আই পি এলৰ পৰা বাহিৰ হৈ আৱেগিক ঋষভ পণ্ট; অনুৰাগীলৈ বিশেষ ভিডিঅ’ শ্বেয়াৰ

আই পি এলৰ পৰা বাহিৰ হৈ আৱেগিক ঋষভ পন্ত; অনুৰাগীলৈ বিশেষ ভিডিঅ’ শ্বেয়াৰ

ঋষভ পন্তৰ বাবে আই পি এল ২০২৬ অত্যন্ত হতাশাজনক বুলি প্ৰমাণিত হ’ল।আই পি এলৰ পৰা বাহিৰ হোৱাৰ পিছত ২৭ কোটি টকীয়া অধিনায়কগৰাকীয়ে অনুৰাগীৰ বাবে এটি ভিডিঅ’ শ্বেয়াৰ কৰিছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৯ সংখ্যক ছিজন ঋষভ পন্তৰ বাবে পাহৰিব নোৱাৰা ছিজন বুলি প্ৰমাণিত হ’ল ।ঋষভ পন্তে

ঋষভ পন্তৰ বাবে আই পি এল ২০২৬ অত্যন্ত হতাশাজনক বুলি প্ৰমাণিত হ’ল।আই পি এলৰ পৰা বাহিৰ হোৱাৰ পিছত ২৭ কোটি টকীয়া অধিনায়কগৰাকীয়ে অনুৰাগীৰ বাবে এটি ভিডিঅ’ শ্বেয়াৰ কৰিছে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৯ সংখ্যক ছিজন ঋষভ পন্তৰ বাবে পাহৰিব নোৱাৰা ছিজন বুলি প্ৰমাণিত হ’ল ।ঋষভ পন্তে না বেটেৰে দুৰ্দান্ত প্ৰদৰ্শন কৰিব পাৰিলে না  তেওঁৰ অধিনায়কত্ব সঠিক আছিল।লক্ষ্ণৌ চুপাৰ জায়েন্টছ (এল এছ জি)ৰ একেৰাহে পৰাজয়, দুৰ্বল অধিনায়কত্ব, ফ্লপ বেটিং, আৰু ক্ৰমবৰ্ধমান হেঁচাৰ মাজত এতিয়া ঋষভ পন্তৰ এটা আৱেগিক ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোৱে অনুৰাগীৰ মাজত চৰ্চা আৰু অধিক তীব্ৰতৰ হৈ পৰিছে।

২০২৬ চনৰ আই পি এলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ ১৪খন খেলৰ ভিতৰত মাত্ৰ ৪খন খেলত জয়লাভ কৰিবলৈ সক্ষম হৈছিল আৰু পইণ্ট তালিকাৰ তলত স্থান দখল কৰিছিল।যোৱা ছিজনত সপ্তম স্থান দখল কৰাৰ পিছত এইবাৰ দলটোৱে টেবুলৰ তললৈ নামি অহাটো ফ্ৰেঞ্চাইজিৰ বাবে এক ডাঙৰ আঘাত হিচাপে গণ্য কৰা হৈছে। ২০২৫ চনৰ মেগা নিলামৰ সময়ত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে পন্তক ২৭ কোটি টকাত ক্ৰয় কৰিছিল; ফলস্বৰূপে দলটোৱে তেওঁৰ পৰা বহু আশা কৰিছিল।

ছিজন সমাপ্ত হোৱাৰ পিছত অনুৰাগীসকলক আৱেগিকভাৱে সম্বোধন কৰি ঋষভ পন্তে কয়-“অশেষ ধন্যবাদ। এই ছিজনটো আমাৰ বাবে যথেষ্ট কঠিন হৈ পৰিছিল।আমি বহুত কষ্ট কৰিলোঁ। প্ৰতিটো পৰিস্থিতিৰ মাজেৰে দলটোক সহায় কৰাৰ বাবে ধন্যবাদ।আমি কামবেক কৰিম। দলটোৰ ওপৰত বিশ্বাস ৰাখক।” পন্তৰ এই ভিডিঅ’টো এতিয়া কম সময়ৰ ভিতৰতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

লগতে পঢ়ক: ভাৰতৰ নতুন স্প্ৰিণ্ট কিং!ভাৰতীয় নৌসেনা জোৱান গুৰিন্দৰৱীৰ সিঙৰ নতুন ইতিহাস

শেহতীয়া প্ৰৱন্ধসমূহ