বিবাহৰ ৩ মাহৰ পিছত হনিমুনলৈ ৰশ্মিকা মণ্ডানা; শ্বেয়াৰ কৰিলে ব্যক্তিগত মুহূৰ্ত

২০২৬ চনত বিজয় দেৱৰকোণ্ডা আৰু ৰশ্মিকা মণ্ডানাৰ বিয়াখন বছৰৰ আটাইতকৈ ডাঙৰ বিয়াৰ ভিতৰত গণ্য কৰা হয়।

নৱবিবাহিত দম্পতী ৰশ্মিকা মণ্ডানা আৰু বিজয় দেৱৰকোণ্ডাই বিবাহৰ পিছত ইজনে সিজনৰ সৈতে এক সপোনৰ জীৱন কটাইছে।বৰ্তমান ৰশ্মিকা আৰু বিজয়ে নিজৰ ব্যস্ত সময়সূচীৰ মাজৰ পৰা সময় উলিয়াই ছুটি কটাইছে।

ৰশ্মিকাই স্বামী বিজয় দেৱৰকোণ্ডাৰ সৈতে জাপানত কিছু ব্যক্তিগত সময় অতিবাহিত কৰি আছে। অভিনেত্ৰীগৰাকীয়ে এতিয়া তেওঁলোকৰ ভ্ৰমণৰ কেইবাখনো ছবি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

এখন ছবিত ৰশ্মিকাক জাপানৰ ধুনীয়া লোকেচনৰ মাজত স্বামী বিজয় দেৱৰকোণ্ডাৰ সৈতে ৰোমাণ্টিক হোৱা দেখা গৈছে। স্বামীৰ বাহুবন্ধনত তেওঁক অতি সুখী দেখা গৈছে। ৰশ্মিকাই নিজৰ কেইবাখনো অকলশৰীয়া ফটোও শ্বেয়াৰ কৰিছে।

তেওঁ জাপানৰ সুস্বাদু খাদ্য উপভোগ কৰা দেখা গৈছে, তেন্তে ক’ৰবাত তেওঁক ধেমেলীয়া মেজাজত দেখা গৈছে।এই ভ্ৰমণৰ ছবিবোৰত ৰশ্মিকাৰ মুখৰ হাঁহিয়ে তেওঁৰ সুখৰ উমান দিছে। ইয়াৰ পৰা স্পষ্টকৈ বুজিব পৰা গৈছে যে ৰশ্মিকা আৰু বিজয়ে ইজনে সিজনৰ সৈতে কিমান সুন্দৰ সময় কটাইছে।ৰশ্মিকাই স্বামী বিজয়ৰ ছবিও শ্বেয়াৰ কৰিছে।

বিজয়ক জাপানৰ ৰাজপথত খোজ কাঢ়ি থকা দেখা গৈছে। এই সময়ছোৱাত তেওঁৰ মৰমৰ পত্নী ৰশ্মিকাই তেওঁক নিজৰ কেমেৰাত বন্দী কৰে।

ৰশ্মিকাৰ এই ছবিবোৰত অনুৰাগীসকলে মৰম উজাৰি দিছে। অনুৰাগীসকলে দুয়োকে সদায় এইদৰেই একেলগে সুখী হৈ থাকিবলৈ আশীৰ্বাদ আৰু প্ৰাৰ্থনা জনাইছে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ডেটিং কৰাৰ পিছত ৰশ্মিকা আৰু বিজয়ে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত বিবাহপাশত আৱদ্ধ হয়। দুয়োৰে বিবাহ পৰম্পৰাগত ৰীতি-নীতিৰে সম্পন্ন হৈছিল, যাৰ উদযাপন কেইবাদিনো ধৰি চলিছিল।

লগতে পঢ়ক: ‘ওজন আৰু বয়সৰ দ্বাৰা বিচাৰ নকৰিব’; ঐশ্বৰ্য ৰায়ক ট্ৰলিঙক লৈ মাধুৰী দীক্ষিতৰ তীব্ৰ সমালোচনা

