তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপথী বিজয়ক বিৰাট কোহলীৰ বিশেষ উপহাৰ

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ক বিৰাট কোহলীৰ বিশেষ উপহাৰ

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ এখন ফটোৱে এতিয়া সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে। তামিল চিনেমাৰ ‘থালাপাথী’ৰ পৰা তামিলনাডুৰ ‘জননেতা’ হোৱা চি জোচেফ বিজয় বৰ্তমান চৰ্চাত আছে।তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ লগে লগে তেওঁ সকলো ফালৰ পৰা অভিনন্দন আৰু উপহাৰ লাভ কৰিছে।শেহতীয়াকৈ ছবি পৰিচালক ভেংকট প্ৰভুৰ পৰা অতি

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ এখন ফটোৱে এতিয়া সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে।

তামিল চিনেমাৰ ‘থালাপাথী’ৰ পৰা তামিলনাডুৰ ‘জননেতা’ হোৱা চি জোচেফ বিজয় বৰ্তমান চৰ্চাত আছে।তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ লগে লগে তেওঁ সকলো ফালৰ পৰা অভিনন্দন আৰু উপহাৰ লাভ কৰিছে।শেহতীয়াকৈ ছবি পৰিচালক ভেংকট প্ৰভুৰ পৰা অতি বিশেষ নম্বৰ প্লেট লাভ কৰাৰ পিছত,এতিয়া শুকুৰবাৰে বিজয়ে এটা বিশেষ উপহাৰ লাভ কৰিছে। যিটো তেওঁ কেৱল নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে।

দৰাচলতে প্ৰখ্যাত টায়াৰ কোম্পানী এম আৰ এফৰ এটা দলে নতুন মুখ্যমন্ত্ৰী বিজয়ৰ সৈতে সাক্ষাৎ কৰি  তেওঁক ভাৰতীয় কিংবদন্তি ক্ৰিকেটাৰ বিৰাট কোহলিৰ অটোগ্ৰাফী এখন ক্ৰিকেট বেট উপহাৰ দিছিল।এই বিশেষ আৰু অমূল্য উপহাৰ লাভ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী বিজয়ে নিজৰ আনন্দ লুকুৱাব নোৱাৰিলে আৰু, হাঁহি হাঁহি তেওঁ আনকি এই বেটখনৰ সৈতে ফটোৰ বাবেও প’জ দিছে।

শুকুৰবাৰে সচিবালয়ৰ পৰা মুখ্যমন্ত্ৰী বিজয়ৰ কিছু ফটো প্ৰকাশ পোৱাত চচিয়েল মিডিয়াত চৰ্চা চলিছিল।দৰাচলতে এম আৰ এফৰ শীৰ্ষ ব্যৱস্থাপনা দলটোৱে মুখ্যমন্ত্ৰী বিজয়ৰ ওচৰলৈ গৈ তামিলনাডুত তেওঁলোকৰ কাম-কাজ আৰু ব্যৱসায়িক কাৰ্যকলাপৰ বিষয়ে আলোচনা কৰিছিল।বৈঠকৰ সময়ত আনুষ্ঠানিক বাৰ্তালাপৰ অন্তত দলটোৱে বিজয়ক বিৰাট কোহলীৰ অটোগ্ৰাফী এখন ক্ৰিকেট বেট উপহাৰ দিয়ে।অটোগ্ৰাফ থকা বেটখন হাতত লৈ তেওঁ ফটোৰ বাবে প’জ দিয়ে।

লগতে পঢ়ক: ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰেমত বলীউড, পেজ ফল’ কৰিলে কেইবাগৰাকীও তাৰকাই