কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশজুৰি ৱাটাৰ মেট্ৰ সেৱা আৰম্ভ কৰাৰ দিশত ব্যাপক তৎপৰতা প্ৰদৰ্শন কৰিছে
দেশৰ পৰিবহন খণ্ডত এক ঐতিহাসিক বিপ্লৱৰ সূচনা কৰি কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশজুৰি ‘ৱাটাৰ মেট্ৰ’’ সেৱা আৰম্ভ কৰাৰ দিশত ব্যাপক তৎপৰতা প্ৰদৰ্শন কৰিছে । এই অভিলাসী প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ ৰূপায়ণৰ বাবে দেশৰ আন ৫ খন চহৰৰ সৈতে অসমৰ ৰাজধানী চহৰ গুৱাহাটীকো নিৰ্বাচিত কৰা হৈছে । সোমবাৰে (১৮ মে’) অনুষ্ঠিত এক উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকৰ অন্তত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে ।
মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, নগৰীয়া জল-ভিত্তিক ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ বাবে এটা আনুষ্ঠানিক ৰাষ্ট্ৰীয় গাঁথনি প্ৰস্তুত কৰাৰ লক্ষ্যৰে মন্ত্ৰালয়ে ইতিমধ্যে ‘খচৰা ৰাষ্ট্ৰীয় ৱাটাৰ মেট্ৰ’ নীতি, ২০২৬’ আন্তঃ-মন্ত্ৰালয়ৰ পৰামৰ্শৰ বাবে প্ৰেৰণ কৰিছে ।
প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ চহৰসমূহ :
কেৰালাৰ কোচিৰ সফল ৱাটাৰ মেট্ৰ’ প্ৰকল্পৰ আৰ্হিত এই নতুন নেটৱৰ্ক গঢ়ি তোলা হ’ব ।
প্ৰথম পৰ্যায় : গুৱাহাটী, শ্ৰীনগৰ, পাটনা, বাৰাণসী, অযোধ্যা আৰু প্ৰয়াগৰাজ ।
দ্বিতীয় পৰ্যায় : অসমৰ তেজপুৰ আৰু ডিব্ৰুগড় চহৰক দ্বিতীয় পৰ্যায়ত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ কৰা হৈছে ।
কম খৰচ আৰু সেউজ প্ৰযুক্তিৰ ওপৰত গুৰুত্ব :
বৈঠকত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ৱাটাৰ মেট্ৰ’ ব্যৱস্থাত তুলনামূলকভাৱে কম মূলধনী বিনিয়োগৰ প্ৰয়োজন হ’ব, কাৰণ ইয়াত বৰ্তমানৰ নদী বা জলপথসমূহকে ব্যৱহাৰ কৰা হ’ব । ইয়াৰ ফলত নিৰ্মাণ কাৰ্য খৰতকীয়া হ’ব আৰু ভূমি অধিগ্ৰহণৰ প্ৰয়োজনীয়তাও কম হ’ব । বিশেষকৈ বৈদ্যুতিক আৰু হাইব্ৰিড ফেৰী ব্যৱহাৰৰ বাবে ইয়াৰ পৰিচালনা ব্যয় বহু পৰিমাণে হ্ৰাস পাব ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে পৰিৱেশ অনুকূল তথা সেউজ প্ৰযুক্তিৰ ব্যৱহাৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই সেৱাই চহৰৰ পথৰ যান-জঁট হ্ৰাস কৰাৰ লগতে যাত্ৰীসকলক এক আৰামদায়ক যাতায়াতৰ মাধ্যম উপহাৰ দিব । এই ৱাটাৰ মেট্ৰ’ ব্যৱস্থাই দৈনিক যাত্ৰীৰ উপৰি পৰ্যটন খণ্ডকো বিশেষভাৱে লাভান্বিত কৰিব ।
নিৰ্বাচনৰ চৰ্ত আৰু বিত্তীয় মডেল :
প্ৰকল্পটোৰ বাবে সাধাৰণতে ১০ লাখতকৈ অধিক জনসংখ্যা থকা আৰু ধাৰাবাহিক জলপথ থকা চহৰসমূহক অগ্ৰাধিকাৰ দিয়া হ’ব । অৱশ্যে, যিবোৰ দুৰ্গম বা পানীৰে আবৃত অঞ্চলত এই ব্যৱস্থাই সংযোগ ব্যৱস্থা উন্নত কৰিব পাৰে বা বানপানীৰ দৰে বিপৰ্যয়ৰ সময়ত বিকল্প পথ হিচাপে কাম কৰিব পাৰে, সেইবোৰ অঞ্চলৰ বাবে চৰ্তসমূহ শিথিল কৰা হ’ব ।
প্ৰকল্পটো ৰূপায়ণৰ বাবে চৰকাৰে কেইবাটাও বিত্তীয় আৰ্হিৰ কথা বিবেচনা কৰিছে, যাৰ ভিতৰত কেন্দ্ৰ-ৰাজ্যৰ যৌথ পুঁজি, সম্পূৰ্ণ ৰাজ্যৰ পুঁজি, ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (PPP) বা সম্পূৰ্ণ কেন্দ্ৰীয় পুঁজি অন্যতম ।
১৮ খন চহৰৰ সম্ভাৱনীয়তা অধ্যয়ন :
ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণে যোৱা ২০২৫ চনৰ ২৫ ফেব্ৰুৱাৰীতে কোচি মেট্ৰ’ ৰেল লিমিটেডক (KMRL) ১৮ খন চহৰৰ সম্ভাৱনীয়তা অধ্যয়নৰ দায়িত্ব দিছিল । ইতিমধ্যে আটাইকেইটা স্থানতে ক্ষেত্ৰভিত্তিক পৰিদৰ্শন সম্পূৰ্ণ হৈছে আৰু ১৭ খন চহৰৰ খচৰা প্ৰতিবেদন দাখিল কৰা হৈছে । ইয়াৰ ভিতৰত গুৱাহাটী, শ্ৰীনগৰ, পাটনা, বাৰাণসী আৰু অযোধ্যাৰ প্ৰতিবেদন ইতিমধ্যে গ্ৰহণ কৰা হৈছে ।
স্থাপত্যত সামুদ্ৰিক ঐতিহ্যৰ প্ৰতিফলন :
মন্ত্ৰী সোণোৱালে ৱাটাৰ মেট্ৰ’ টাৰ্মিনেলসমূহৰ স্থাপত্য আৰু ডিজাইনত ভাৰতৰ চহকী সামুদ্ৰিক ঐতিহ্য আৰু থলুৱা নিৰ্মাণ সামগ্ৰী ব্যৱহাৰ কৰি আঞ্চলিক পৰিচয় ধৰি ৰাখিবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ উপৰি, জলপথ খণ্ডৰ এই অভূতপূৰ্ব পৰিৱৰ্তন আৰু ইন্ধন ৰাহিৰ গুৰুত্ব সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ ছাত্ৰ-ছাত্ৰী আৰু যুৱ প্ৰজন্মক সক্ৰিয়ভাৱে জড়িত কৰিবলৈ তেওঁ আহ্বান জনায় ।
লগতে পঢ়ক : দেশৰ যাতায়াত খণ্ডত নতুন যুগৰ সূচনা ! ভাৰতৰ প্ৰথমখন বুলেট ট্ৰেনৰ প্ৰথমখন আলোকচিত্ৰ মুকলি