‘এয়া মোৰ স্বামী বিজয় ’; ৰশ্মিকা মাণ্ডানাই শ্বেয়াৰ কৰিলে বিয়াৰ প্ৰথমখন ফটো

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বিবাহ পাশত আৱদ্ধ হ’ল ৰশ্মিকা মাণ্ডানা আৰু বিজয় দেৱৰকোণ্ডা। বিবাহৰ প্ৰথম ফটো শ্বেয়াৰ কৰি ৰশ্মিকাই লিখিলে বিশেষ কেপচন।

চাউথ ইণ্ডাষ্ট্ৰীৰ হিট দম্পতী বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মাণ্ডান্নাৰ বিবাহ সম্পন্ন হয়।উদয়পুৰৰ এখন বিলাসী ৰিজ’ৰ্টত ২৬ ফেব্ৰুৱাৰীত দুয়োৱে বিবাহপাশত আবদ্ধ হয়।

বিজয়ৰ সংস্কৃতিক মনত ৰাখি তেলেগু ৰীতি-নীতি অনুসৰি দিনৰভাগত বিয়াখন অনুষ্ঠিত কৰা হয়। আৰু সন্ধিয়া ৰশ্মিকাই কোদাৱ ৰীতি-নীতি অনুসৰি বিবাহ পাশত আৱদ্ধ হ’ব।আৰু অনুৰাগীৰ অপেক্ষাৰ অন্ত পেলাই বিয়াৰ প্ৰথম ফটো শ্বেয়াৰ কৰাৰ লগতে মৰমলগা কেপচনো লিখিছে।

অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত দম্পতীহালক বিয়াৰ বাবে অভিনন্দন জনাইছে। ৰশ্মিকাই দিনৰ ভাগত এখন ধুনীয়া সোণালী আৰু ৰঙা ৰঙৰ শাৰী পৰিধান কৰাৰ লগতে সোণৰ গহনাও পিন্ধিছিল।

ৰশ্মিকাই নিজৰ বেষ্ট ফ্ৰেণ্ড বিজয়ক মিষ্টাৰ হাজবেণ্ড বুলি উল্লেখ কৰি নিজৰ প্ৰেম প্ৰকাশ কৰে।পোষ্টটোত অভিনেত্ৰীগৰাকীয়ে নিজৰ অনুভৱ প্ৰকাশ কৰি লিখিছে-এতিয়া আপোনালোক সকলোকে চিনাকি কৰাই দিওঁ -মোৰ স্বামী বিজয় দেৱেৰাকোণ্ডা ।

‘মোক প্ৰকৃত প্ৰেমৰ অনুভৱ কেনেকুৱা হয়, সেইজন ব্যক্তিয়ে শিকাইছিল। সেইজন ব্যক্তিয়ে মোক শিকাইছিল যে শান্তিৰে কেনেকৈ থাকিব পাৰে। যিজন ব্যক্তিয়ে মোক প্ৰতিদিনে কৈছিল যে ডাঙৰ সপোন দেখাটো দৰকাৰ, আৰু তেওঁ মোক সদায় আশ্বাস দি থাকিল যে মই ইয়াতকৈ বহু বেছি সাধন কৰিব পাৰিম,যিমান মই কল্পনাও কৰা নাছিলো।  

‘সেইজন ব্যক্তি যিজনে মোক কেতিয়াও এইটো কথাৰ বাবে বাধা দিয়া নাছিল যে মই এনেদৰে নৃত্য কৰো, যেন কোনেও মোক চোৱা নাই।যিজনে মোক শিকাইছিল যে বন্ধুৰ লগত আড্ডা দিয়াটোৱেই পৃথিৱীৰ আটাইতকৈ ভাল কাম। সঁচা কথা ক’বলৈ গ’লে এই মানুহজনৰ ওপৰত গোটেই কিতাপ এখন লিখিব পাৰিম৷আজি মই যি হয়, যিধৰনৰ মহিলা হ’বলৈ সদায় সপোন দেখিছিলো -মই সেইটো হৈ পৰিলোঁ কাৰণ আপুনি মোক সেইটো হোৱাত সমৰ্থন কৰিছিল।মই সঁচাকৈয়ে ধন্য।’

