ভাৰতীয় দলটোৱে প্ৰায় ৭ বছৰৰ অন্তত নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ এদিনীয়া শৃংখলা খেলিব।
ভাৰতীয় ক্ৰিকেট দলৰ নিউজিলেণ্ড ভ্ৰমণ সূচী প্ৰকাশ পাইছে। শৃংখলাটো টি-২০ ইণ্টাৰনেচনেল মেচেৰে আৰম্ভ হ’ব। ইয়াত পাঁচখন খেল হ’ব। ইয়াৰ পিছতেই এদিনীয়া শৃংখলা হ’ব। ইয়াতো ৫ খন মেচ খেলা হ’ব। শেষত দুখন টেষ্ট মেচ অনুষ্ঠিত হ’ব। নিউজিলেণ্ড ক্ৰিকেটৰ তৰফৰ পৰা ইয়াৰ সম্পূৰ্ণ সূচী জাৰি কৰা হৈছে।
বিশেষ কথাটো হ’ল প্ৰায় সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত ভাৰতীয় দলটোক কোনো বিদেশী ভ্ৰমণত পাঁচখন এদিনীয়া মেচ খেলা দেখা যাব। এয়া এক প্ৰকাৰে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া আই চি চি এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি। বিগত কেইবাবছৰো ধৰি টীম ইণ্ডিয়াই সৰ্বাধিক তিনিখনকৈ এদিনীয়া মেচৰ শৃংখলা খেলি আহিছে। যেতিয়া কোনো আই চি চি বা এ চি চি টুৰ্নামেণ্ট হয়, তেতিয়াহে দলে একেৰাহে এদিনীয়া মেচ খেলে, কিন্তু এতিয়া নিউজিলেণ্ড শৃংখলাত একেৰাহে পাঁচখন এদিনীয়া মেচ হ’ব। আমোদজনক কথাটো হ’ল ইয়াৰ পূৰ্বে ২০১৯ চনত টীম ইণ্ডিয়াই নিউজিলেণ্ডৰ বিৰুদ্ধেই পাঁচখন এদিনীয়া মেচৰ শৃংখলা খেলিছিল, তেতিয়া বিৰাট কোহলী ভাৰতীয় দলৰ অধিনায়ক আছিল। সেই সময়ত ভাৰতে এই শৃংখলাৰ চাৰিখন মেচ জিকি ৪-১ ব্যৱধানত শৃংখলাটো দখল কৰিবলৈ সক্ষম হৈছিল।
যেতিয়া ২০১৯ চনত পাঁচখন মেচৰ এদিনীয়া শৃংখলা অনুষ্ঠিত হৈছিল, তেতিয়া বিৰাট কোহলীৰ অধিনায়কত্বত ৰোহিত শৰ্মাই দুৰ্দান্ত বেটিং কৰিছিল। সেই সময়ত তেওঁ ২০০ তকৈও অধিক ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। নিজৰ সুন্দৰ বলিং প্ৰদৰ্শনৰ জৰিয়তে দ্ৰুত বলাৰ মহম্মদ ছামীয়ে ‘প্লেয়াৰ অব্ দ্য চিৰিজ’ৰ বঁটা আজুৰি আনিছিল। বৰ্তমান ধাৰাবাহিকভাৱে টি-২০ লীগসমূহ খেলি থকা হৈছে। একে সময়তে আই চি চি টুৰ্নামেণ্টৰ সংখ্যাও বৃদ্ধি পাইছে, যাৰ বাবে দ্বিপাক্ষিক শৃংখলাসমূহ তিনিখনতকৈ অধিক মেচৰ হ’ব নোৱাৰে।
এই শৃংখলাটো এইবাবেই গুৰুত্বপূৰ্ণ হ’ব, কাৰণ অহা বছৰৰ অক্টোবৰৰ পৰা নৱেম্বৰলৈ দক্ষিণ আফ্ৰিকা, জিম্বাবৱে আৰু নামিবিয়াত আই চি চি এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব। দলটোৰ বাবে নিজৰ শক্তি আৰু দুৰ্বলতাসমূহ চিনাক্ত কৰাৰ এক সুযোগ থাকিব, যাতে যিবোৰ ত্ৰুটি আছে, সেইবোৰ শুধৰাব পৰা যায়। ইয়াৰ লগতে খেলুৱৈসকলৰ বাবেও উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰি দলত নিজৰ স্থান পকী কৰাৰ এক সুন্দৰ সুযোগ থাকিব। আশা কৰিব পাৰি যে তেতিয়ালৈকে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই ভাৰতৰ হৈ এদিনীয়া ক্ৰিকেট খেলি থাকিব। যদি এনেকুৱা হয়, তেন্তে সকলোৰে দৃষ্টি এই দুজন খেলুৱৈৰ ওপৰতেই কেন্দ্ৰীভূত থাকিব।
লগতে পঢ়ক: বিচিচিআইৰ ডাঙৰ ঘোষণা: টিম ইণ্ডিয়া শিবিৰত প্ৰৱেশ আকিব নবী









