কৰ্ণাটকত আৰম্ভ ডি কে শিৱকুমাৰ যুগ, সৰ্বসন্মতিক্ৰমে কংগ্ৰেছ বিধায়িনী দলৰ নেতা নিৰ্বাচিত

কৰ্ণাটকত আৰম্ভ ডি কে শিৱকুমাৰ যুগ, সৰ্বসন্মতিক্ৰমে কংগ্ৰেছ বিধায়িনী দলৰ নেতা নিৰ্বাচিত

শনিবাৰে বিধান সৌধত অনুষ্ঠিত এক বিশেষ বৈঠকত কৰ্ণাটক কংগ্ৰেছ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক নতুন নেতা হিচাপে নিৰ্বাচিত কৰিছে কৰ্ণাটকৰ ৰাজনৈতিক পটভূমিত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছে । ৰাজ্যখনত চৰকাৰ গঠনৰ প্ৰক্ৰিয়া দ্ৰুততৰ কৰি শনিবাৰে বিধান সৌধত অনুষ্ঠিত এক বিশেষ বৈঠকত কৰ্ণাটক কংগ্ৰেছ

শনিবাৰে বিধান সৌধত অনুষ্ঠিত এক বিশেষ বৈঠকত কৰ্ণাটক কংগ্ৰেছ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক নতুন নেতা হিচাপে নিৰ্বাচিত কৰিছে

কৰ্ণাটকৰ ৰাজনৈতিক পটভূমিত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছে । ৰাজ্যখনত চৰকাৰ গঠনৰ প্ৰক্ৰিয়া দ্ৰুততৰ কৰি শনিবাৰে বিধান সৌধত অনুষ্ঠিত এক বিশেষ বৈঠকত কৰ্ণাটক কংগ্ৰেছ বিধায়িনী দলে (CLP) সৰ্বসন্মতিক্ৰমে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক নতুন নেতা হিচাপে নিৰ্বাচিত কৰিছে ।

বৈঠকখনত বিদায়ী মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই ডি কে শিৱকুমাৰৰ নাম প্ৰস্তাৱ কৰে । এই প্ৰস্তাৱত দলৰ জ্যেষ্ঠ নেতা ড০ জি পৰমেশ্বৰে সমৰ্থন আগবঢ়ায়, যাৰ পাছতে উপস্থিত সকলো বিধায়কে সৰ্বসন্মতিক্ৰমে ইয়াক অনুমোদন জনায় । এই নিৰ্বাচনৰ পাছতে এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে আনুষ্ঠানিকভাৱে শিৱকুমাৰক নতুন বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে । তেওঁ ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ।

শপত গ্ৰহণৰ দিনৰ সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ডি কে শিৱকুমাৰে নিশ্চিত কৰে যে অহা ৩ জুনত তেওঁৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব ।

উল্লেখ্য যে, দলৰ হাই কমাণ্ডৰ পৰামৰ্শ মৰ্মে ২৮ মে’ত সিদ্ধাৰামাইয়াই স্বেচ্ছাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল । কৰ্ণাটকৰ বৰ্তমানৰ কংগ্ৰেছ চৰকাৰখনে ইতিমধ্যে নিজৰ কাৰ্যকালৰ তিনিটা বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে । নতুন চৰকাৰ গঠনৰ পথ প্ৰশস্ত হোৱাৰ লগে লগে এতিয়া দলটোৱে মন্ত্ৰীসভাৰ গঠন আৰু ইয়াৰ প্ৰস্তুতিৰ সন্দৰ্ভত ব্যাপক আলোচনা চলাই থকা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : কৰ্ণাটকত ‘শিৱকুমাৰৰ’ নামত আজি লাগিব মোহৰ; ৩ জুনত শপত গ্ৰহণৰ সম্ভাৱনা

শেহতীয়া প্ৰৱন্ধসমূহ