‘বিজ্জু, তোমাৰ প্ৰতি মোৰ যি অনুভৱ হয় তাক প্ৰকাশ কৰিবলৈ মোৰ সদায় শব্দৰ অভাৱ হয় -এই কথা মই তোমাক সদায় কৈ আহিছো।কিন্তু এতিয়া হঠাতে মোৰ সকলো সফলতা, সংগ্ৰাম, সুখ, দুখ, জীৱন – সকলোবোৰেই অধিক গুৰুত্বপূৰ্ণ হ’বলৈ আৰম্ভ কৰিছে…কাৰণ তুমি মোৰ লগত আছা – প্ৰতিটো মুহূৰ্তৰ সাক্ষী, প্ৰতিটোৰে আটাইতকৈ ডাঙৰ অংশ।মই তোমাৰ পত্নী হ’বৰ কাৰণে,তোমাৰ পত্নী বুলি কোৱাৰ বাবে মই অত্যন্ত, অত্যন্ত, অত্যন্ত উৎসাহিত হৈছো।এতিয়া সম্পূৰ্ণ উদযাপনৰ সময়।আমাৰ জীৱনৰ আটাইতকৈ সুন্দৰ কাহিনীটো একেলগে লিখোঁ আহা।মই তোমাক বহুত ভাল পাওঁ।’

লগতে পঢ়ক: ১ টা নহয় ২টা পৰম্পৰাৰে অনুষ্ঠিত হ’ব ৰশ্মিকা-বিজয়ৰ ৰাজকীয় বিবাহ; প্ৰধানমন্ত্ৰী মোদীয়ে দিলে শুভকামনা

বিজয় দেৱৰকোণ্ডা আৰু ৰশ্মিকা মাণ্ডন্নাই গোপনে সম্পন্ন কৰিলে বাগদান!

বিজয় দেৱৰকোণ্ডা আৰু ৰশ্মিকা মাণ্ডন্নাই গোপনে সম্পন্ন কৰিলে বাগদান!

দক্ষিণৰ তাৰকা বিজয় দেৱৰকোণ্ডা আৰু অভিনেত্ৰী ৰশ্মিকা মাণ্ডানাই অনুৰাগী সকলক এটা ভাল খবৰ দিছে। যিটো খবৰৰ বাবে তেওঁলোকৰ অনুৰাগী সকলে দীৰ্ঘ সময়ধৰি অপেক্ষা কৰি আছিল। জানিব পৰা মতে বিজয় আৰু ৰশ্মিকাই বন্ধু আৰু পৰিয়ালৰ উপস্থিতিত ইজনে সিজনক আঙুঠি পিন্ধাই।

অৱশ্যে বিজয় আৰু ৰশ্মিকাই তেওঁলোকৰ এই এংগেজমেন্টক লৈ এতিয়া লৈকে  আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই।

৩ অক্টোবৰৰ দিনা বিজয় দেৱৰকোণ্ডাৰ বাসগৃহত দুয়োৰে বাগদান সম্পন্ন হয়। এই অনুষ্ঠানত কেৱল তেওঁলোকৰ বন্ধু-বান্ধৱী আৰু পৰিয়াল লোকসকল হে উপস্থিত আছিল।

জানিব পৰা মতে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত দুয়ো বিবাহপাশত আৱদ্ধ হ’ব।দুয়োৱে ডেষ্টিনেশন ওয়েডিঙৰ বাবে ইতিমধ্যে লোকেশনো ফাইনেল কৰিছে। দুয়োৰে এই খবৰ জানিব পাৰি এতিয়া আনন্দিত হৈছে।

