বিবাহৰ ৩ মাহৰ পিছত হনিমুনলৈ ৰশ্মিকা মণ্ডানা; শ্বেয়াৰ কৰিলে ব্যক্তিগত মুহূৰ্ত

বিবাহৰ ৩ মাহৰ পিছত হনিমুনলৈ ৰশ্মিকা মণ্ডানা; শ্বেয়াৰ কৰিলে ব্যক্তিগত মুহূৰ্ত

২০২৬ চনত বিজয় দেৱৰকোণ্ডা আৰু ৰশ্মিকা মণ্ডানাৰ বিয়াখন বছৰৰ আটাইতকৈ ডাঙৰ বিয়াৰ ভিতৰত গণ্য কৰা হয়। নৱবিবাহিত দম্পতী ৰশ্মিকা মণ্ডানা আৰু বিজয় দেৱৰকোণ্ডাই বিবাহৰ পিছত ইজনে সিজনৰ সৈতে এক সপোনৰ জীৱন কটাইছে।বৰ্তমান ৰশ্মিকা আৰু বিজয়ে নিজৰ ব্যস্ত সময়সূচীৰ মাজৰ পৰা সময় উলিয়াই ছুটি কটাইছে। ৰশ্মিকাই

২০২৬ চনত বিজয় দেৱৰকোণ্ডা আৰু ৰশ্মিকা মণ্ডানাৰ বিয়াখন বছৰৰ আটাইতকৈ ডাঙৰ বিয়াৰ ভিতৰত গণ্য কৰা হয়।

নৱবিবাহিত দম্পতী ৰশ্মিকা মণ্ডানা আৰু বিজয় দেৱৰকোণ্ডাই বিবাহৰ পিছত ইজনে সিজনৰ সৈতে এক সপোনৰ জীৱন কটাইছে।বৰ্তমান ৰশ্মিকা আৰু বিজয়ে নিজৰ ব্যস্ত সময়সূচীৰ মাজৰ পৰা সময় উলিয়াই ছুটি কটাইছে।

ৰশ্মিকাই স্বামী বিজয় দেৱৰকোণ্ডাৰ সৈতে জাপানত কিছু ব্যক্তিগত সময় অতিবাহিত কৰি আছে। অভিনেত্ৰীগৰাকীয়ে এতিয়া তেওঁলোকৰ ভ্ৰমণৰ কেইবাখনো ছবি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

এখন ছবিত ৰশ্মিকাক জাপানৰ ধুনীয়া লোকেচনৰ মাজত স্বামী বিজয় দেৱৰকোণ্ডাৰ সৈতে ৰোমাণ্টিক হোৱা দেখা গৈছে। স্বামীৰ বাহুবন্ধনত তেওঁক অতি সুখী দেখা গৈছে। ৰশ্মিকাই নিজৰ কেইবাখনো অকলশৰীয়া ফটোও শ্বেয়াৰ কৰিছে।

তেওঁ জাপানৰ সুস্বাদু খাদ্য উপভোগ কৰা দেখা গৈছে, তেন্তে ক’ৰবাত তেওঁক ধেমেলীয়া মেজাজত দেখা গৈছে।এই ভ্ৰমণৰ ছবিবোৰত ৰশ্মিকাৰ মুখৰ হাঁহিয়ে তেওঁৰ সুখৰ উমান দিছে। ইয়াৰ পৰা স্পষ্টকৈ বুজিব পৰা গৈছে যে ৰশ্মিকা আৰু বিজয়ে ইজনে সিজনৰ সৈতে কিমান সুন্দৰ সময় কটাইছে।ৰশ্মিকাই স্বামী বিজয়ৰ ছবিও শ্বেয়াৰ কৰিছে।

বিজয়ক জাপানৰ ৰাজপথত খোজ কাঢ়ি থকা দেখা গৈছে। এই সময়ছোৱাত তেওঁৰ মৰমৰ পত্নী ৰশ্মিকাই তেওঁক নিজৰ কেমেৰাত বন্দী কৰে।

ৰশ্মিকাৰ এই ছবিবোৰত অনুৰাগীসকলে মৰম উজাৰি দিছে। অনুৰাগীসকলে দুয়োকে সদায় এইদৰেই একেলগে সুখী হৈ থাকিবলৈ আশীৰ্বাদ আৰু প্ৰাৰ্থনা জনাইছে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ডেটিং কৰাৰ পিছত ৰশ্মিকা আৰু বিজয়ে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত বিবাহপাশত আৱদ্ধ হয়। দুয়োৰে বিবাহ পৰম্পৰাগত ৰীতি-নীতিৰে সম্পন্ন হৈছিল, যাৰ উদযাপন কেইবাদিনো ধৰি চলিছিল।

লগতে পঢ়ক: ‘ওজন আৰু বয়সৰ দ্বাৰা বিচাৰ নকৰিব’; ঐশ্বৰ্য ৰায়ক ট্ৰলিঙক লৈ মাধুৰী দীক্ষিতৰ তীব্ৰ সমালোচনা