"কোনো অধিকাৰ নাই, মনে মনে থাকক!"- কাশ্মীৰ প্ৰসংগত পাকিস্তানৰ সুৰত সুৰ মিলোৱা ইউৰোপীয় ইউনিয়নক ভাৰতৰ তীব্ৰ সকীয়নি

“কোনো অধিকাৰ নাই, মনে মনে থাকক!”- কাশ্মীৰ প্ৰসংগত পাকিস্তানৰ সুৰত সুৰ মিলোৱা ইউৰোপীয় ইউনিয়নক ভাৰতৰ তীব্ৰ সকীয়নি

বিদেশ মন্ত্ৰালয়ে স্পষ্টভাৱে কয় যে জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য আৰু অবিভাজ্য অংশ পাকিস্তান আৰু ইউৰোপীয় ইউনিয়নৰ (EU) যুটীয়া বিবৃতিত জম্মু-কাশ্মীৰৰ উল্লেখ থকাৰ পিছতে ভাৰতে ইয়াৰ তীব্ৰ প্ৰত্যুত্তৰ দিছে । বিদেশ মন্ত্ৰালয়ে স্পষ্টভাৱে কয় যে জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য আৰু অবিভাজ্য অংশ । গতিকে

বিদেশ মন্ত্ৰালয়ে স্পষ্টভাৱে কয় যে জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য আৰু অবিভাজ্য অংশ

পাকিস্তান আৰু ইউৰোপীয় ইউনিয়নৰ (EU) যুটীয়া বিবৃতিত জম্মু-কাশ্মীৰৰ উল্লেখ থকাৰ পিছতে ভাৰতে ইয়াৰ তীব্ৰ প্ৰত্যুত্তৰ দিছে । বিদেশ মন্ত্ৰালয়ে স্পষ্টভাৱে কয় যে জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য আৰু অবিভাজ্য অংশ । গতিকে যিসকলৰ এই বিষয়টোৰ সৈতে কোনো সম্পৰ্ক নাই, তেওঁলোকৰ ইয়াত মন্তব্য কৰাৰ কোনো অধিকাৰ নাই ।

কেৱল এয়াই নহয়, নেপালৰ সৈতে সীমা বিবাদ, ভেনিজুৱেলাৰ উচ্চস্তৰীয় ভ্ৰমণ আৰু আমেৰিকাৰ পৰা ভাৰতীয়সকলক দেপোৰ্ট (বহিষ্কাৰ) কৰাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰতো ভাৰতে নিজৰ স্থিতি অতি স্পষ্ট আৰু কঠোৰ ৰূপত ডাঙি ধৰিছে ।

জম্মু-কাশ্মীৰক লৈ EU আৰু পাকিস্তানক সকীয়নি-

পাকিস্তান আৰু ইউৰোপীয় ইউনিয়নৰ (EU) যুটীয়া বিবৃতিত জম্মু-কাশ্মীৰৰ অযথা উল্লেখক ভাৰতে তীব্ৰ ভাষাৰে গৰিহণা দিছে । বিদেশ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য আৰু অবিভাজ্য অংগ । যিসকলৰ এই বিষয়ত কোনো অধিকাৰ বা বৈধ ভিত্তি নাই, তেওঁলোকক ভাৰতৰ আভ্যন্তৰীণ বিষয়ত মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়া হৈছে । কাশ্মীৰ বিষয়ত কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ ভাৰতে কেতিয়াও গ্ৰহণ নকৰে বুলিও মুখপাত্ৰগৰাকীয়ে কয় ।

ভাৰত-নেপাল সীমা বিবাদ: ৯৮% সমাধান-

নেপালৰ সৈতে চলি থকা সীমা বিবাদৰ সন্দৰ্ভত বিদেশ মন্ত্ৰালয়ে জনায় যে দুয়োখন দেশৰ মাজৰ প্ৰায় ৯৮ শতাংশ সীমান্ত ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে । গণ্ডক নদীৰ গতিপথ সলনি হোৱাৰ বাবে বাকী থকা কিছু অংশৰ সমাধানৰ বাবে দ্বিপাক্ষিক ব্যৱস্থাৰ অধীনত কাম চলি আছে । লগতে, ‘ন’ মেনছ লেণ্ড’ (No Man’s Land) বেদখল ৰোধ কৰিবলৈ যুটীয়া মেপিং কৰা হৈছে । এই ক্ষেত্ৰতো ভাৰতে স্পষ্ট কৰি দিছে যে ভাৰত-নেপালৰ এই দ্বিপাক্ষিক বিষয়ত কোনো তৃতীয় পক্ষৰ ভূমিকা গ্ৰহণ কৰা নহ’ব ।

ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতিৰ গুৰুত্বপূৰ্ণ ভাৰত ভ্ৰমণ-

ভাৰত আৰু ভেনিজুৱেলাৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ উদ্দেশ্যে দেশখনৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে অহা ৩ জুনৰ পৰা ৭ জুনলৈ ভাৰত ভ্ৰমণ কৰিব । তেওঁৰ সৈতে এক উচ্চস্তৰীয় মন্ত্ৰীৰ দলো ভাৰত পাবহি । এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ সৈতে শক্তি, বাণিজ্য, বিনিয়োগ, ফাৰ্মাচিউটিকেলচ, স্বাস্থ্য আৰু নৱীকৰণযোগ্য শক্তি খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে আলোচনা কৰা হ’ব ।

বহিষ্কাৰক লৈ ভাৰতৰ স্থিতি স্পষ্ট-

আমেৰিকাৰ পৰা ভাৰতীয় ট্ৰাক চালকসকলক বহিষ্কাৰ (Deport) কৰাৰ বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিদেশ মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে ভাৰত চৰকাৰে অবৈধ প্ৰব্ৰজনক কেতিয়াও সমৰ্থন নকৰে । ভাৰতে সদায় আইনী প্ৰব্ৰজনকহে উদগনি দিয়ে । আমেৰিকাৰ সৈতে এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা কৰা হৈছে আৰু তদন্তৰ অন্তত নাগৰিকত্ব প্ৰমাণিত হ’লে বহিষ্কৃত লোকসকলক ওভতাই অনাৰ প্ৰক্ৰিয়া আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰি কৰা হ’ব ।

লগতে পঢ়ক : মাউণ্ট ৰাছম’ৰত নিজৰ মুখমণ্ডল! ট্ৰুথ ছ’চিয়েলত ডিজিটেল ছবি শ্বেয়াৰ কৰি চৰ্চাত ড’নাল্ড ট্ৰাম্প