী অধিসূচনা অনুসৰি এতিয়া অজন্তা নেওগক মহিলা আৰু শিশু উন্নয়ন আৰু পৰ্যটন বিভাগৰ বাবে আবণ্টন দিয়া হৈছে।

বিজেপি নেতৃত্বাধীন চৰকাৰৰ পূৰ্বৰ কাৰ্যকালত অসমৰ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা নেওগে প্ৰশাসনৰ বিত্তীয় আৰু বাজেট ব্যৱস্থাপনাৰ অন্যতম মূল মুখ হিচাপে বিবেচিত হৈছিল।

ইয়াৰ উপৰিও ৰামেশ্বৰ তেলীক উন্নয়ন, শ্ৰমিক কল্যাণ, চাহ জনজাতি আৰু আদিবাসী উন্নয়নৰ দপ্তৰ, অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, আৰু আবকাৰী বিভাগ, চৰণ বড়োক বডোলেণ্ডৰ কল্যাণৰ লগতে পৰিবহণ বিভাগৰ দায়িত্ব দিয়া হৈছে।

ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপত কয় যে তেওঁ মুখ্যমন্ত্ৰীৰ “পৰামৰ্শ অনুসৰি” প্ৰস্তাৱিত দপ্তৰৰ আবণ্টনত অনুমোদন জনাইছে।

লগতে পঢ়ক: পশ্চিমবংগত বিজেপিৰ চৰকাৰ, অধিক সুৰক্ষিত অনুভৱ কৰিছে অসমেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

সম্পন্ন হ’ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক : কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল ?

-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ৯টা ডাঙৰ ঘোষণা

-জেলত থকা কয়দীৰ বাবে কেবিনেটে লৈছে ডাঙৰ সিদ্ধান্ত

-কয়দীৰ পৰিয়ালৰ কথা চিন্তা কৰি ক্ষতিপূৰণৰ ব্যৱস্থা

-৪ লাখ টকা পৰ্যন্ত পাব এই এককালীন ক্ষতিপূৰণ

-কয়দীৰ মাজত কাজিয়া হৈ কোনো কয়দীৰ মৃত্যু হ’লে পৰিয়ালে লাভ কৰিব ২ লাখ টকা

-কাৰাগাৰৰ কৰ্মচাৰীৰ প্ৰহাৰত কয়দীৰ মৃত্যু হ’লে পৰিয়ালে লাভ কৰিব ৩ লাখ টকা

-কাৰাগাৰৰ কৰ্মচাৰীৰ অৱহেলাত কয়দীৰ মৃত্যু হ’লে লাভ কৰিব ৪ লাখ টকা

-চিকিৎসা বিষয়া পেৰা মেডিকেল টীমৰ অৱহেলাত কয়দীৰ মৃত্যু হ’লে লাভ কৰিব ৪ লাখ টকা

-কোনো কয়দীয়ে চৰম সিদ্ধনাত ল’লে লাভ কৰিব ৩ লাখ টকা

-ইয়াৰ উপৰি বৰাক উপত্যকাৰ উন্নয়নৰ বাবে গঠন হ’ল নতুন বিভাগ

-শিলচৰ আৰু গুৱাহাটীত থাকিব বৰাক উপত্যকা উন্নয়নৰ কাৰ্যালয়

-৩টা ইথানল উৎপাদন প্ৰতিষ্ঠানক দিব ৰাজসাহাৰ্য

-হিমন্ত বিশ্ব শৰ্মা কেবিনেটে লৈছে এই ডাঙৰ সিদ্ধান্ত