ট্ৰাম্পে হৰমুজ প্ৰণালীত নৌসেনাৰ অৱৰোধ সম্পূৰ্ণৰূপে উঠাই লোৱাৰ সন্দৰ্ভত এক বৃহৎ ঘোষণা কৰিছে,ইয়াৰ পিছতে তাত দীৰ্ঘদিন ধৰি নিয়োজিত হৈ থকা আমেৰিকান সৈন্য এতিয়া ঘৰলৈ উভতি গৈছে।
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা প্ৰক্ৰিয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক ডাঙৰ ঘোষণা কৰিছে। তেওঁ হৰমুজ প্ৰণালীৰ সামুদ্ৰিক পথৰ পৰা নৌসেনাৰ অৱৰোধ সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে।। ট্ৰাম্পে এক সুখবৰ দি কয় যে অৱৰোধ সমাপ্ত হোৱাৰ পিছত এতিয়া আমেৰিকান সেনাসকল ঘৰলৈ উভতি আহিব, অৰ্থাৎ ভৱিষ্যতে তাত আৰু কোনো অৱৰোধ জাৰী ৰখাৰ পৰিকল্পনা আমেৰিকাৰ নাই। অৱশ্যে, এই সকাহৰ লগতে ট্ৰাম্পে ইৰাণৰ সন্মুখত কিছু কঠোৰ চৰ্তও ৰাখিছে, যিবোৰ তেওঁলোকে মানি চলাটো বাধ্যতামূলক। এই সিদ্ধান্তৰ পিছত এতিয়া সাগৰত আৱদ্ধ হৈ থকা তেলৰ টেংকাৰসমূহ সুকলমে পাৰ হ’ব পাৰিব।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশ্ব বজাৰৰ বাবে সকাহ কঢ়িওৱা এই খবৰটো প্ৰকাশ কৰিছে। ট্ৰাম্পে কয় যে আমেৰিকান সেনাই হৰমুজ প্ৰণালীত যি অতি কঠোৰ নৌসেনাৰ অৱৰোধ আৰোপ কৰা হৈছিল, সেয়া এতিয়া প্ৰত্যাহাৰ কৰা হৈছে। এই অৱৰোধৰ বাবে বিশ্বজুৰি কাৰ্গো জাহাজ আৰু তেলৰ বৃহৎ টেংকাৰসমূহ এই সামুদ্ৰিক পথত দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ আছিল। এতিয়া এই জাহাজসমূহে কোনো ভয় নোহোৱাকৈ নিৰাপদে নিজ নিজ দেশলৈ উভতি যাত্ৰা আৰম্ভ কৰিব পাৰিব।
ট্ৰাম্পৰ এই পদক্ষেপক বিশ্বৰ তেল বজাৰৰ বাবে এক বৃহৎ সকাহ হিচাপে গণ্য কৰা হৈছে, কাৰণ এই অৱৰোধৰ বাবে সমগ্ৰ বিশ্বত খাৰুৱা তেলৰ যোগানত বিৰূপ প্ৰভাৱ পৰিছিল। এই ঘোষণাৰ লগতে ট্ৰাম্পে ইৰাণক এক কঠোৰ বাৰ্তাও দিছে। ট্ৰাম্পে স্পষ্ট কৰি দিছে যে ইৰাণে বিশ্বৰ সন্মুখত এয়া নিশ্চিত কৰিব লাগিব যে তেওঁলোকে ভৱিষ্যতে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ বা কোনো নিউক্লিয়েৰ বোমা নিৰ্মাণ নকৰে। আমেৰিকাৰ বাবে ইৰাণৰ নিউক্লিয়েৰ কাৰ্যসূচী সদায় চিন্তাৰ বিষয় হৈ আহিছে। ট্ৰাম্পৰ মতে, মধ্য প্ৰাচ্যত স্থায়ী শান্তি তেতিয়াহে আহিব পাৰে যেতিয়া ইৰাণে তেওঁলোকৰ পাৰমাণৱিক পৰিকল্পনা চিৰদিনৰ বাবে ত্যাগ কৰিব।
ট্ৰাম্পে স্পষ্ট কৰি দিছে যে যদি ইৰাণে এই প্ৰতিশ্ৰুতিৰ পৰা বিচ্যুত হয় বা পুনৰ পাৰমাণৱিক সামগ্ৰী অস্ত্ৰ নিৰ্মাণৰ পৰ্যায়লৈ নিয়াৰ চেষ্টা কৰে, তেন্তে আমেৰিকাই পুনৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ চিন্তা নকৰিব। ইয়াৰ লগতে ডনাল্ড ট্ৰাম্পে হৰমুজৰ বাবে কিছুমান নিয়মও নিৰ্ধাৰণ কৰিছে। তেওঁ কয় যে এই সামুদ্ৰিক পথটো অতি সোনকালে উভয় দিশৰ পৰা সম্পূৰ্ণৰূপে মুকলি কৰি দিব লাগিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, এই পথৰে যোৱা যিকোনো দেশৰ জাহাজৰ পৰা কোনো অতিৰিক্ত কৰ বা ইচ্ছামতে মাচুল সংগ্ৰহ কৰিব নোৱাৰিব, অৰ্থাৎ বাণিজ্য সম্পূৰ্ণ মুক্ত আৰু সহজ হ’ব লাগিব।
ইয়াৰ উপৰিও, নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ট্ৰাম্পে আন এক গুৰুত্বপূৰ্ণ চৰ্ত ৰাখিছে। তেওঁ কয় যে এই সমগ্ৰ সামুদ্ৰিক পথত নিৰাপত্তাৰ খাতিৰত যিমানবোৰ বিপদজনক বাৰুদৰ সুৰংগ (mines) পুতি থোৱা হৈছে, সেই সকলোবোৰ অতি সোনকালে বিচাৰি উলিয়াই আঁতৰাব লাগিব বা সাগৰৰ তলতেই ধ্বংস কৰিব লাগিব, যাতে তেলৰ টেংকাৰবোৰ কোনো দুৰ্ঘটনাৰ ভয় নোহোৱাকৈ সুকলমে পাৰ হ’ব পাৰে।
লগতে পঢ়ক: “মই চৰ্তসমূহৰ সৈতে আজিয়েই চূড়ান্ত সিদ্ধান্ত ল’ম”; ট্ৰাম্পৰ বিস্ফোৰক মন্তব্য