লগতে পঢ়ক: আৰম্ভণিৰ দিনটোতে ইতিহাস সৃষ্টি কান্তাৰা ১ ৰ; ২০২৫ চনৰ দ্বিতীয় বৃহত্তম অ’পেনাৰ হিচাপে পৰিগণিত   

‘কিংডম’ৰ ধামাকা এন্ট্ৰি; প্ৰথম দিনাই বক্স অফিচত উপাৰ্জন…

‘কিংডম’ৰ ধামাকা এন্ট্ৰি

বহু অপেক্ষাৰ অন্তত অৱশেষত ৩১ জুলাইত ছবিগৃহত মুক্তি পালে বিজয় দেৱৰকোণ্ডাৰ হাই অক্টেন একচন ছবি ‘কিংডম’ আৰু সকলো দৰ্শকেই ছবিখন ভাল পাইছে।

ইয়াৰ উপৰিও অভিনয়ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে ভাগ্যশ্ৰী বৰ্চে।এই তেলেগু চোৰাংচোৱা একচন থ্ৰিলাৰ ছবিখন পৰিচালনা কৰিছে গৌতম তিন্নানুৰীয়ে আৰু প্ৰযোজক সীতাৰা এণ্টাৰটেইনমেণ্টছৰ।

এতিয়া ছবিখনৰ মুক্তিৰ প্ৰথম দিনাই ভাৰতত বক্স অফিচ সংগ্ৰহৰ প্ৰতিবেদনও ওলাইছে, যিয়ে প্ৰথম দিনাই আশা কৰাতকৈ অধিক উপাৰ্জন কৰি আলোড়নৰ সৃষ্টি কৰিছে।

ছবিখনে প্ৰথম দিনটোত ১৫.৫০ কোটি টকা উপাৰ্জন হয়।এই চিনেমাখনৰ বাবে তেলেগু দৰ্শকৰ মাজত আটাইতকৈ বেছি উন্মাদনা দেখা গৈছে।

আচৰিত কথাটো হ’ল ‘কিংডম’ৰ প্ৰথম দিনৰ সংকলনটো বিজয় দেৱৰকোণ্ডাৰ পূৰ্বৰ মুক্তি ‘দ্য ফেমিলি ষ্টাৰ’তকৈও অধিক।

যিয়ে প্ৰথম দিনা উপাৰ্জন কৰিছিল মাত্ৰ ৫.৭৫ কোটি টকা।ধনুষ আৰু কমল হাছানৰ ছবিৰ প্ৰথম দিনাৰ উপাৰ্জন অতিক্ৰম কৰিলে ‘কিংডম’এ।

ৰাষ্ট্ৰীয় বঁটা বিজয়ী গৌতম তিন্নানুৰীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত এজন বিপজ্জনক গেংষ্টাৰৰ কাহিনী যিয়ে ক্ষমতা আৰু দুজন ভাতৃৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

হিন্দী সংস্কৰণৰ বাবে ৰণবীৰ কাপুৰে নিজৰ কণ্ঠ দিয়াৰ বিপৰীতে জুনিয়ৰ এনটিআৰে তেলেগু সংস্কৰণৰ বাবে আৰু সূৰ্য্যই তামিল সংস্কৰণৰ বাবে নিজৰ শক্তিশালী কণ্ঠ দিছে।

লগতে পঢ়ক: লণ্ডনৰ বিমানবন্দৰৰ পৰা চুৰি হ’ল উৰ্বশী ৰাউটেলাৰ গহনা ভৰ্তি বেগ

ডেংগুত আক্ৰান্ত বিজয় দেৱৰকোণ্ডা; হাস্পতালত ভৰ্তি

ডেংগুত আক্ৰান্ত বিজয় দেৱৰকোণ্ডা

লাখ লাখ অনুৰাগীৰ হৃদয়ত বাস কৰা অভিনেতা বিজয় দেৱৰকোণ্ডাক লৈ এটা খবৰ পোহৰলৈ আহিছে। জানিব পৰা মতে বিজয় ডেংগুত আক্ৰান্ত হৈছে, যাৰ কাৰণে অভিনেতা গৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

