১ টা নহয় ২টা পৰম্পৰাৰে অনুষ্ঠিত হ'ব ৰশ্মিকা-বিজয়ৰ ৰাজকীয় বিবাহ; প্ৰধানমন্ত্ৰী মোদীয়ে দিলে শুভকামনা

১ টা নহয় ২টা পৰম্পৰাৰে অনুষ্ঠিত হ’ব ৰশ্মিকা-বিজয়ৰ ৰাজকীয় বিবাহ; প্ৰধানমন্ত্ৰী মোদীয়ে দিলে শুভকামনা

বিজয় দেৱৰকোণ্ডা আৰু ৰশ্মিকা মাণ্ডন্নাৰ ৰাজকীয় বিবাহ উদযাপনৰ পূৰ্ণ গতিত চলি আছে।২৬ ফেব্ৰুৱাৰীত দুয়োৱে এক নতুন জীৱনৰ আৰম্ভণি কৰিব। দক্ষিণ আৰু বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মণ্ডান্না আৰু বিজয় দেৱৰকোণ্ডা এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰি আছে।২৬ ফেব্ৰুৱাৰীত ৰশ্মিকা আৰু বিজয়ে বিবাহ পাশত আৱদ্ধ হ’ব। দুয়োৰে বিবাহক

বিজয় দেৱৰকোণ্ডা আৰু ৰশ্মিকা মাণ্ডন্নাৰ ৰাজকীয় বিবাহ উদযাপনৰ পূৰ্ণ গতিত চলি আছে।২৬ ফেব্ৰুৱাৰীত দুয়োৱে এক নতুন জীৱনৰ আৰম্ভণি কৰিব।

দক্ষিণ আৰু বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মণ্ডান্না আৰু বিজয় দেৱৰকোণ্ডা এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰি আছে।২৬ ফেব্ৰুৱাৰীত ৰশ্মিকা আৰু বিজয়ে বিবাহ পাশত আৱদ্ধ হ’ব।

দুয়োৰে বিবাহক লৈ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে।উদয়পুৰত ৰাজকীয় শৈলীত অনুষ্ঠিত হ’ব এই বিয়া।এই বিবাহত কেৱল দম্পতীহালৰ পৰিয়াল আৰু ঘনিষ্ঠ আত্মীয়ইহে উপস্থিত থাকিব।

জানিব পৰা মতে, ৰশ্মিকা মণ্ডান্না আৰু বিজয় দেৱৰকোণ্ডাই নিজৰ সংস্কৃতিক সন্মান জনাই দুটা বেলেগ পৰম্পৰাৰে বিবাহৰ সিদ্ধান্ত লৈছে।দিনৰ ভাগত বিজয়ৰ পৰিয়ালৰ মৰ্মে তেলেগু পৰম্পৰা অনুসৰি আনহাতে সন্ধিয়া ৰশ্মিকাৰ পৰিয়ালৰ অনুযায়ী কোদৱ ৰীতি-নীতিৰে বিবাহ সম্পন্ন কৰা হ’ব।

খবৰ পোৱা গৈছে যে বিয়াৰ প্ৰথম অনুষ্ঠান বিজয় দেৱৰকোণ্ডাৰ পৰম্পৰাগত তেলেগু হিন্দু ৰীতি-নীতি অনুসৰি হ’ব।এই অনুষ্ঠানসমূহ ২৬ ফেব্ৰুৱাৰীৰ পুৱা অনুষ্ঠিত হ’ব।

ইফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰশ্মিকা মণ্ডান্না আৰু বিজয় দেৱেৰাকোণ্ডালৈ বহু অভিনন্দন জ্ঞাপন কৰিছে।ৰশ্মিকা আৰু বিজয়ে বিবাহৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীক নিমন্ত্ৰণ জনাইছিল।

সেই নিমন্ত্ৰণ মৰ্মে এখন পত্ৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুয়োলৈ অভিনন্দন জ্ঞাপন কৰিছে। পত্ৰখনত তেওঁ লিখিছে যে,’২০২৬ চনৰ ২৬ ফেব্ৰুৱাৰীত বিজয় আৰু ৰশ্মিকাৰ বিয়াৰ নিমন্ত্ৰণ পাই যথেষ্ট সুখী’।

‘এই সুখৰ মূহুৰ্তত দুয়োটা পৰিয়াললৈ আন্তৰিক অভিনন্দন।সাত ফেৰে লৈ দুয়োজনে আজীৱন এক হৈ পৰিব।দুয়োজনে ছবিৰ চিত্ৰনাট্য ভালদৰে বুজি পায়।কিন্তু প্ৰকৃত জীৱনত এই ঐশ্বৰিক চিত্ৰনাট্য মৰম আৰু চেনেহেৰে ভৰি পৰিব আৰু পৰ্দাত দেখুওৱা যাদুতকৈও ই সুন্দৰ হ’ব।’

প্ৰধানমন্ত্ৰী গৰাকীয়ে দুয়োকে আশীৰ্বাদ দি কয় যে, ‘আগন্তুক দিন, মাহ আৰু বছৰবোৰ ভাগ-বতৰা কৰা সপোন আৰু তাৰ পূৰ্ণতাৰে ভৰা হওক।চিন্তাশীল আৰু মৰমেৰে দায়িত্ব ভাগ-বতৰা কৰক, ইজনে সিজনৰ দুৰ্বলতা গ্ৰহণ কৰক, শক্তিৰ পৰা শিকিব আৰু জীৱনৰ প্ৰকৃত অংশীদাৰ হিচাপে একেলগে খোজ দিয়ক।

লগতে পঢ়ক: প্ৰথম ভাৰতীয় চলচ্চিত্ৰ ‘বুং’লৈ BAFTA বঁটা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনালে অভিনন্দন