কটকটীয়া নিৰাপত্তাৰ মাজত ফলতা বিধানসভা সমষ্টিৰ ভোটগণনা আৰম্ভ

কটকটীয়া নিৰাপত্তাৰ মাজত ফলতা বিধানসভা সমষ্টিৰ ভোটগণনা আৰম্ভ

শেহতীয়াকৈ অনুষ্ঠিত হোৱা ২০২৬ চনৰ পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ সময়ত ব্যাপক অনিয়মৰ খবৰ পোৱাৰ পিছতে নিৰ্বাচন আয়োগে ফলতাত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছিল পশ্চিম বংগৰ ১৪৪-ফলতা বিধানসভা সমষ্টিৰ পুনৰ ভোটগ্ৰহণৰ ভোটগণনা আজি দেওবাৰে পুৱাৰে পৰা ডায়মণ্ড হাৰ্বাৰ মহিলা বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে । ভোটগণনা কেন্দ্ৰটোৰ নিৰাপত্তা সুনিশ্চিত

শেহতীয়াকৈ অনুষ্ঠিত হোৱা ২০২৬ চনৰ পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ সময়ত ব্যাপক অনিয়মৰ খবৰ পোৱাৰ পিছতে নিৰ্বাচন আয়োগে ফলতাত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছিল

পশ্চিম বংগৰ ১৪৪-ফলতা বিধানসভা সমষ্টিৰ পুনৰ ভোটগ্ৰহণৰ ভোটগণনা আজি দেওবাৰে পুৱাৰে পৰা ডায়মণ্ড হাৰ্বাৰ মহিলা বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে । ভোটগণনা কেন্দ্ৰটোৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বাহিৰত বৃহৎ পৰিমাণৰ নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে ।

উল্লেখ্য যে, শেহতীয়াকৈ অনুষ্ঠিত হোৱা ২০২৬ চনৰ পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ সময়ত ব্যাপক অনিয়মৰ খবৰ পোৱাৰ পিছতে নিৰ্বাচন আয়োগে ফলতাত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছিল । মূল নিৰ্বাচন যোৱা ২৩ এপ্ৰিল আৰু ২৯ এপ্ৰিলত দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল । নিৰ্বাচন আয়োগৰ মতে, ২৯ এপ্ৰিলৰ ভোটদানৰ দিনা বৃহৎ সংখ্যক কেন্দ্ৰত গুৰুতৰ নিৰ্বাচনী অপৰাধ আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াক ভেঙুচালি কৰাৰ অভিযোগ উত্থাপন হৈছিল, যাৰ বাবে সমগ্ৰ ফলতা সমষ্টিতে নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হয় । ইয়াৰ উপৰি পশ্চিম মগৰাহাট আৰু ডায়মণ্ড হাৰ্বাৰ বিধানসভা সমষ্টিৰ ১৫ টা বুথতো পুনৰ ভোটগ্ৰহণ কৰা হয় ।

কটকটীয়া সুৰক্ষা বেষ্টনী-

ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে বিশ্ববিদ্যালয় প্ৰাংগণত থকা ষ্ট্ৰং ৰুমটো সম্পূৰ্ণ সুৰক্ষিত কৰি ৰখা হৈছিল । আজি পুৱাই নিৰ্বাচনী বিষয়াসকল কেন্দ্ৰত উপস্থিত হোৱাৰ লগে লগে সমগ্ৰ স্থানত এক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হয় । কৰ্তৃপক্ষই সমগ্ৰ প্ৰক্ৰিয়াটো যাতে সুচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন হয়, তাৰ বাবে তীব্ৰ নজৰদাৰী চলাইছে ।

যোৱা ২১ মে’ত তীব্ৰ নিৰাপত্তা আৰু প্ৰতিষ্ঠানিক তত্ত্বাৱধানত এই সমষ্টিটোত পুনৰ ভোটগ্ৰহণ সম্পন্ন হৈছিল । ভোটগ্ৰহণৰ দিনা বিয়লি ১ বজালৈকে সমষ্টিটোত আনুমানিক ৬০.৪৩ শতাংশ ভোটদান সাব্যস্ত হৈছিল ।

উল্লেখ্য যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ইতিমধ্যে ২০৭ খন আসন লাভ কৰি বিজেপিয়ে পশ্চিম বংগত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিছে আৰু শুভেন্দু অধিকাৰীয়ে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে । এতিয়া সকলোৰে চকু উপ-নিৰ্বাচন সদৃশ এই ফলতা সমষ্টিৰ ফলাফলৰ ওপৰত ।

লগতে পঢ়ক : ন-বিজেপি সাংসদ ৰাঘৱ চাদ্দাক ৰাজ্যসভাত বৃহৎ দায়িত্ব