তেওঁৰ লগত গোটেই পৰিয়ালটোও হাস্পতালত উপস্থিত আছে। চিকিৎসকেও অভিনেতাগৰাকীৰ যথেষ্ট যত্ন লৈছে।চিকিৎসকে জনোৱা মতে অতি সোনকালেই বিজয় দেৱৰকোণ্ডা সুস্থ হৈ ঘৰলৈ যাব পাৰিব।

অভিনেতা গৰাকীৰ ডেংগু হোৱা খবৰটো অহাৰ পিছত এতিয়া অনুৰাগী সকল তেওঁৰ বাবে চিন্তিত হৈছে। সকলোৱে অভিনেতাগৰাকীৰ আশু-আৰোগ্য কামনা কৰিছে।

অভিনেতা গৰাকীৰ খবৰটো সেই সময়ত আহিছে যেতিয়া বিজয় নিজৰ আগন্তুক ছবি ‘কিংডম’ত ব্যস্ত হৈ আছিল।অহা ৩১ জুলাইত ছবিগৃহত মুক্তি পোৱাৰ কথা আছে ‘কিংডম’।

বিজয়ৰ অনুৰাগীসকলে এই ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।‘কিংডম’ এখন স্পাই এক্সন ড্ৰামা ফিল্ম হয়, যিখন গৌতম তিন্নানুৰিয়ে পৰিচালনা কৰিছে।

লগতে পঢ়ক: পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা; কন্যা সন্তানক জনালে আদৰণি

পিছুৱাই দিয়া হ’ল বিজয় দেৱৰকোণ্ডাৰ ‘কিংডম’ৰ মুক্তিৰ তাৰিখ; দৰ্শকলৈ বিশেষ পোষ্ট

দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় দেৱৰকোণ্ডাৰ বহু প্ৰত্যাশিত ছবি ‘কিংডম’ৰ বাবে দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছিল।

অৱশ্যে এতিয়া তেওঁলোকে অলপ বেছি সময় অপেক্ষা কৰিব লাগিব, কাৰণ ছবিখনৰ মুক্তিৰ তাৰিখ আকৌ এবাৰ সলনি কৰা হৈছে।

বিজয়ৰ দলে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই খবৰ নিশ্চিত কৰাৰ লগতে নতুন মুক্তিৰ তাৰিখো ঘোষণা কৰিছে।

‘কিংডম’ এখন গ্ৰেণ্ড পিৰিয়ড একচন ড্ৰামা, য’ত বিজয়ক শক্তিশালী চৰিত্ৰত দেখা যাব।ইতিমধ্যে ছবিখনৰ টিজাৰ মুকলি হৈছে। জুনিয়ৰ এন টি আৰ, ৰণবীৰ কাপুৰ আৰু সূৰ্য্যই ক্ৰমে তেলেগু, হিন্দী আৰু তামিল সংস্কৰণত ডাবিং আগবঢ়াইছে।

পূৰ্বতে এই ছবিখন চলিত মাহৰ ৩০, তাৰিখে চিনেমাগৃহত মুক্তি পোৱাৰ কথা আছিল, কিন্তু এতিয়া নিৰ্মাতাসকলে মুক্তিৰ তাৰিখ ৪ জুলাইলৈ পিছুৱাই দিছে।

এই পলমৰ মূল কাৰণ পোষ্ট প্ৰডাকচনৰ দীঘলীয়া সময় আৰু অনিৰুদ্ধ ৰবিচন্দৰে দিয়া বেকগ্ৰাউণ্ড স্ক’ৰ সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিছে।দলটোৰ বিশ্বাস যে অলপ বেছি সময় দিলে ছবিখনক উন্নত স্তৰত উপস্থাপন কৰিব পৰা যাব।