ন-বিজেপি সাংসদ ৰাঘৱ চাদ্দাক ৰাজ্যসভাত বৃহৎ দায়িত্ব

ন-বিজেপি সাংসদ ৰাঘৱ চাদ্দাক ৰাজ্যসভাত বৃহৎ দায়িত্ব

ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দাক এক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে শেহতীয়াকৈ আম আদমী পাৰ্টী (AAP) ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দাক এক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে । ৰাঘৱ চাদ্দাক ৰাজ্যসভাৰ আবেদন সমিতিৰ অধ্যক্ষ হিচাপে

ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দাক এক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে

শেহতীয়াকৈ আম আদমী পাৰ্টী (AAP) ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দাক এক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে । ৰাঘৱ চাদ্দাক ৰাজ্যসভাৰ আবেদন সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । ৰাজ্যসভাৰ সভাপতি চি.পি. ৰাধাকৃষ্ণনে সমিতিখন পুনৰ গঠন কৰি এই সন্দৰ্ভত এক আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে ।

ৰাজ্যসভা সচিবালয়ৰ তৰফৰ পৰা জাৰি কৰা অধিসূচনাত উল্লেখ কৰা অনুসৰি, সভাপতিগৰাকীয়ে ২০ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ এই আবেদন সমিতিখন পুনৰ গঠন কৰিছে । পুনৰ গঠিত এই পেনেলত সদনৰ মুঠ ১০ গৰাকী সদস্যক মনোনীত কৰা হৈছে আৰু ৰাঘৱ চাড্ডাক ইয়াৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে ।

ৰাঘৱ চড্ডাৰ উপৰি এই আবেদন সমিতিত স্থান লাভ কৰা আন সদস্যসকল হৈছে:

  • হৰ্ষ মহাজন
  • গোলাম আলী
  • শম্ভূ চৰণ পেটেল
  • ময়ংককুমাৰ নায়ক
  • মস্তান ৰাও যাদৱ বিধা
  • জেবি মাথেৰ হিশাম
  • সুভাশীষ খুন্তিয়া
  • ৰ্বংগ্ৰা নাৰ্জাৰী
  • সন্তোষ কুমাৰ পি.

অইন সংসদীয় সমিতিতো নতুন নিযুক্তি :

আন এক অধিসূচনাত প্ৰকাশ পোৱা মতে, ৰাজ্যসভাৰ অধ্যক্ষই ২০ মে’ (২০২৬) তাৰিখে ৰাজ্যসভাৰ সদস্য ড০ মেনকা গুৰুস্বামীক ‘কৰ্পোৰেট আইন (সংশোধনী) বিধেয়ক, ২০২৬’ৰ ওপৰত গঠিত যৌথ সংসদীয় সমিতিত সদস্য হিচাপে মনোনীত কৰিছে । একেদৰে, লোকসভা সচিবালয়ৰ আন এক অধিসূচনা অনুসৰি লোকসভাৰ অধ্যক্ষই অৰবিন্দ গণপত সাৱন্তক ২১ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ উক্ত ‘কৰ্পোৰেট আইন (সংশোধনী) বিধেয়ক’ৰ যৌথ সমিতিলৈ মনোনীত কৰিছে ।

“ভুল দলত থকা এগৰাকী শুদ্ধ মানুহ”:

উল্লেখ্য যে, ৰাঘৱ চাদ্দাই আপৰ দুই-তৃতীয়াংশতকৈও অধিক ৰাজ্যসভাৰ সাংসদৰ সৈতে দল ত্যাগ কৰি বিজেপিত চামিল হৈছিল । তেওঁৰ সৈতে হৰভজন সিং, স্বাতী মালিৱাল, ৰাজেন্দ্ৰ গুপ্তা, সন্দীপ পাঠক, বিক্ৰমজিৎ সাহনী আৰু অশোক মিত্তলকে ধৰি কেইবাজনো শীৰ্ষ নেতাও বিজেপিলৈ আহে ।

দলত্যাগৰ সময়ত আপ-ৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি চড্ডাই কৈছিল, “বিগত কেইবছৰমানৰ পৰা মই অনুভৱ কৰি আছিলোঁ যে মই ভুল দলত থকা এগৰাকী শুদ্ধ মানুহ । সেয়ে আমি সংবিধানৰ নিয়ম অনুসৰণ কৰি বিজেপিত চামিল হোৱাৰ সিদ্ধান্ত ল’লোঁ ।” তেওঁ লগতে আক্ষেপেৰে কৈছিল যে যিখন আম আদমী পাৰ্টীক নিজৰ তেজ-ঘামেৰে গঢ়ি তুলি জীৱনৰ ১৫টা বছৰ দিলে, সেই দলটো এতিয়া নীতি-আদৰ্শৰ পৰা ফালৰি কাটি গৈছে । বৰ্তমান ‘আপ’ দলটোৱে দেশৰ স্বাৰ্থত নহয়, কেৱল নিজৰ ব্যক্তিগত লাভৰ বাবেহে কাম কৰি আছে বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ।

লগতে পঢ়ক : দিল্লীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